'আমি ভাৰতক সুৰক্ষা দিবলৈ যুঁজ দিছো সেয়ে আমাৰ গোটৰ নাম INDIA ৰাখিছো'- ৰাহুল গান্ধী...

'আমি ভাৰতক সুৰক্ষা দিবলৈ যুঁজ দিছো সেয়ে আমাৰ গোটৰ নাম INDIA ৰাখিছো'- ৰাহুল গান্ধী...
'আমি ভাৰতক সুৰক্ষা দিবলৈ যুঁজ দিছো সেয়ে আমাৰ গোটৰ নাম INDIA ৰাখিছো'- ৰাহুল গান্ধী...

ডিজিটেল ডেস্কঃ ''২১ শতিকাৰ ভাৰতত যোগাযোগৰ মাধ্যমসমূহ বিজেপিয়ে ধৰি ৰাখিছে। এই সময়ত ভাৰতৰ জনসাধাৰণৰ সৈতে এই যোগাযোগ মাধ্যমসমূহৰ জৰিয়তে কথা পতা অসম্ভৱ। সেয়ে ভাৰত জোড় যাত্ৰাৰ প্ৰয়োজন হৈ পৰিছিল।''-সাদিন প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা আয়োজিত 'দ্যা কনক্লেভ-২০২৩' ৰ দ্বিতীয় দিনৰ প্ৰথমটো অনুষ্ঠানত এই মন্তব্য কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ।

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সঞ্চালক ঋষি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰিলে ৰাহুল গান্ধীৰ। লাডাখৰ বাইক ৰাইডৰ কথাৰে আৰম্ভ হোৱা এই সাক্ষাৎকাৰত পৰ্যায়ক্ৰমে ভাৰত জোড়ো যাত্ৰা, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ভূমিকা, কেইবাখনো ৰাজ্যৰ নিৰ্বাচন, জাতিগত পিয়ল, নাৰী সুৰক্ষা বিল, ২০২৪ ৰ লোকসভা নিৰ্বাচন, INDIA গোট মণিপুৰকে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

সুদীৰ্ঘ ৬ বছৰৰ মূৰত এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰগহণ কৰা ৰাহুল গান্ধীক প্ৰথমে ধন্যবাদ জনাই ঋষি বৰুৱাই লাডাখৰ বাইক ৰাইড সম্পৰ্কে কিদৰে তেওঁৰ মনলৈ চিন্তা আহিল আৰু এই চিন্তা ভাৰত জোড়ো যাত্ৰাৰে অংশ নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, এই ৰাইডৰ জৰিয়তে লাডাখৰ জনতালৈ মূলতঃ দুটা বাৰ্তা দিব বিচাৰিছিলো। প্ৰথম বাৰ্তাটো আছিল যোগাযোগৰ বাবে পথৰ অৱস্থা বেয়া হলেও লাডাখৰ যিকোনো কোণত উপস্থিত হোৱাৰ পৰা আমাক স্তব্ধ কৰিব নোৱাৰে।

এই যাত্ৰাৰ জৰিয়তে লাডাখৰ লগতে ভাৰতবাসীলৈ আমাৰ আন দ্বিতীয়টো বাৰ্তা আছিল দেশৰ সকলো মানুহে যাতে লাডাখ ভ্ৰমণ কৰে। লাডাখ ধুনীয়া। লাডাখৰ মটৰচাইকেল পথ সুন্দৰ। এই ৰাইড আছিল ভাৰত জোড়ো যাত্ৰাৰে এক অংশ। এয়া মানুহৰ সৈতে যোগাযোগ স্থাপনৰ এক বিকল্প পদ্ধতি।

এইদৰে যাত্ৰা কৰিলে শাৰীৰিক ভাৱে সকলো লোকক লগ পোৱা যায়। মানুহৰ সৈতে আলিংগন কৰা হয়, ছেলফী লোৱা হয়।এয়া এক অনন্য অনুভৱ। ইয়াৰোপৰি তেওঁ কয়, পিতৃ ৰাজীৱ গান্ধীয়ে কৈছিল লাডাখৰ পেংগল হ্ৰদ বহু ধুনীয়া। এইবাৰ যোৱা নহ'ল। পথৰ অৱস্থা বহু বেয়া। পৰৱৰ্তী সময়ত লাডাখৰ সকলো স্থানলৈ যাম।

ভাৰত জোড়ো যাত্ৰাৰ চিন্তা মনলৈ কিদৰে আহিল আৰু এই যাত্ৰাৰ পৰা ৰাজনৈতিক আৰু ব্যক্তিগত শিক্ষা কি লাভ কৰিলে বুলি বৰুৱাই কৰা এক প্ৰশ্নত তেওঁ কয়, ২১ শতিকাৰ ভাৰতত যোগাযোগৰ মাধ্যমসমূহ বিজেপিয়ে ধৰি ৰাখিছে। এই সময়ত ভাৰতৰ জনসাধাৰণৰ সৈতে এই যোগাযোগ মাধ্যমসমূহৰ জৰিয়তে কথা পতা অসম্ভৱ। সেয়ে ভাৰত জোড় যাত্ৰাৰ প্ৰয়োজন হৈ পৰিছিল।

মানুহৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ বাবে ৰাজহুৱা সভা, সমিতিলৈ যোৱাৰ যি আৰম্ভণি মহাত্মা গান্ধীয়ে কৰিছিল সেই পুৰণিকলীয়া ব্যৱস্থাটোৰ গুৰুত্ব এতিয়াও আছে। বিজিপি আৰু বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত সংবাদ মাধ্যমে যিমানেই আমাৰ ভাষ্য বিকৃত কৰাৰ বাবে শক্তি প্ৰয়োগ নকৰক কিয় এই সভা, সমিতিলৈ যোৱা ব্যৱস্থাটোৱে মানুহৰ সৈতে প্ৰত্যক্ষ ভাৱে কথা পতাৰ কাম কৰে।

তেওঁৰ মতে এই সমস্যা কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই সন্মুখীন হৈছে। ভাৰত জোড়ো যাত্ৰাৰ পৰা লাভ কৰা তেওঁৰ এয়া এক ৰাজনৈতিক শিক্ষা। আনহাতে তেওঁ ভাৰত জোড়ো যাত্ৰাৰ পৰা ব্যক্তিগত ভাৱে আন এক শিক্ষা লাভৰ কথা উল্লেখ কৰে। তেওঁ কয়, মানুহে ভাবে নিজৰ নিৰ্দিষ্ট সীমাবদ্ধতা আছে কিন্তু আচলতে মানুহৰ কোনো সীমাবদ্ধতা নাই। মানুহে কল্পনা কৰাতকৈ তেওঁৰ সীমাবদ্ধতা বহু বেছি।

ইয়াৰোপৰি তেওঁ জাতিগত পিয়লৰ প্ৰসংগত কয়, ৯০ গৰাকী ব্যক্তিয়ে দেশ পৰিচালনা কৰে। তেওঁলোকৰ হাতত অপৰিসীম ক্ষমতা আছে। সাংসদ, বিধায়কতকৈ তেওঁলোক বহু শক্তিশালী। এই ৯০ জন লোকে নীতি নিৰ্ধাৰণ কৰে।

কিন্তু এতিয়া দেশৰ ৯০ গৰাকী আমোলাইহে নীতি নিৰ্ধাৰণ কৰিছে। মই তেওঁলোকক পৰ্যবেক্ষণ কৰি আচৰিত হ'লে। এই ৯০ গৰাকী শীৰ্ষ আমোলাৰ ভিতৰত মাত্ৰ ৩ গৰাকী আমোলাহে OBC শ্ৰেণীৰ। মই চালো ভাৰতত OBC, দলিত, জনজাতি, সংখ্যালঘু কিমান শতাংশ আছে।

এই বিষয়ে উল্লেখ কৰি তেওঁ জাতিগত পিয়লৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়, জাতিগত লোকপিয়ল হৈছে এই দেশৰ জনতাৰ সাংবিধানিক চিন্তা, সমতাৰ স্তম্ভ । এই প্ৰসংগতে তেওঁ কৰ্ণাটক, ৰাজস্থান, ছত্তিশগড়ৰ দৰে কংগ্ৰেছ শাসিত ৰাজ্যকেইখনৰ কথাও উল্লেখ কৰে। তেওঁ কয় এই ৰাজ্যবোৰত সামাজিক সুৰক্ষা ৰক্ষা হৈছে।

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয় নোহোৱাৰ প্ৰশ্নই নাহে বুলিও তেওঁ স্পষ্টকৈ কয়। তেলেংগানা, মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ নিৰ্বাচনত কংগ্ৰেছৰ বিজয় নিশ্চিত।ৰাজস্থানত কিছু প্ৰতিদ্বন্দিতা হ'ব যদিও শেষত কংগ্ৰেছেই বিজয় সাব্যস্ত কৰিব।

তেওঁ কয়, কৰ্ণাটকৰ পৰা এক শিক্ষা লাভ কৰিছো। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে আমাৰ বিৰুদ্ধে এক ধাৰণা গঢ় দিবলৈ চেষ্টা কৰিছিল। বিজেপিয়ে জাতিগত ব্যৱস্থাটোৰ ধাৰণাক বিচলিত কৰিবলৈ চেষ্টা কৰিছে।

তেওঁলোকে জাতিগত পিয়লৰ বিষয়টো আলোচনা কৰিবলৈ নিবিচাৰে। আমি কৰ্ণাটকত এই বিষয়ত এক স্পষ্ট ধাৰণা তথা আমাৰ দৃষ্টি ভংগী দিবলৈ চেষ্টা কৰিছিলো। সেই ধাৰণাই আমি তেলেংগানাত ৰাখিবলৈ চেষ্টা কৰিছো।

তেওঁ কয়, বিজেপিয়ে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিছে। এই একনায়কত্ববাদীৰ নাম মি. আদানী। তেওঁলোকে এই ভদ্ৰ লোকজনক সৃষ্টি কৰিছে। এই মানুহজন বিজেপিৰ মূল একনায়কত্ববাদী। বিজেপিয়ে এই একনায়কত্ববাদৰ পৰা বৃহৎ ধন সংগ্ৰহ কৰিছে। ইয়াৰো পৰি তেওঁ কয় আমি এতিয়া বিত্তীয় আক্ৰমণৰ সন্মুখীন হৈছো।

কংগ্ৰেছ সাংসদগৰাকীয়ে INDIA গোটৰ প্ৰসংগত কয়, আমি ভাৰতক সুৰক্ষা দিবলৈ যুঁজ দিছো। সেয়ে আমাৰ গোটৰ নাম INDIA ৰাখিছো। শেহতীয়াকৈ সম্পন্ন হৈ যোৱা সংসদৰ বিশেষ অধিৱেশন আছিল বিভ্ৰান্তিকৰ আখ্যা দিছে গান্ধীয়ে।

সংসদত গৃহীত হোৱা নাৰী সুৰক্ষা বিল সন্দৰ্ভত তেওঁ কয়, আমাক মহিলাৰ সংৰক্ষণ ১০ বছৰৰ পিছত নালাগে এতিয়া লাগে। তেওঁ কয়, মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থাটো কংগ্ৰেছে প্ৰথমে উত্থাপন কৰিছিল। আৰু বিজেপিয়ে ইয়াৰ বিৰোধিতা কৰিছিল।

ইফালে INDIA এলায়েন্সে ২০২৪ ৰ লোকসভা নিৰ্বাচনত মিত্ৰ দলসমূহৰ মাজত টিকত বিতৰণৰ প্ৰসংগত তেওঁ কয়, পূৰ্বৰ নিৰ্বাচনতকৈ তেওঁলোকে এই নিৰ্বাচনৰ বিষয়ে কিছু পৃথক ভাৱে চিন্তা কৰিছে। ভাৰত আক্ৰমণৰ সন্মুখীন হোৱা বিষয়টোক লৈ বিৰোধী একত্ৰিত হৈছে। এই আক্ৰমণ হৈছে নিৰ্বাচন মুক্ত ভাৰত, বাকস্বাধীনতাৰ পৰা মুক্ত।

বিজেপিৰ দ্বাৰা এই ভাবুকিৰ সন্মুখীন সকলো হৈছে। আমাৰ আচৰণ সলনি হৈছে। আমি অনুভৱ কৰিছো আমি ভাৰতৰ আত্মৰ বাবে যুঁজ দিছো। আমি ভাবিছিলো এয়া ৰাজনৈতিক দলৰ মাজৰ যুঁজ। কিন্তু এতিয়া বিজেপি আৰু আৰ এছ এছে ভাৰতৰ ধাৰণাটোকে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে।

ইফালে মণিপুৰ জ্বলি থকাৰ সময়ত ৰাহুল গান্ধীয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ প্ৰসংগত কৰা এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, মই ২০০৪ চনৰ পৰা ৰাজনীতিত আছো। এই সময়ত মই প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলালৈ গৈছো বুলি নিশ্চিত। মণিপুৰত মই যি দেখিলো, সেয়া আন ক'তো দেখা নাই।

যেতিয়া আমি মণিপুৰত উপস্থিত হৈছিলো তেতিয়া সকলো গোষ্ঠীয়ে মোক তেওঁলোকৰ মাজলৈ নিমন্ত্ৰণ জনাইছিল। যেতিয়া আমি এটা সম্প্ৰদায়ৰ কাষলৈ গৈছিলো তেতিয়া সেই সম্প্ৰদায়ে আমাক লৈ সুখী বুলি মন্তব্য কৰিছিল। তেওঁ কয় এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকক তেওঁৰ সুৰক্ষাৰ বাবেই গুলীয়াই দিম বুলিও মুকলিকৈ মন্তব্য কৰিছিল।

ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণ নোহোৱা এনে পৰিস্থিতি মই পূৰ্বে দেখা নাই। তেওঁৰ মতে বিজেপিয়ে খেলি থকা ঘৃণাৰ ৰাজনীতিয়ে মূলতঃ মণিপুৰ ৰাজ্য ধ্বংস কৰিছে। মণিপুৰ প্ৰসংগত অপৰাধী হৈছে বিজেপি।

'আমি ভাৰতক সুৰক্ষা দিবলৈ যুঁজ দিছো সেয়ে আমাৰ গোটৰ নাম INDIA ৰাখিছো'- ৰাহুল গান্ধী...
'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'ৰ আজি দ্বিতীয় দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in