শান্তি, উন্নয়ন চাবলৈ ৰাহুল গান্ধীয়ে উত্তৰ-পূৱ ভ্ৰমণ কৰিব লাগেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

 শান্তি, উন্নয়ন চাবলৈ ৰাহুল গান্ধীয়ে উত্তৰ-পূৱ ভ্ৰমণ কৰিব লাগেঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব

ডিজিটেল ডেস্কঃ  দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিৰ পঞ্চমটো আলোচনা চক্ৰত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন কৰে যে, ৰাহুল গান্ধীৰ মতে বিজেপিক ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলে আচৰিত কৰি তুলিব। আপুনি কি ভাৱে?

উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাহুল গান্ধীয়ে ছেফলজি (নিৰ্বাচনৰ ফলাফল, সংখ্যা আদি অনুমান কৰা) ব্যৱসায়ত যোগদান কৰিছে নেকি। তাৰপাছতে তেওঁ কয় যে, ৰাহুল গান্ধীয়ে জনতাক সদায় দমাই ৰাখিব বিচাৰে। ৰাজনীতিত কোনো আচৰিত কথা সংঘটিত নহয়। অৱশ্যে চাৰপ্ৰাইজ হ'ব চন্দ্ৰ আৰু মংগলত।

ভাৰতীয় লোকসকল বহুত বেছি স্থিৰ আৰু ৰাজনৈতিকভাৱে সংবেদনশীল। মানুহে তেওঁলোকৰ সময়ৰ আগতে চিন্তা কৰে। গতিকে জনতাই আমাৰ চৰকাৰক দেখিছে। সেই মতেহে তেওঁলোক আগবাঢ়িব।

হিন্দুত্ব, ৰাষ্ট্ৰীয়বাদ, হিতাধিকাৰীয়ে এন ডি এক এইবাৰো অপ্ৰতিৰোধ্য কৰিব নেকি?

মই ভাবো ২০১৪, ২০১৯ তকৈ ২০২৪ চনত বিজেপিৰ ফলাফল শ্ৰেষ্ঠ হ'ব। মোডীজীৰ জনপ্ৰিয়তাই ফলাফল ইতিবাচক কৰিব। এতিয়াই নকও কিমান আসন লাভ কৰিম, কিন্তু ভাল হ'ব।

ঘৃণা নতুন ৰাজনৈতিক নিয়ম নেকি?

মই ভাৱো তেনে একো কথা নাই। এয়া সংবাদ মাধ্যমবোৰৰ বাবে টিআৰপি লাভ কৰাৰ উত্তম সময়। বৰ্তমান দেশত কেইবাটাও নিউজ চেনেল আছে। গতিকে যি চাই মানুহে ভাল পাই তাতহে টিআৰপি বেছি হ'ব। লগতে এয়াও কয় যে, ভাৰতত ঘৃণাৰ স্থান নাই। ইয়াত কেৱল প্ৰেম আছে।

ৰাহুল গান্ধীয়ে 'মহব্বত কা দুকান' বুলি কোৱা মন্তব্যৰ ওপৰত শৰ্মাই কয় যে, মহব্বতৰ কেতিয়াও দোকান হ'ব নোৱাৰে। প্ৰেম স্বাস্বত। কিন্তু ৰাহুলে সদায় ভুলেই কয়।যদি মহব্বত বুলি কয় তেন্তে সেয়া ভোটৰ বাবে।

ৰাহুল গান্ধীয়ে ৰেল ষ্টেচনত চুটকেজ মূৰত লোৱা সন্দৰ্ভত শৰ্মাই কয় যে, তেওঁ ৰেল ষ্টেচনলৈ খালী চুটকেচ কঢ়িয়াইছে। যদি আপুনি শ্ৰমিকসকলৰ মৰ্ম-বেদনা অনুভৱ কৰিব বিচাৰিছে তেন্তে একেলগে আহাৰ গ্ৰহণ কৰক। কিন্তু চুটকেছ লৈ কিয় প্ৰমাণ কৰিলে যে আপুনি শ্ৰমিকসকলৰ দৰে শক্তিশালী। যেতিয়া মানুহৰ দুখ-বেদনাৰ কথা আহে তেতিয়া অভিনয় কৰিব নালাগে।

বিজেপিয়ে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিছে নেকি?

মই কেতিয়াও সংবাদ মাধ্যম নিয়ন্ত্ৰণ কৰিব নোৱাৰো। । মোৰ বিৰুদ্ধে কোনোবাই লিখিলে মই এনজয় কৰো। অসমৰ সংবাদ মাধ্যম শাসকীয় দলৰ প্ৰভাৱত নাথাকে। কংগ্ৰেছৰ শাসনকালত অসমত সংবাদ মাধ্যমত চেঞ্চৰশ্বিপ প্ৰৱৰ্তন কৰা হৈছিল। আমি ১৯৭৪ ৰ পুনৰাবৃত্তি নকৰো। আনকি জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ৰাণ বাতিল কৰাৰ সময়তো বিজেপিয়ে সংবাদ মাধ্যমত কোনো নিয়ন্ত্ৰণ কৰা নাছিল।

আগন্তুক নিৰ্বাচন সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ কয় যে, মধ্যপ্ৰদেশত বিজেপিয়ে ১৫০ খন আসনৰ সৈতে জয় লাভ কৰিব। সমান্তৰালকৈ ৰাজস্থানতো জয় লাভ কৰিব , অৱশ্যে চট্টীশগড়ত যুঁজ হব। ইয়াৰ প্ৰমাণ দিল্লী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলে দিছে বুলি কয় শৰ্মাই ।

আপুনি নেডাৰ আহ্বায়ক হৈ কিয় মণিপুৰ সন্দৰ্ভত মনে মনে থাকিল

মণিপুৰ আমাৰ চুবুৰীয়া ৰাজ্য। অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও অন্য ৰাজ্যৰ আভ্যন্তৰীণ সংঘাতৰ ওপৰত মাত নামাতে।যিকোনো ভুল পদক্ষেপে অসমৰ আৰু মণিৰপুৰৰ মাজৰ সম্পৰ্ক বেয়া কৰিব পাৰে। কিন্তু মুখ্যমন্ত্ৰীসকল যোগাযোগত আছিল। অসমে ডাঙৰ ভাতৃৰ দৰে সদায় কাম কৰে। মোৰ কাম হৈছে মণিপুৰৰ দুয়োখন আসনত বিজেপিয়ে জয় লাভ কৰাটো নিশ্চিত কৰা।

ৰাহুল গান্ধীক উত্তৰ-পূৱ ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাই শৰ্মাই কয় যে, ৰাহুল গান্ধীয়ে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰিৱৰ্তন চাবলৈ ভ্ৰমণ কৰা উচিত। উত্তৰ-পূৱৰ ৰাস্তা, ৰেলৱে, উত্তৰ-পূৱৰ জনতাৰ শান্তিময় পৰিৱেশ চাবলৈ তেওঁ অহা উচিত।

এটা সময় আছিল যেতিয়া বৰদোৱা সত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰিয়াল আছিল। কিন্তু তাত একো উন্নয়ন নাছিল। কিন্তু মই শূন্যৰ পৰা আৰম্ভ কৰিছো। পূৰ্বৰ দৰে এতিয়া নহয়। এতিয়া বৰদোৱাৰ ৰাজপথ জিকমিকাই আছে। বৰদোৱা সত্ৰই বদৰুদ্দিন আজমলৰ পৰা আৰ্থিক সাহায্য ল'ব লগা হৈছিল। আমি সেইটো সলনি কৰিছো। আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো যে আমি কেতিয়াও এনে "উপাদান"ৰ পৰা ভৱিষ্যতে সহায় লব নালাগে।

মই এজন ব্যক্তিৰ শ্ৰেষ্ঠতা বুজি পাঁও। কিন্তু গোটেই পৰিয়ালক দেৱতাৰ দৰে উপাসনা কৰিব নোৱাৰে। গান্ধী পৰিয়ালৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল তেওঁলোকে পৰিয়ালটোক ৰাষ্ট্ৰৰ ওপৰত, ধৰ্মৰ ওপৰত আৰু সকলোবোৰৰ ওপৰত ৰাখে।

আজিলৈকে ২১ লাখ লোক বায়োমেট্ৰিক সুবিধাত ভুগিআছে। কিয়?

আমি বায়োমেট্ৰিক খুলিব পাৰোঁ কিন্তু সেইবোৰক হঠাতে নাগৰিক হিচাপে নিয়মীয়া কৰিব নোৱাৰো। আমি তাৰ ওপৰত কাম কৰি আছো।

কালি আমি ইভিত ৩৯০০ কোটি স্বাক্ষৰ কৰিছিলো। অসমক এতিয়া উন্নয়নৰ পৰা বাধা দিয়াটো কঠিন হ'ব। এইটো অনিবাৰ্য হ'ব। অসমৰ মুদ্ৰাস্ফীতি দেশৰ ভিতৰতে আটাইতকৈ কম। কেইটামান সন্দেহজনক বাতৰি চেনেল আৰু ছ'চিয়েল মিডিয়া একাউণ্টৰ বাহিৰে, অসম উৎসৱৰ মেজাজত আছে। অহা ৫ বছৰৰ ভিতৰত অসম দেশৰ শীৰ্ষ ৫ খন অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্যৰ তালিকাত থাকিব।

তেওঁ কয় যে, কালি আমি ৩৯০০ কোট টকাৰ চুক্তি স্বাক্ষৰ কৰিছিলো। অসমক এতিয়া উন্নয়নৰ পৰা বাধা দিয়াটো কঠিন হ'ব। অসমৰ মুদ্ৰাস্ফীতি দেশৰ ভিতৰতে আটাইতকৈ কম। কেইটামান সন্দেহজনক বাতৰি চেনেল আৰু ছ'চিয়েল মিডিয়া একাউণ্টৰ বাহিৰে, অসম উৎসৱৰ মেজাজত আছে। অহা ৫ বছৰৰ ভিতৰত অসম দেশৰ শীৰ্ষ ৫ খন অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্যৰ তালিকাত থাকিব।

 শান্তি, উন্নয়ন চাবলৈ ৰাহুল গান্ধীয়ে উত্তৰ-পূৱ ভ্ৰমণ কৰিব লাগেঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
পৰিচয় ৰক্ষাৰ বাবে অহিংসা আৰু অস্ত্ৰ সংগ্ৰাম চলি আছে, আমি শান্তি বিচাৰোঃ সমুজ্জ্বল ভট্টাচাৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in