অহা ২৮ বছৰত মৰুভূমি হ'ব অসম ! জলসিঞ্চন, কৃষি সকলো ক্ষেত্ৰতে গৱেষণাৰ প্ৰয়োজন...

অহা ২৮ বছৰত মৰুভূমি হ'ব অসম ! জলসিঞ্চন, কৃষি সকলো ক্ষেত্ৰতে গৱেষণাৰ প্ৰয়োজন...
অহা ২৮ বছৰত মৰুভূমি হ'ব অসম ! জলসিঞ্চন, কৃষি সকলো ক্ষেত্ৰতে গৱেষণাৰ প্ৰয়োজন...

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত হোৱা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩' ৰ উদ্বোধনী অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হৈ যায় প্ৰথম দিনটোৰ 'জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন' শীৰ্ষক প্ৰথমখন আলোচনা সত্ৰ। প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰে আঁত ধৰা এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰে অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েং, আৰ্থফুল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা পৰিৱেশ কৰ্মী শ্বেতা মহন্ত, বন্যপ্ৰাণী জীৱবিজ্ঞানী পূৰ্নিমা দেৱী বৰ্মন আৰু পৰিৱেশ বিজ্ঞানৰ গৱেষণা সহযোগী অধ্যাপক শান্তনু গোস্বামীয়ে।

আলোচনাৰ আঁতধৰা সাংবাদিক নয়ন প্ৰতিম কুমাৰে আৰম্ভণিতে অসম চৰকাৰে প্ৰকাশ কৰা এখন প্ৰতিবেদনৰ কথা উল্লেখ কৰে। প্ৰতিবেদনখনত জলবায়ু পৰিৱৰ্তনে অসমৰ কৃষি, বন, জৈৱ বৈচিত্ৰ, শক্তি, মানৱ স্বাস্থ্যত প্ৰভাৱ পৰাৰ কথা স্পষ্ট হৈছে। ইয়াৰ ফলত অসমত উষ্ণতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ শীতৰ দিন হ্ৰাস পাইছে। বৰ্ষাকালীন আৰু শীত কালীন ধানৰ খেতি বিনষ্ট হৈছে।

এই প্ৰসংগত অৰণ্য মানৱ যাদৱ পায়েঙে কয়, ৪২ বছৰ ধৰি শুকান বালিত গছ-গছনি ৰুইছো। কিন্তু গছ-গছনি সকলোৱে সংৰক্ষণ কৰিব লাগিব। এয়া অসমৰ ৩ কোটি ৩৫ লাখ মানুহৰ কৰ্তব্য।

তেওঁ কয়,তামিলনাডুত ৫ খন দেশৰ এক বৈঠকত কৈছিল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অহা ১০০ বছৰৰ ভিতৰত পানী নোহোৱা হ'ব আৰু মৰুভূমিত পৰিণত হ'ব। ইয়াৰ বিপৰীতে ফ্ৰান্সৰ এগৰাকী বিজ্ঞানীয়ে শেহতীয়াকৈ কৈছে উত্তৰ পূৰ্বাঞ্চলত আগন্তুক ২৮ বছৰত পানী নোহোৱা হ'ব। আমি পানীৰ কাৰণে হাহাকাৰ কৰিব লাগিব।

ইয়াৰ অনুমান তেওঁ ইতিমধ্যে লাভ কৰাৰ কথা উল্লেখ কৰি কয়, তেওঁৰ ফৰেষ্টখনত যোৱা ৪ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ পানী বহু তললৈ গৈছে। পানী টিউবেলত নোলোৱা হৈছে। সেয়ে এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ গছপুলি ৰোপণ কৰিবই লাগিব।

সাংবাদিক নয়ন প্ৰতিম কুমাৰে ২০১৯ আৰু ২০২১ ৰ ইণ্ডিয়ান ফৰেষ্ট ৰিপ'ৰ্টৰ কথা উল্লেখ কৰি কয়, ২০১৯ আৰু ২০২১ চনৰ মাজত বন ধ্বংসৰ যি তথ্য দিয়া হৈছিল সেই তথ্যত উত্তৰ পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যত ১ হাজাৰ২০ বৰ্গ কিলোমিটাৰ বন ধ্বংস হ'ল। আনহাতে অসমত ২০১৯ চনৰ ২৯ হাজাৰ ৭০০ বৰ্গ কিলোমিটাৰ বন ভূমিৰ ভিতৰত ২০২১ চনত ২৮ হাজাৰ ৩১২ বৰ্গ মিটাৰ বন ভূমি আছে।

অৰ্থাৎ মাত্ৰ দুটা বছৰত ১ হাজাৰ ২০ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰি পেলোৱা হৈছে। এই বিষয়ত অধ্যাপক শান্তনু গোস্বামীয়ে কয়, জলবায়ু পৰিৱৰ্তনৰ কথা চিন্তা কৰাৰ আগতে আমি চিন্তা কৰিব লাগিব পৰিৱেশ কিদৰে বিনষ্ট হৈছে। পৰিৱেশ বিনষ্টৰ বিৰুদ্ধে মনৰ পৰা যেতিয়ালৈকে দায়িত্ববোধ জাগ্ৰত নহয় তেতিয়ালৈকে পৰিৱেশ বিনষ্টৰ দৰে কামবোৰ হৈয়ে থাকিব।

তেওঁ কয়, দায়িত্বসহকাৰে পৰিকল্পনা প্ৰস্তুত নকৰালৈকে পৰিৱেশ বিনষ্ট হৈয়ে থাকিব। পৰিৱেশ বিনষ্টৰ সৈতে উন্নয়নৰ কথাও জড়িত হৈ আছে। তেওঁ কয়, দেশ আগবাঢ়িবলৈ উন্নয়ন লাগিবই। উন্নয়নৰ যেতিয়া কথা পতা হয় বা পৰিকল্পনা কৰা হয় তেতিয়া আমি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব লাগে।

বহনক্ষম উন্নয়নৰ বাবে দায়িত্বশীল পিৰকল্পনা লাগিবই। লগতে বন ধ্বংসৰ সন্দৰ্ভত কয়, মানুহে দায়িত্বহীনতাৰ বাবেই এই কাৰ্য কৰিছে। এই কাৰ্যই জলবায়ু পৰিৱৰ্তনত অৰহিণা অধিক যোগাব।

ইফালে অসম চৰকাৰৰ আন এক প্ৰতিবেদনত কোৱা হৈছিল জলবায়ু পৰিৱৰ্তনৰ ফলত অসমত উত্তাপ আৰু বৃষ্টিপাতৰ তাৰতম্য ঘটিছে। ফলত উদ্ভিদৰ গাঁথনি পৰিৱৰ্তন হৈছে। বনাঞ্চলৰ চাৰি সীমাৰ পানী হ্ৰাস হৈছে। উত্তাপ বৃদ্ধিৰ বাবে জীৱ, জন্তুৰ বাবে পানীৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা হ্ৰাস পাইছে। যাৰ বাবে অধিক হাৰত মানুহ আৰু জীৱ, জন্তুৰ সংঘাতৰ সংখ্যা বৃদ্ধি পাইছে।

এই সমস্যাৰ কথা উত্থাপন কৰি নয়ন প্ৰতিম কুমাৰে কৰা প্ৰশ্নৰ উত্তৰত পূৰ্ণিমা দেৱী বৰ্মনে কয়, এতিয়া জলবায়ু পৰিৱৰ্তন, উষ্ণতা আদিৰ সমস্যাৰ কথা কলে সাধাৰণ গাঁৱৰ হোজা মানুহখিনিকো বাদ দিব নালাগিব। এতিয়াও জলবায়ু পৰিৱৰ্তনৰ বিষয়টো ছাত্ৰ, ছাত্ৰী, বিজ্ঞানী, গৱেষক আদিৰ মাজতে সংকুচিত হৈ আছে। এই বিষয়টো কেৱল কিতাপৰ মাজতে আৱদ্ধ হৈ আছে। সাধাৰণ মানুহৰ মাজলৈ লৈ যাব পৰা নাই। সেয়েহে বিষয়টো ৰাইজৰ মাজলৈ লৈ যাব পাৰিব লাগিব।

অসম চৰকাৰৰ উদ্যোগত অসমত চলি থকা অমৃত বৃক্ষ আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি নয়ন প্ৰতিম কুমাৰে যাদৱ পায়েংক উদ্দেশ্য কৰি কয়, আপুনি কৈছে গছ ৰোপণ কৰিবই নালাগে, নিজে নিজে হয়। অসমৰ পৰিৱেশই এনেকুৱা। কিন্তু অসমত অমৃত বৃক্ষ আন্দোলন চলি আছে।

এই দুই প্ৰসংগত তেওঁ কয়, চৰকাৰৰ কাম চৰকাৰে কৰিব। কাৰণ সূৰ্য উঠাৰ দেশৰ পৰা সূৰ্য পৰা দেশলৈ সকলো দেশতে পৃথিৱীক ভাল পাবলৈ কোনো শিক্ষা নীতিত নাই। এই নীতি নথকাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হৈছে। ইয়াৰ পৰিৱৰ্তনৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা পৰিৱেশ বিজ্ঞানৰ শিক্ষা দিব লাগিব। পৰিৱেশ শিক্ষক নিয়োগ কৰাৰ লগতে পৰিৱেশ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগিব।

প্ৰাথমিক পৰ্যায়ত নামভৰ্তি কৰা এজন শিক্ষাৰ্থীয়ে এটা গছপুলি ৰোপণ কৰি পাঁচ বছৰ প্ৰতিপালন কৰাৰ পাছত পুনৰ এটা গছপুলি ৰোপণ কৰি ৫ বছৰ প্ৰতি পালন কৰিলে সমগ্ৰ বিশ্বত কিমান গছ বৃদ্ধি পাব। তেওঁ পুনৰ কয়, আদিম যুগত মানুহক গছে কাপোৰ পিন্ধিবলৈ শিকোৱাৰ পৰা, চৰাইয়ে আকাশত উৰিবলৈ শিকোৱাৰ পৰা সমগ্ৰ বিশ্বৰ মানুহে প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু ফলত জলবায়ু পৰিৱৰ্তন হৈছে।

আলোচনাত চি ডি আইৰ এক গৱেষণাৰ বিষয়েও স্থান পায়। উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ চি ডি আই নামৰ সংস্থাটোৱে বিশ্বৰ ৫০ খন ৰাষ্ট্ৰজুৰি এক গৱেষণা কৰিছিল। এই গৱেষণাত অসমৰ জলবায়ু দুৰ্বলতাই ২৮ সংখ্যক স্থান দখল কৰিছিল বুলি উল্লেখ কৰে আঁত ধৰোতা নয়ন প্ৰতিম কুমাৰে।

এই প্ৰসংগত শান্তনু গোস্বমীয়ে কয়, অসমৰ পৰিস্থিতি অতি বেয়া। আগন্তুক সময়ত অসমত বৰষুণৰ পৰিমাণ অধিক হ্ৰাস পাব। খৰালি অধিক খৰাং হ'ব। যোৱা ১০০ বছৰৰ তথ্য অধ্যয়নৰ অন্তত স্পষ্ট হৈছে আগন্তুক সময়ত অসমত বৰষুণ আহিব যদিও দীৰ্ঘ সময়ৰ বৰষুণ এবাৰতে আহিব। ফলত কৃষি ক্ষেত্ৰৰ যথেষ্ট ক্ষতি হ'ব।

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও স্থানৰ অৱস্থা অতি বেয়া। প্ৰচুৰ উষ্ণতাৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব। এই আলোচনাতে উন্মোচিত হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সাংসদসকলৰ উদাসীনতা।

যোৱা ২০ বছৰত লোকসভাত জলবায়ু সম্পৰ্কত উত্থাপিত হৈছে মুঠ ৮৯৫ টা প্ৰশ্ন। অৰ্থাৎ যোৱা ২০ বছৰত সংসদত উত্থাপিত বিভিন্ন প্ৰশ্নৰ ভিতৰত মাত্ৰ ০.৩ শতাংশ প্ৰশ্নহে জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত।

ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ সাংসদসকলে ১৮১ টা প্ৰশ্ন, অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে ১০৫ টা, তামিলনাডুৰ সাংসদসকলে ৯৯ টা, উত্তৰ প্ৰদেশৰ সাংসদসকলে ৯৮ টা আৰু কেৰালাৰ সাংসদসকলে ৬৯ টা প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, মেঘালয়, মণিপুৰৰ দৰে ৰাজ্যৰ সাংসদে এটাও প্ৰশ্ন যোৱা ২০ বছৰত উত্থাপন কৰা নাই।

অথচ মিজোৰাম ভাৰতৰ ভিতৰতে আটাইতকৈ জলবায়ু দুৰ্বলতা ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইফালে জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষি ক্ষেত্ৰলৈ অহা ভাবুকিৰ বিষয়েও এই আলোচনাত স্থান পাই। অসমৰ মুঠ ৩৩.৮৮ লাখ হেক্টৰ কৃষি ভূমিৰ মাত্ৰ ১৪ শতাংশ কৃষি ভূমিতহে আজিৰ তাৰিখত জলসিঞ্চনৰ ব্যৱস্থা আছে।

সেয়েহে জলবায়ু পৰিৱৰ্তনত ক্ষতিগ্ৰস্থ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে বছৰত অন্তত দুটা খেতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও আলোচিত হয়। এই প্ৰসংগত অৱশ্যে যাদৱ পায়েঙে গেৱষণাহীন ভাৱে জলসিঞ্চনৰ ব্যৱস্থাৰ বিৰোধিতা কৰে।

তেওঁৰ মতে ভূ-পৃষ্ঠৰ পানী উলিয়াই আনি খেতি পথাৰৰ লগতে আন আন ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ ফলত ভূপৃষ্ঠৰ পানী হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে তেওঁ বৰষুণৰ পানী সংৰক্ষণৰ কথা উল্লেখ কৰে। তেওঁ কয় ভাৰত বৰ্ষৰ দুখন জিলা ভ্ৰমণ কৰাৰ আহ্বান জনায়।

এখন উদয়পুৰৰ ৰাণা প্ৰতা সিঙৰ উদ্যান আৰু আনখন অসমৰ শিৱসাগৰ জিলা। এই জিলা দুখন ভ্ৰমণ কৰিলে দেখা যায় তাত প্ৰতিঘৰতে পুখুৰীৰ ব্যৱস্থা আছে। সেয়েহে ইয়াত বাৰিষা এক ফুট উচ্চতালৈ পানী বৃদ্ধি পোৱাৰ বিপৰীতে খৰালি এক ফুত তললৈ পানী হ্ৰাস পায়।

এইদৰে ভাৰাসাম্য ৰক্ষা হৈ আহিছে। সেইদৰে ৰাজস্থানত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবেই আজিৰ তাৰিখত ৰাজস্থানত পানীৰ অভাৱ দূৰ হোৱাৰ লগতে বানপানীও সৃষ্টি হয় বুলি কয়। এই প্ৰসংগতে তেওঁ অসম চৰকাৰৰ উদ্যোগত হ'বলগীয়া পাম খেতিৰো বিৰোধিতা কৰাৰ লগতে ইয়াৰ ভয়াৱহতাৰ কথা উল্লেখ কৰে।

আলোচনাৰ মাজত আহি উপস্থিত হোৱা আৰ্থফুল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা পৰিৱেশ কৰ্মী শ্বেতা মহন্তই গোলাকাৰ অৰ্থনীতিৰ ওপৰত আলোকপাত কৰাৰ লগতে বিভিন্ন সামগ্ৰীৰ পুনৰ ব্যৱহাৰ, মেৰামতি অথা নৱীকৰণৰ ওপৰত যিমান পাৰি গুৰুত্বপ্ৰদান কৰাৰ কথা উল্লেখ কৰে। তেওঁ জলবায়ু পৰিৱৰ্তনৰ ওপৰত কয়, আমি যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰো সেই সামগ্ৰীসমূহ নিৰ্মাণ কৰি ব্যৱহাৰৰ অন্তত পেলাই দিওঁ। কিন্তু প্ৰকৃতিয়ে সকলো বস্তুৰে ব্যৱহাৰ কৰে।

গছ এজোপা গজাৰ পাছত ফুল ফুলে, ফল ধৰে। এই ফুল, ফল মাটিত পৰিলে পুনৰ গছ গজে আৰু আকৌ ফুল, ফল ধৰে। এয়াই হৈছে গোলাকাৰ অৰ্থনীতিৰ অনুপ্ৰেৰণা। তেওঁ আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত তেওঁ কয়, আমি আগতে বন ভূজলৈ গৈছিলো। কিন্তু যদি আমি ইয়াক বৰ্তমানৰ সৈতে তুলনা কৰোঁ তেন্তে সেই সময়বোৰতকৈ এতিয়াৰ সময় বহু সলনি হ'ল।

পূৰ্বে আমি খাদ্য, ফল লগত লৈ গৈছিলো। কিন্তু এতিয়া চিপছ, চকলেট লৈ যাওঁ। যেতিয়া আমি আগৰ সময়ক বৰ্তমানৰ সময়ৰ সৈতে তুলনা কৰোঁ তেতিয়া একমাত্ৰ পাৰ্থক্যটো হৈছে জৈৱিক আৰু অজৈৱিক। ফলৰ বাকলি আৰু খাদ্যৰ অৱশিষ্ট প্ৰকৃতিয়ে সহজে গ্ৰহণ কৰে। কিন্তু প্লাষ্টিক জাতিয় সামগ্ৰীবোৰ গ্ৰহণ নকৰে।

প্ৰকৃতিয়ে গ্ৰহণ নকৰা এই কৃত্ৰিম সামগ্ৰীবোৰৰ কিবা এটা কৰাৰ প্ৰয়োজন। ৰিচাইক্লিং যদিও ইয়াৰ বিকল্প কিন্তু ইয়াৰ কিমান খিনি পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়াও এক প্ৰশ্নৰ বিষয়।

জলবায়ু পৰিৱৰ্তনৰ এনে ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ মাজত আঞ্চলিক সমন্বয়ৰ প্ৰয়োজনৰ বিষয়টো এই আলোচনাৰ সিদ্ধান্ত হিচাপে উন্মোচিত হয়। এই সমন্বয় কেৱল ৰাজনৈতি বা চৰকাৰী সমন্বয় নহয়। এই সমন্বয় চৰকাৰৰ লগতে শিক্ষানুষ্ঠান আৰু সংবাদজ মাধ্যমৰ মাজতো প্ৰয়োজন।

অহা ২৮ বছৰত মৰুভূমি হ'ব অসম ! জলসিঞ্চন, কৃষি সকলো ক্ষেত্ৰতে গৱেষণাৰ প্ৰয়োজন...
'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূবে পাবলগীয়া গুৰুত্ব পোৱা নাই'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in