"কোনে এষাৰ মাত লগাব ?"- বোকাখাতৰ সমৰকলাবিদ বুবুল বৰা...

একালৰ সতীৰ্থ, শিকাৰু,ক্ৰীড়া প্ৰেমীৰ সৈতে এষাৰ কুশল বাৰ্তা বিনিময়ৰ বাবে আশাৰে বাট চাই আছে এই গৰাকী বিশিষ্ট সমৰকলাবিদ, সুদক্ষ খেলুৱৈ আৰু সমৰকলাৰ খ্যাতিমান বিচাৰক বোকাখাতৰ ৪নং ৱাৰ্ড-বৰাগাঁও নিবাসী বুবুল বৰা।
 "কোনে এষাৰ মাত লগাব ?"-  বোকাখাতৰ সমৰকলাবিদ বুবুল বৰা...

ডিজিটেল সংবাদ,বোকাখাত: ৰোগশয্যাত বোকাখাতৰ এগৰাকী বিশিষ্ট সমৰকলাবিদ। একালৰ সতীৰ্থ, শিকাৰু,ক্ৰীড়া প্ৰেমীৰ সৈতে এষাৰ কুশল বাৰ্তা বিনিময়ৰ বাবে আশাৰে বাট চাই আছে এই গৰাকী বিশিষ্ট সমৰকলাবিদ, সুদক্ষ খেলুৱৈ আৰু সমৰকলাৰ খ্যাতিমান বিচাৰক বোকাখাতৰ ৪নং ৱাৰ্ড-বৰাগাঁও নিবাসী বুবুল বৰা।

এটা সময়ত বোকাখাতকেই নহয় সমগ্ৰ গোলাঘাট জিলাখনকেই সমৰকলাৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰিছিল বাবুল বৰাই। কিন্তু বুবুল বৰা দীৰ্ঘদিনৰ পৰা উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ পত্নী আৰু দুটি সন্তানৰ সৈতে অতিবাহিত কৰিব লগীয়া হৈছে এক জটিল সময়।

নিজৰ কৰ্মস্থলীতেই হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমান সমৰকলাবিদ বুবুল বৰা প্ৰায় শয্যাশায়ী। পত্নী আৰু পুত্ৰৰ সহযোগত কোনোমতে খোজ-কাটল কাঢ়িব পৰা বৰাই আৰ্থিক দুৰৱস্থাৰ বাবে বৰ্তমানলৈকে লাভ কৰা নাই উন্নত চিকিৎসা।

বোকাখাতৰ শ্বহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ উপৰিও যোৰহাট মেডিকেল কলেজ চিকিৎসালয়ত কিছুদিন নিজৰ অৰ্থ ভাঙি চিকিৎসা কৰাইছিল । কিন্তু বৰ্তমান সময়ত বিশিষ্ট সমৰকলাবিদ জনক অধিক চিকিৎসাৰ বাবে প্ৰয়োজন যথেষ্ট ধনৰ কিন্তু একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰৰ উপাৰ্জনেৰে সেয়া সম্ভৱ হৈ উঠা নাই বিশিষ্ট সমৰকলাবিদজনৰ বাবে।

উল্লেখযোগ্য যে, ১৯৮৬ চনত মণিপুৰৰ সমৰকলাবিদ ৰাকেশ মিটেইৰ ওচৰত সমৰকলাৰ শিক্ষা গ্ৰহন কৰি ১৯৯১চনত ইম্ফলত ব্লেকবেল্ট, ১৯৯৬চনত নাচিকত 'এ' গ্ৰেড ব্লেকবেল্ট দ্বিতীয় ডান আৰু ১৯৯৮ চনত দিল্লিত তৃতীয় ডান ব্লেকবেল্ট লাভ কৰাৰ উপৰিও ১৯৯৮ চনতে হাৰিয়াণাৰ বালাপুৰত ৪৫ কিলোগ্ৰাম শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ণ আৰু ৰাষ্ট্ৰীয় বিচাৰক হৈছিল বোকাখাতৰ এই গৰাকী সমৰকলাবিদ বুবুল বৰা। লগতে মৰ্চিয়েল আৰ্টছ কোচেৰ 'ফেদাৰেচন অৱ ইণ্ডিয়া'ৰ দ্বাৰা উত্তৰাখণ্ডৰ নাইনিতালত আয়োজিত সদৌ ভাৰত কাৰাটে চেমিনাৰ ২০০৭ত ‘এৱাৰ্ড অব অনাৰ সন্মান লাভ কৰিছিল বুবুল বৰাই।

কিন্তু প্ৰচুৰ প্ৰতিভাধৰ এইগৰাকী খেলুৱৈয়ে আজিও উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ থকাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ বোকাখাতবাসীয়ে।

একালৰ কেইগৰাকীমান শিকাৰুৱে সমৰকলাবিদ গৰাকীক কিছু আৰ্থিক সহযোগিতা আগবঢ়াইছে । কিন্তু বোকাখাত ক্ৰীড়া সন্থা তথা বোকাখাতৰ ক্ৰীড়া উৎসাহি কোনো ব্যক্তি তথা সংগঠনেই আজিলৈকে কোনো ধৰণে সহায় সহযোগ নকৰিলে।

"আমি কাৰোৰে পৰা কোনো সহায় সহযোগিতা লাভ কৰা নাই, আনকি মানুহজনক মাত এষাৰ লগাবলৈও মানুহ এজন নাই"- এই প্ৰতিবেদকৰ আগত এনেদৰে দুঃখ প্ৰকাশ কৰে সমৰকলাবিদ গৰাকীৰ পত্নী ৰুণু বৰাই।

ইফালে তেওঁ জানিবলৈ দিয়া মতে বোকাখাতৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ ওচৰত স্বামীৰ উন্নত চিকিৎসাৰ বাবে আবেদন কৰিছিল । অৱশ্যে বৰ্তমানলৈকে কোনো সহাৰি লাভ কৰা নাই দুৰ্ভগীয়া পৰিয়ালটোয়ে।

আৰু পঢ়ক: ৰাজ্যত পুনৰ ৰেগিং বিতৰ্ক

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in