/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dba00f2f-39d5-4e4b-8f2d-cf94ad5a0f92/AP_FOR_WEB_award.jpg)
'ভাষাৰ ওজা'ৰ মৃত্যু তিথিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিপত্ৰৰে শ্ৰদ্ধাঞ্জলি...
ডিজিটেল ডেস্কঃ ১৯ শতিকাতে অসমীয়া ভাষালৈ অহা সংকট প্ৰতিৰোধ কৰি ‘হেমকোষ’ প্ৰণয়নৰ জৰিয়তে শিলৰ পৰিকাঠামো নিৰ্মাণ কৰি থৈ গ’ল ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱাই। যাৰ বাবেই হেমকোষ বিগত প্ৰায় ডেৰ শতিকাত ভাষাৰ দেউল ৰূপে স্বীকৃত আৰু সৰ্বজন সমাদৃত।
এই হেমকোষ অসমৰ সৰ্বশ্ৰেষ্ঠ, জনপ্ৰিয় তথা সৰ্বাধিক প্ৰচলিত ‘অসমীয়া-ইংৰাজী’ অভিধান। ১৯০০ চনত প্ৰকাশিত হেমকোষৰ চতুৰ্দশ সংস্কৰণটিৰ ভিত্তিত ১২৩ বছৰৰ পিছত সংযোজিত হ’ল নেত্ৰহীনৰ অতিকে প্ৰয়োজনীয় আৰু বিশ্বৰ ভিতৰতে বিৰল অভিধান ৰূপে চিহ্নীত ব্ৰেইল সংস্কৰণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a65c9f09-9e5f-4eb0-8a67-60eeec164bd9/34937e3c_ec75_41dd_9e2f_3fc650ef3835.jpg)
যাৰ জৰিয়তে অসমীয়া জাতি তথা ভাষাৰ দেউলখ্যাত হেমকোষে বিশ্বজনীন স্বীকৃতিয়েই নহয় অভিলেথ গঢ়িবলৈও সক্ষম হ’ল। অসমবাসী তথা হেমকোষ পৰিয়ালৰ বাবে গৌৰৱৰ কথা যে ইতিমধ্যে ‘হেমকোষ প্ৰাণ’ দেৱানন্দ বৰুৱাই সম্পাদনা কৰি যোৱা হেমকোষৰ চতুৰ্দশ সংস্কৰণত ব্ৰেইলৰ সংযোজনে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত ‘লাৰ্জেষ্ট বাইলেংগুৱেল ব্ৰেইল ডিকচনেৰী’ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
আজি ভাষাৰ ওজাগৰাকীৰ ১২৭ সংখ্যক মৃত্যু তিথিৰ দিনটোতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰিলে এই আনুষ্ঠানিক স্বীকৃতি পত্ৰ। এই উপলক্ষে গুৱহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি পত্ৰ প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/064554e3-a574-4621-93fe-b3952c000874/8f44e199_97b9_48ba_b795_0eae42bc6890.jpg)
অসমৰ মহামহিম ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, সামাজিক ন্যায় আৰু সৱলিকৰণ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাৰ্টেন্দু পাণ্ডে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ড০ প্ৰতাপ জ্যোতি সন্দিকৈ, বিশিষ্ট ভাষাবিদ বসন্ত গোস্বামীৰ উপস্থিতিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক প্ৰতিনিধি ঋষি নাথৰ হাতৰ পৰা বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে এই স্বীকৃতি পত্ৰ গ্ৰহণ কৰে ‘হেমকোষ ব্ৰেইল’ৰ প্ৰকাশক আৰু ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক তথা ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই।
এই ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল ৰাজ্যৰ কেইবাগৰাকীও প্ৰাক্তন উপাচাৰ্যকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যাপক, অসম সাহিত্য সভা প্ৰমুখ্যে বিভিন্ন সাহিত্য অনুষ্ঠান, দল-সংগঠনৰ নেতা, সাংবাদিক, শিক্ষাৰ্থীকে ধৰি সৰ্বস্তৰৰ লোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/34931edc-0098-4903-b9e9-b15c4f4b56dc/01a09b6c_de5a_4d53_8c61_c16f129521e3.jpg)
অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় হেমকোষ ব্ৰেইলৰ প্ৰকাশক আৰু অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই কয়, মই মোৰ প্ৰ-পিতামহ, ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱা, পিতৃ তথা ‘হেমকোষ প্ৰাণ’ দেৱানন্দ বৰুৱা দুয়োৰে শ্ৰীচৰণত প্ৰণিপাত জনাইছো । তেখেতসকলৰ ডেৰ শতিকযোৰা ত্যাগ আৰু শ্ৰমৰ ফচল ‘হেমকোষ’ৰ অবিৰত প্ৰকাশৰ বলতেই অসমীয়া জাতি এতিয়াও জ্যোতিষ্মান হৈ আছে ।
অসমীয়া জাতিৰ অস্তিত্বলৈ গভীৰ সংকট নামি অহাৰ সময়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ অভিধান আৰু অসমীয়া ব্যাকৰণ প্ৰণয়নেৰে অসমীয়া ভাষা সাহিত্যৰ স্থায়ী ভেটি নিৰ্মাণ কৰি থৈ গ’ল। সেয়ে যিমানেই সংকট নাহক কিয় ডেৰ শতিকাৰ পিছত আমি এই কথা সকলোৱে অনুভৱ কৰো যে, এইজন পুৰুধা ব্যক্তিৰ মহান কীৰ্তিয়ে অসমীয়া জাতিক যুগ, যুগান্তৰলৈ সমৃদ্ধিশালী কৰি ৰাখিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/825287c9-7927-469d-8925-f125a75f318c/882d64be_0965_4f27_9ed3_2ad09aaa036b.jpg)
তেওঁ কয়, ৭০০ কোটিৰ মানুহৰ বিশ্বৰ ক্ষুদ্ৰতম অংশ অসমৰ অসমীয়াসকলৰ মাজত থকা নেত্ৰহীনৰ বাবে আমিও সামান্যতম সংযোজন ঘটাবলৈ সক্ষম হৈছো। প্ৰপিতামহগৰাকীৰ অমৰ কীৰ্তি হেমকোষত অসমীয়া ভাষাৰ লগতে ব্ৰিটীছক বুজাবলৈ তেখেতে ইংৰাজী প্ৰতিশব্দ আৰু ব্যাখ্যাৰ ব্যৱহাৰ কৰিছিল। সেই অনুপ্ৰেৰণা শীৰত লৈয়েই নেত্ৰহীন সকলক শব্দ আৰু ভাষাৰ জ্ঞানৰ অভাৱৰ পৰা মুক্ত কৰিবলৈ ব্ৰেইল লিপি সংযোজনৰ যি সপোন মই দেখিছিলো, সেয়া বিভিন্নজনৰ সহযোগত সম্ভৱ হৈ উঠিল।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে কয়, আজিৰ দিনটো বিশষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে অতি উল্লেখযোগ্য। তেওঁ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত হেমকোষ ব্ৰেইলে স্থান লাভ কৰাৰ বাবে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা আৰু ইয়াৰ লগত জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। ১৯ শতিকাৰ আৰম্ভণিতে হেমকোষ ৰচনা কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বিশ্ববিদ্যালয়ৰ চৌহদত পাই গুৱাহাটী বিশ্ববিদ্যালয় গৌৰৱান্বিত বুলিও তেওঁ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e4270b1e-0b05-4195-8888-eb159d4c27b3/0beb6afe_5fff_47fd_a06d_4ed50fbe13a6.jpg)
আনহাতে বিশিষ্ট ভাষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড০ বসন্ত গোস্বামীয়ে অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত কয়, আজি অসমীয়া হিচাপে গৌৰৱ কৰা সকলৰ বাবে গৌৰৱ জখলাৰ শিখৰত উঠাৰ বৰণীয় আৰু স্মৰণীয় দিন। হেমচন্দ্ৰই বিচাৰি ফুৰা খোদ অসমখন বিচাৰি পোৱাৰ এক আনন্দৰ দিন। হেমচন্দ্ৰ বৰুৱাই কৈ যোৱা- কষ্ট নকৰাকৈ আৰাম পাব পাৰি কিন্তু আনন্দ পাব নোৱাৰি সেই কথাও স্মৰণ কৰাৰ দিন আজি।
তেওঁ পুনৰ কয়, হেমচন্দ্ৰ বৰুৱা উনবিংশ শতিকাৰ বিষ্ময়বিলাস। উনবিংশ শতিকাতে হেমচন্দ্ৰ বৰুৱাই যিটো কথা জানিছিল ভাৰতৰ ভাষাবিজ্ঞানে সেই কথা জানিছিল ১৯৬০ চনত। এখন অভিধান লিখাৰ আগতে এখন ব্যাকৰণ লিখিব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c5ff35ce-b642-4fdd-aee7-812c5276f089/17fece30_e163_4c5d_83f8_c0beaa3631f5.jpg)
অসমত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনে জাতীয়তাবাদৰ ভেঁটি গঢ়িছিল। অসমীয়া জাতীয়তাবাদ হৈছে আন্দোলন। এওঁলোকেও আন্দোলন কৰিছিল কিন্তু এওঁলোকৰ আন্দোলন আছিল কৰ্ম । এটা মুহূৰ্তও অবাবত নষ্ট কৰা নাছিল।
হেমকোষ ব্ৰেইলৰ সৈতেই অসমীয়া জাতীয়তাবাদ ভাৰতীয় মহাজাতীয়তাবাদলৈ ৰূপান্তৰিত হ'ল। তেওঁ কয়, হেমচন্দ্ৰ বৰুৱা আছিল আপোচবিহীন সমাজ বিপ্লৱী।জ্ঞানমন্দিৰত জ্ঞান শলিতা জ্বলাইছিল হেমচন্দ্ৰ বৰুৱাই। আজি আমাক আৰু এজন হেমচন্দ্ৰ বৰুৱা লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ec3baa51-ab9c-4bc6-a160-5003956153c6/0e298128_2375_407c_90c4_efe9b90a5b7a.jpg)
এই অনুষ্ঠানৰ বিশিষ্ট অতিথি দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাৰ্টেন্দু পাণ্ডেয়ে হেমচন্দ্ৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয়, অসমৰ ইতিহাসত এক স্বৰ্ণীল পৃষ্ঠা যোগ কৰিলে জয়ন্ত বৰুৱাই। ভাৰতৰ শিৰত অসমৰ এক স্বৰ্ণমুকুট পৰিধান কৰালে।
মানুহে নশ্বৰ দেহ ত্যাগ কৰিব পাৰে, জীৱনৰ সমাপ্তি ঘটিব পাৰে কিন্তু এনেধৰণৰ কাৰ্যৰ সমাপ্তি নহয়। যাৰ বাবেই হেমচন্দ্ৰ বৰুৱাদেৱ অমৰ প্ৰত্যেকগৰাকী অসমীয়াভাষীৰ মনৰ মাজত।
মানৱ জাতি পশু হৈও পশু নহয়, আমি পশুত্ব কাহানিবাই অতিক্ৰম কৰি আহিছো। কিয়নো আমাৰ মাজত আছে জ্ঞান, ধৰ্ম । এই জ্ঞানৰ আধাৰ ভাষা, শব্দ। যিদৰে ব্ৰহ্মা অমৰ সেইদৰেই শব্দও অমৰ । যাৰ বাবেই শব্দ ব্ৰহ্ম ।
এই শব্দৰ পূজাৰী আছিল হেমচন্দ্ৰ বৰুৱা। কোষৰ অবিহনে ভাষাৰ সংস্কাৰ সম্ভৱ নহয় । এই ভাষাৰ সংস্কাৰৰ প্ৰক্ৰিয়া অব্যাহত আছে হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ জৰিয়তে।জয়ন্ত বৰুৱাই হেমকোষ ব্ৰেইলৰ জৰিয়তে আমাৰ জীৱনত এক স্থায়ী আলোকৰ ব্যৱস্থা কৰিছে ।
হেমচন্দ্ৰ বৰুৱা, দেৱানন্দ বৰুৱা, জয়ন্ত বৰুৱা পৃথক ব্যক্তিসত্বা নহয়, সংস্কৃতত সন্তানৰ অৰ্থ বিস্তাৰ। ঠিক সেইদৰেই ব্ৰেইল সংস্কৰণো হেমকোষৰ বিস্তাৰ। ইয়াৰোপৰি ভাষণৰ মাজতে তেওঁ নেত্ৰহীন সংস্থাসমূহক বিনামূলীয়াকৈ হেমকোষৰ ব্ৰেইল সংস্কৰণ বিনামূলীয়াকৈ আগবঢ়োৱাৰ বাবে তেওঁ জয়ন্ত বৰুৱাৰ সংবেদনশীলতাক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2cfcea3d-7b3d-4158-bcf8-7630f3667a05/98023336_5d82_4523_8399_53a1abc7f99a.jpg)
অনুষ্ঠানত উপস্থিত থকা ৰাজ্যৰ মহামহিম ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই তেওঁৰ ভাষণত কয়, সমগ্ৰ দেশৰ নেত্ৰশক্তিহীন শিশুসকলৰ তৰফৰ পৰা মই জয়ন্ত বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ কয়, কেৱল শব্দেৰে ধন্যবাদ জ্ঞাপন কৰিলেই নহ'ব। বৰং ভৱিষ্যতে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত পুনৰ আগবাঢ়ি যাব লাগিব।
এই গাম্ভীযপূৰ্ণ অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই প্ৰতিদিন টাইমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। আনহাতে অনুষ্ঠানটোৰ আঁতধৰে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/76990ca5-da9d-4971-b47b-9f2d159f4f2d/1567dee6_4676_411e_bc1f_226eaecdef2f.jpg)
উল্লেখ্য যে, যোৱা ২৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই ইমেইলৰ জৰিয়তে ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ সঞ্চালক ঋষি বৰুৱালৈ হেমকোষ ব্ৰেইলে অভিধানখন বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক অভিধান হিচাপে অভিলেখ গঢ়াৰ বিষয়ে অৱগত কৰিছিল।
সেই উদ্দেশ্যেই হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যু তিথি উপলক্ষে ১ মে’ত আয়োজিত আজিৰ এই বিশেষ অনুষ্ঠানতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/85d1bdfb-b03d-49f6-804e-0e73057e3ab9/be70aa6b_abff_44e6_999a_aebaad7df11d.jpg)
বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক অভিধান হিচাপে স্বীকৃতি লাভ কৰা হেমকোষ ব্ৰেইলত আছে ৯০ হাজাৰ ৪৬০ শব্দ আৰু ১০ হাজাৰ ২৭৯ টা পৃষ্ঠা সম্বলিত সৰ্বমুঠ ২১ টা খণ্ড আৰু ৬ টা উপ-খণ্ড। হেমকোষৰ চতুৰ্দশ সংস্কৰণৰ আৰ্হিত প্ৰকাশ কৰা হেমকোষ ব্ৰেইলখন ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়, দৃষ্টিহীন শিক্ষানুষ্ঠান, ৰাজ্যিক গ্ৰন্থাগাৰ আদিলৈ বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে।
তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৰকাৰী ব্ৰেইল ছপাশাললৈকো এই দ্বিভাষিক অভিধানখন আগবঢ়োৱা হৈছে।১৯ শতিকাতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা হেমকোষ অভিধান ব্ৰিটীছ চৰকাৰৰ তত্বৱধানত ১৯০০ চনত প্ৰথম ছপা আকাৰত প্ৰকাশ পোৱাৰ পাছত তেওঁৰ পুত্ৰ আৰু নাতিয়ে চতুৰ্দশ সংস্কৰণলৈকে প্ৰকাশ আৰু সম্পাদনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a195db26-7e98-483a-9396-92719f67180a/89fc2cb1_e1d7_4f83_8454_2fed3d1f0b6a.jpg)
ইয়াৰ ভিতৰত চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈ জয়ন্ত বৰুৱাৰ পিতৃ দেৱানন্দ বৰুৱাই হেমকোষক পৰিৱৰ্ধিত ৰূপত সম্পাদনা আৰু প্ৰকাশ কৰে যদিও ২০১২ চনত তেখেতেৰ মৃত্যুৰ পাছত চতুৰ্দশ সংখ্যাটি বৰ্তমানলৈকে ৩ বাৰ পুনৰ মুদ্ৰণ কৰা হৈছে।অতি শেহতীয়াকৈ জয়ন্ত বৰুৱাৰ ব্যৱস্থাপনাত কেইবাগৰাকীও বিশিষ্ট ভাষাবিদৰ তত্বাৱধানত হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম বিগত এবছৰে অব্যাহত আছে।
উল্লেখ্য যে, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান অনুষ্ঠানৰ পূৰ্বে পুৱা ৯ বজাত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ভাষাৰ ওজা গৰাকীৰ পূৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তীৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সুদীৰ্ঘ দিন ধৰি এই প্ৰতিমূৰ্তিৰ সন্মুখত বন্তী প্ৰজ্বলন কৰি অহা চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cd5ec70d-6c4a-4ddd-aa62-2b58d4a8b65e/e9106f8c_285c_4f59_80f5_d47c990591a4.jpg)
এই অনুষ্ঠানৰ পাছতে অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱাক সদৌ অসম ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতিয় দল, সংগঠনৰ লগতে আন বহু কেইটা সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানৰ আঁতধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।
Also Read: অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱাক বিভিন্ন দল, সংগঠনৰ সম্বৰ্ধনা...