এসময়ত অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৰ আধিপত্য চলিব...
এসময়ত অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৰ আধিপত্য চলিব...

এসময়ত অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৰ আধিপত্য চলিব...

ডিজিটেল ডেস্কঃ ''আগন্তুক সময়ত অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ আধিপত্য চলিলেও আমি আচৰিত নহম।'' এই মন্তব্য সুদীৰ্ঘদিন ধৰি ক্ৰীড়া সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা প্ৰীতি দহিয়াৰ।

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ দ্বাৰা দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত 'দ্যা কনক্লেভ-২০২৩'ৰ দ্বিতীয় দিনৰ দ্বিতীয়খন আলোচনা চক্ৰত ''উত্তৰ পূব ভাৰতৰ ক্ৰীড়াৰ সপোন'' শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা হৈ যায়। এই আলোচনাত অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা টকিঅ' আৰু বেইজিং অলিম্পিকৰ ভাৰতৰ 'ছীফ দ্যা মিছন' হিচাপে দায়িত্ব পালন কৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য, ক্ৰীড়া সাংবাদিক প্ৰীতি দহিয়া আৰু প্ৰতিভাৱান সাঁতোৰবিদ তথা নেশ্যনেল চেম্পিয়ন আস্থা চৌধুৰীয়ে।

প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই সঞ্চালনা কৰা এই আলোচনাৰ আম্ভণিতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই টকিঅ' অলিম্পিকৰ স্মৃতি ৰোমন্থন কৰি কয়, সেই সময়ত সাংবাদিকে অলিম্পিকত কোনে কোনে পদক লাভ কৰিব বুলি প্ৰশ্ন কৰাত সকলোৱে পি ভি সিন্ধু, মেৰী কম, হকী দল লগতে আন আন এথলিটৰ নাম কৈছিল যদিও লাভলীনা বৰগোহাঁইৰ নাম কোনেও উচ্চাৰণ কৰা নাছিল।

যিদিনা লাভলীনাই অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল সেইদিনা কান্দি কান্দি মোৰ ওচৰলৈ দৌৰি আহিছিল। মই কৈছিলো তুমি ইতিহাস ৰচনা কৰিলা লাভলীনা। তুমি অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া। সেই লাভলীনাই এইবাৰ এছিয়ান গেমছত ভাৰতৰ নেতৃত্ব বহন কৰিছে। ভাৰতীয় পতাকা লৈছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে এয়া গৌৰৱৰ বিষয়। আগন্তুক সময়ত লাভলীনা বৰগোহাঁয়ে পেৰিছ অথবা তাৰ পাছৰ অলিম্পিকত দেশৰ পতাকা বহন কৰিব।

ইফালে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনি সন্দৰ্ভত তেওঁ কয়, ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনিয়ে প্ৰাপ্তবয়স্ক ৰূপ ধাৰণ কৰিছে। মণিপুৰত ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় আছে। কেৱল সেয়াই নহয়, এতিয়া ভাৰতীয় খেলুৱৈৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈয়ে কমলৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিকত আধিপত্য বিস্তাৰ কৰিছে।

আনহাতে এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, খেলুৱৈক অলিম্পিক পদকেই তেওঁৰ চূড়ান্ত লক্ষ্য বুলি মূৰত সোমোৱাই দিব লাগে। এছিয়ান গেমছত পদক পালেই সকলো পোৱাৰ দৰে হ'ব নালাগে। বাকী টুৰ্ণামেণ্টত পদক পালেও তেওঁৰ মূল লক্ষ্য অলিম্পিক বুলি পাহৰি যাব নালাগে। তেওঁ কয়, অসমৰ ল'ৰায়ো ভাবিব লাগে পি ভি সিন্ধুৱে যদি অলিম্পিকত দুটা পদক পাব পাৰে তেন্তে ময়ো লাভ কৰিব পাৰিম।

ইফালে সুদীৰ্ঘ ২০ বছৰ ধৰি ক্ৰীড়া সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা প্ৰীতি দহিয়াই কয়, ২০০৪,০৫, ০৬ ৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা ক্ৰীড়া ক্ষেত্ৰত এটাই নাম চৰ্চাত আছিল মেৰী কম। তেওঁৱেই স্বীকৃতি লাভ কৰিছিল। এতিয়া পৰিস্থিতি সলনি হ'ল। এতিয়া ভাৰতৰ অলিম্পিক পদক জয়ৰ সপোন উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ অবিহনে অসম্পূৰ্ণ।

তেওঁ কয়, টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক আছিল মীৰা বাঈ চানুৰ। তাৰ পাছতে আমি উত্তৰ পূৰ্বাঞ্চললৈ আমাৰ সাংবাদিক পঠিয়াইছিলো। উত্তৰ পূৰ্বাঞ্চলৰ ছোৱালীয়ে, খেলুৱৈয়ে আমাক উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে জানিবলৈ বাধ্য কৰায়।

লাভলীনাই অলিম্পিকত পদক পোৱাৰ সময়তো আমি আমাৰ সাংবাদিক অসমলৈ পঠিয়াইছিলো।সেই সাংবাদিকগৰাকীয়ে পিছত ENBA ৰ বঁটা লাভ কৰিছিল। তেওঁ মণিপুৰ আৰু স্প'ৰ্টছ কালছাৰ ইন মণিপুৰ বিষয়ৰ প্ৰতিবেদনৰ বাবে এই বঁটা লাভ কৰিছিল।

তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ বাবে ৰাজ্য ত্যাগ কৰি বহিঃৰাজ্য অথবা বিদেশলৈ যাবলৈ বাধ্য কৰোৱা হয়। কিন্তু আগন্তুক সময়ত এই পৰিৱেশ সলনি হ'ব। অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ আধিপত্য চলিলেও মই আচৰিত নহও।

ইফালে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াক অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত কয়, এয় এক সুন্দৰ পদক্ষেপ কিন্তু কাকো খেলিবলৈ বাধ্য কৰাব নোৱাৰি। উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়া সংস্কৃতিৰ এক অংশ। ইয়াৰ বাবেই অঞ্চলটোৰ পৰা ক্ৰীড়া প্ৰতিভা ওলাই আহিছে।

হাৰিয়ানাত খেলক বিকল্প হিচাপে লোৱা হয়। পঢ়া নহ'লে খেলুৱৈ হ'ব বুলি ধৰি লোৱা হয়। তেওঁ কয়, প্ৰতিখন ৰাজ্যই একোটাকৈ খেল এডপ্ট কৰিব লাগে। উৰিষ্যাই যিদৰে হকীক কৰিছে।

হাৰিয়ানাত আপুনি প্ৰতিখন গাঁৱত বক্সিং একাডেমী দেখিব। তাৰ পৰা বক্সাৰ সৃষ্টি হৈছে। মল্লযুঁজাৰু সৃষ্টি হৈছে। আই এছ এলত উত্তৰ পূৰ্বাঞ্চলৰ ৫০ ৰো অধিক খেলুৱৈ আছে। সেয়েহে সকলো ৰাজ্যই একোটাকৈ খেলক এডপ্ট কৰিলে অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি পাব বুলিও তেওঁ কয়।

ক্ৰীড়াক পেছা হিচাপে লোৱাৰ সন্দৰ্ভত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই কয়, দিল্লীৰ অশোক হোটেলত অসমৰ ক্ৰীড়াৰ বিষয়ে আলোচনা হৈছে। এয়াই এক ডাঙৰ বাৰ্তা। দীপাংকৰ ভট্টাচাৰ্য অসমৰ প্ৰথম অলম্পিয়ান আছিল। তেওঁ প্ৰথম বেডমিণ্টন খেলুৱৈ আছিল যি অলিম্পিকত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত উপনীত হৈছিল।

সেই বাবেই তেওঁক হীতেশ্বৰ শইকীয়া চৰকাৰে এখন মাৰুতী ৮০০ উপহাৰ দিছিল। সেই মাৰুতী-৮০০ খন আমাৰ সপোন আছিল। এই সপোনেই আমাক অনুপ্ৰাণিত কৰিছিল। শিৱসাগৰৰ পুখুৰীত সাঁতুৰি আস্থা চৌধুৰী আহি নেশ্যনেল চেম্পিয়ন হৈছে। অসমত যি সম্পদ আছে তাৰ মাজেৰেই লাভলীনা, হিমা ওলাই আহিছে। সেয়েহে আৰু খেলুৱৈ ওলাই আহিবলৈ সময় লাগিব। অসমত আন্তঃগাঁথনি আছে।

ইয়াৰোপৰি ভট্টাচাৰ্যই কয়, অসমত প্ৰতিভা সকলোতে আছে। খেলক পগলাৰ দৰে ভালপোৱা এচাম মানুহো আছে। যি সদায় খেল পথাৰলৈ আহে । এই লোকসকলেই প্ৰকৃত ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰে।

এখন গাঁৱৰ খেলৰ পৰিৱেশ সলনি কৰিবলৈ বহুত টকা নালাগে। মাত্ৰ ২৫০০ টকাত এখন গাঁৱৰ খেলৰ পৰিৱেশ সলনি কৰিব পাৰি। তেওঁ কয় আমি দেশৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈসকলে যি সুবিধা লাভ কৰি আছে সেই সুবিধাসমূহ তলৰ প্ৰতিভাৱান খেলুৱৈসকলে পোৱাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা চলাই আছো। প্ৰতিভা থাকিলে এতিয়া সুবিধা পাবই।

ইফালে প্ৰতিভাৱান সাঁতোৰবিদ আস্থা চৌধুৰীয়ে কয়, বিগত ৫/৬ বছৰত অসমত খেলক অধিক গুৰুত্ব দিয়া হৈছে। আগতে খেলুৱৈক যি সন্মান দিয়া হৈছিল তাতকৈ এতিয়া বহু সন্মান লাভ কৰে।

তেওঁ কয়, আগতে শিৱসাগৰ পুখুৰীত সাঁতোৰিছিলো। আমাৰ তাত ছুইমিং পুল নাছিল। দিল্লীত এতিয়া যিবোৰ সুবিধা লাভ কৰিছো সেইবোৰ সুবিধা অসম নাই। দিল্লী আহি গম পালো এগৰাকী খেলুৱৈক কিমান সামগ্ৰী লাগে।

এসময়ত অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাৰ আধিপত্য চলিব...
'আমি ভাৰতক সুৰক্ষা দিবলৈ যুঁজ দিছো সেয়ে আমাৰ গোটৰ নাম INDIA ৰাখিছো'- ৰাহুল গান্ধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in