ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, কেইবাটাও বিস্ফোৰণ আৰু আৰক্ষী হত্যাকাণ্ডৰে জড়িত জাভেদ

ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, কেইবাটাও বিস্ফোৰণ আৰু আৰক্ষী হত্যাকাণ্ডৰে জড়িত জাভেদ

ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে হিজবুল মুজাহিদীৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদীক। দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত গ্রেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজন জাভেদ আহমেদ মট্টু বুলি চিনাক্ত হৈছিল। ইয়াৰ পূৰ্বে জাভেদৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে।

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ মতে নিয়াই সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে অভিযান চলাইছিল। জম্মু-কাশ্মীৰৰ সোপোৰৰ বাসিন্দা জাভেদ পাকিস্তানলৈও গৈছিল। তেওঁৰ কেইবাগৰাকী সহযোগী পাকিস্তানতে আছে।

যোৱা বছৰ স্বাধীনতা দিৱসৰ পূৰ্বে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা এটা ভিডিঅ'ত জাভেদৰ ভায়েক ৰায়ছ মাট্টুক জম্মু-কাশ্মীৰৰ সোপোৰত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই থকা দেখা গৈছিল। মাট্টু জম্মু আৰু কাশ্মীৰৰ বহুতো সন্ত্ৰাসবাদী ঘটনাত জড়িত আছিল।

জাভেদ হিজবুলৰ এএ প্লাছ সন্ত্ৰাসবাদী। তেওঁৰ পৰা পিষ্টল, মেগজিন আৰু ৪ খনকৈ গাড়ী জব্দ কৰিছে আৰক্ষীয়ে। মট্টুৰ বিৰুদ্ধে ৫ টা গ্ৰেনেড বিস্ফোৰণ আৰু ৫ গৰাকী আৰক্ষী বিষয়াক হত্যা কৰাৰ অভিযোগ আছে। ইয়াৰোপৰি জম্মু-কাশ্মীৰত তেওঁ ১১ টাকৈ সন্ত্ৰাসবাদী কাৰ্যকালাপ সংঘটিত কৰাৰ অভিযোগ আছে।

ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, কেইবাটাও বিস্ফোৰণ আৰু আৰক্ষী হত্যাকাণ্ডৰে জড়িত জাভেদ
ধেমাজি গৌৰৱ বঁটা আৰু ধেমাজি ৰত্ন বঁটা ঘোষণা জিলা সাহিত্য সভাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in