তাৎক্ষণিক হ'ব বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া...

সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে । ১৪২ অনুচ্ছেদৰ বিশেষ অধিকাৰ প্ৰয়োগ কৰি পতি-পত্নীৰ অনুমতি সাপেক্ষে ৬ মাহ পূৰ্বেই বিবাহ বিচ্ছেদ ঘটাব পাৰিব
supremecourt
supremecourt

ডিজিটেল ডেস্কঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে বিবাহ বিচ্ছেদৰ দৰে ঘটনা । যাৰ ফলত সঘনাই আদালতে সমূহেও বহু সময়ত পাৰিবাৰিক আদালত এই বিষয় নিষ্পত্তিৰ বাবে ব্যস্ত হ’ব লগা হয় । তদুপৰি বিবাহ বিচেছেদ বিচৰা দম্পতিয়ে দীঘলীয়া সময় ধৰি অপেক্ষা কৰিবলগীয়া হয় ।

এই লৈ সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে । ১৪২ অনুচ্ছেদৰ বিশেষ অধিকাৰ প্ৰয়োগ কৰি পতি-পত্নীৰ অনুমতি সাপেক্ষে ৬ মাহ পূৰ্বেই বিবাহ বিচ্ছেদ ঘটাব পাৰিব ।

ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বৰ এক পাঁচজনীয়া বিচাৰপীঠে আজি কয়, আমি কাৰক বোৰ নিৰ্ধাৰণ কৰিছো । লগতে কয় যে আমি মেইনটেইনেছ, এলুমনি, আৰু শিশুৰ অধিকাৰ ক্ষেত্ৰতৰ বিষয়বোৰকো গুৰুত্ব প্ৰদান কৰিছো । আজিৰ বিচাৰপীঠখনত ন্যায়াধীশ সঞ্জীৱ খান্না, এ এছ ওকা, বিক্ৰমনাথ আৰু জে কে মহেশ্বৰীও আছিল।

হিন্দু বিবাহ আইনৰ ধাৰা ১৩বি-ৰ অধীনত নিৰ্ধাৰিত পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদৰ বাবে বাধ্যতামূলক অপেক্ষাৰ ম্যাদ উচ্চতম ন্যায়ালয়ে ৰেহাই দিব পাৰে নেকি এই সন্দৰ্ভত আজি এক শুনানিত গ্ৰহণ কৰিছিল । এই শুনানিত যাতে বিচ্ছেদৰ বিচৰা দম্পতীসকলে দীঘলীয়া ন্যায়িক প্ৰক্ৰিয়াৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিব নালাগে এই সন্দৰ্ভত চলিছিল শুনানি ।

supremecourt
'ভাষাৰ ওজা'ৰ মৃত্যু তিথিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিপত্ৰৰে শ্ৰদ্ধাঞ্জলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in