দ্যা কনক্লেভ ২০২৩ : দেশৰ ৰাজধানীত দাঙি ধৰা হ'ল উত্তৰ-পূব তথা অসমৰ সমস্যা

অনুষ্ঠানৰ অন্তিম পৰ্যায়ত আবেলি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত 'ফেচ টু ফেচ' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
দ্যা কনক্লেভ ২০২৩ : দেশৰ ৰাজধানীত দাঙি ধৰা হ'ল উত্তৰ-পূব তথা অসমৰ সমস্যা

ডিজিটেল ডেস্ক : বিভিন্ন দিশৰ উন্নয়নৰ মাজেৰে যিকোনো ৰাজ্য এখনৰ জাতি আৰু ভেঁটি নিৰ্মাণ হয়। ৰাজ্যখনৰ বিভিন্ন দিশ সামৰি মূল্যায়ন কৰা হয় ৰাজ্যখনৰ অৱস্থা। জাতিৰ সৰ্বাংগীন উত্তৰণ ন'হলে সেই ৰাজ্য বা ৰাজ্যবাসী কোনো ক্ষেত্ৰতে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে।

অসম তথা উত্তৰ-পূবৰ আৰ্থ-সামাজিক মাপকাঠীৰ উত্তৰণ ঘটোৱাৰ মহান উদ্দেশ্যে আগত ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সংবাদ সংস্থা সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰিছিল 'দ্য কনক্লেভ ২০২৩' নামৰ এলানি আলোচনা চক্ৰৰ। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা দেওবাৰলৈকে দেশৰ ৰাজধানী দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত কৰা হৈছিল এই আলোচনা চক্ৰৰ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতি,অৰ্থনীতি,জলবায়ু,ৰাজনীতি,পৰিৱেশ,পাৰিপাৰ্শ্বিকতা ইত্যাদি বিষয় সামৰি দুদিনীয়াকৈ এলানি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল।

নানান সমস্যাৰে জৰ্জৰিত উত্তৰ-পূৰ্বাঞ্চল। সেয়ে উল্লেখিত বিষয়সমূহ সামৰি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গঠনমূলক আলোচনা কৰা হৈছিল। এই অনুষ্ঠানত অসম তথা ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তিসকলে ভাগ লৈছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাহুল গান্ধী,অংগৰাগ পাপন মহন্ত,ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য্য,অৰণ্য মানৱ যাদৱ পায়েং,সাঁতোৰবিদ আস্থা চৌধুৰী,তেজস্বী সূৰ্য বিভিন্ন ৰাজনৈতিক দলৰ মুখপাত্ৰ,ড০ শ্ৰীজিত পাদিনহাটেৰী, ঐশ্বন্যা শৰ্মা,জনমেজো সৰকাৰ আদিকে ধৰি ভালেসংখ্যক সমল ব্যক্তিয়ে 'দ্য কনক্লেভ ২০২৩'ত ভাগ লৈ বিভিন্ন বিষয় সম্পৰ্কে গঠনমূলক আলোচনা কৰে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ আশা-দেশৰ ৰাজধানীত আয়োজিত এই আলোচনা চক্ৰই অসমৰ উন্নয়নৰ বাটত যথেষ্ট উত্তৰণ ঘটাব।

উল্লেখ্য যে, প্ৰথম দিনা দিনৰ ১১ বজাত নিৰ্মলা সীতাৰমণে অনুষ্ঠানৰ উদ্বোধন কৰি 'সাদিন-প্ৰতিদিন গোষ্ঠী'য়ে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ মৰ্যদাক বজাই ৰখাৰ বাবে শলাগ লয়। ইয়াৰ পিছতে ১২-১৫ বজাৰ পৰা প্ৰথমখন একক আলোচনা সত্ৰ অনুষ্ঠিত কৰা হৈছিল। এই আলোচনা চক্ৰত ভাগ লৈছিল ভাৰতীয় জনতা যুৱ মঞ্চৰ সভাপতি তেজস্বী সূৰ্যই।

২-১৫ মিনিটৰ পৰা অনুষ্ঠিত কৰা হৈছিল 'জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন' শীৰ্ষক আলোচনা সত্ৰ। এই আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত আছিল পদ্মশ্ৰী যাদৱ পায়েং, আৰ্থফুল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা পৰিৱেশ কৰ্মী শ্বেতা মহন্ত, বন্যপ্ৰাণী জীৱবিজ্ঞানী পূৰ্নিমা দেৱী বৰ্মন আৰু পৰিৱেশ বিজ্ঞানৰ গৱেষণা সহযোগী অধ্যাপক শান্তনু গোস্বামী।

আনহাতে বিয়লি ৩-৩০ বজাত অনুষ্ঠিত কৰা হৈছিল সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ সৈতে একক আলোচনা চক্ৰ। এই আলোচনা সত্ৰৰ অন্ত পৰাৰ পাছতে বিয়লি ৪-৩০ বজাৰ পৰা 'আঞ্চলিক মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত' শীৰ্ষক আলোচনা সত্ৰৰ আয়োজন কৰা হৈছিল।

এই আলোচনাত সমল ব্যক্তি হিচাপে উপস্থিত আছিল অভিনেত্ৰী সীমা বিশ্বাস, ছবি পৰিচালক জাহ্নু বৰুৱা। তেওঁলোকে বিষয়বস্তু সন্দৰ্ভত বিভিন্ন গঠনমূলক বক্তব্য দাঙি ধৰিছিল। সন্ধিয়া ৫-৩০ বজাৰ পৰা বলিউডৰ বিখ্যাত পৰিচালক,চিত্ৰনাট্যকাৰ ইমটিয়াজ আলীৰ সৈতে একক সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছিল। আঁত ধৰিছিল প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। 

ইফালে দেওবাৰে অনুষ্ঠানৰ অন্তিম তথা দ্বিতীয় দিনা ৰাজনীতি,অৰ্থনীতি, ক্ৰীড়া,সমাজ আদি বিভিন্ন দিশত আলোচনা কৰা হয়। দ্বিতীয় দিনাৰ প্ৰথমটো কাৰ্যসূচী 'ফেচ টু ফেচ' শীৰ্ষক অনুষ্ঠান পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লয় সাংসদ ৰাহুল গান্ধীয়ে।

ইয়াৰ পিছতেই ১১.৪৫ বজাৰ পৰা আৰম্ভ হোৱা 'উত্তৰ পূৰ্বাঞ্চলৰ খেলৰ সপোন' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য, সাঁতোৰবিদ আস্থা চৌধুৰী আৰু ক্ৰীড়া সাংবাদিক তথা ধাৰাভাষ্যকাৰ প্ৰীতি দাহিয়াই।

ইফালে ১২.৪৫ বজাৰ পৰা আৰম্ভ হয় বিশেষ আলোচনা চক্ৰ। এই আলোচনাত অংশগ্ৰহণ কৰে প্ৰদ্যূৎ মানিক্য দেৱ বৰ্মা, সঞ্জয় হাজৰিকা, সমুজ্জল ভট্টাচাৰ্য আৰু চেমুৱেল বি জুৱাৰাই। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা 'ইণ্ডিয়া বনাম এন ডি এ' শীৰ্ষক আলোচনা চক্ৰ য'ত উপস্থিত থাকে গৌৰৱ ভাটিয়া, কে চি ত্যাগী আৰু প্ৰিয়ংকা কক্কৰ।

আনহাতে অনুষ্ঠানৰ অন্তিম পৰ্যায়ত আবেলি  ৪.৩০ বজাৰ পৰা অনুষ্ঠিত 'ফেচ টু ফেচ' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সাদিন-প্ৰতিদিন গোষ্ঠীয়ে দুদিনীয়াকৈ আয়োজন কৰা 'দ্য কনক্লেভ ২০২৩'ৰ অন্তিমটো কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় সন্ধিয়া  ৬.৩০ বজাৰ পৰা।

'চন্দ্ৰযান ৩ আৰু আদিত্য এল১ : মিছন' শীৰ্ষক আলোচনা চক্ৰখনিত উপস্থিত থাকে ড০ শ্ৰীজিত পাদিনহাটেৰী (এমচিএনএছৰ সহকাৰী অধ্যাপক), ড০ ঐশ্বন্যা শৰ্মা (সহকাৰী অধ্যাপক, বাহোনা মহাবিদ্যালয়), জনমেজো সৰকাৰ (জ্যেষ্ঠ গৱেষক, আই.ইউ.চি.এ.এ., পুনে), ড০ সাৰগ শইকীয়া (এম.ডি. আৰু মুখ্য প্ৰযুক্তিবিদ, স্পেচফাৰিং টেকন'লজিচ) । এই এলানি আলোচনা চক্ৰখনৰ অন্তত দ্বিতীয়বাৰৰ বাবে দিল্লীত অনুষ্ঠিত কৰা 'দ্য কনক্লেভ ২০২৩''ৰ আনুষ্ঠানিকভাৱে অন্ত পৰে। 

দ্যা কনক্লেভ ২০২৩ : দেশৰ ৰাজধানীত দাঙি ধৰা হ'ল উত্তৰ-পূব তথা অসমৰ সমস্যা
শান্তি, উন্নয়ন চাবলৈ ৰাহুল গান্ধীয়ে উত্তৰ-পূৱ ভ্ৰমণ কৰিব লাগেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in