ধেমাজি গৌৰৱ বঁটা আৰু ধেমাজি ৰত্ন বঁটা ঘোষণা জিলা সাহিত্য সভাৰ

ধেমাজি গৌৰৱ বঁটা আৰু ধেমাজি ৰত্ন বঁটা ঘোষণা জিলা সাহিত্য সভাৰ

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা সাহিত্য সভাই ঘোষণা কৰিছে 'ধেমাজি গৌৰৱ বঁটা' আৰু 'ধেমাজি ৰত্ন বঁটা-২০২৩'। জিলাখনত সমাজ-সাহিত্য ,সাংস্কৃতিক ,শিক্ষা,প্ৰশাসনীয় আদি বিভিন্ন দিশত ধেমাজিলৈ অনৱদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ উৰ্ধৰ দুই বিশিষ্ট ব্যক্তি আৰু সমাজ-সংগঠন আদি বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ৪০ বছৰ উৰ্ধৰ তিনিজন বিশিষ্টৰ বাবে ধেমাজি ৰত্ন আৰু ধেমাজি গৌৰৱ বঁটা ঘোষনা কৰিছে ৷

Advertisment

বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত ধেমাজি আৱৰ্ত্তভৱনত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা দুয়োটা বঁটা নির্বাচনী সমিতিৰ সভাই বিষদভাৱে আলোচনা কৰি বঁটা প্ৰাপক সকলৰ নাম ঘোষণা কৰে৷ এই সকল বঁটা প্ৰাপকক 'ধেমাজি সাহিত্য সমাৰোহ-২০২৩' ত বঁটা প্ৰদান কৰিব।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ধেমাজি জিলা সাহিত্য সভাই লেখক সাহিত্যনুৰাগী সকলৰ মাজত অন্তৰংগ আলাপ আৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ মানসেৰে অহা ৬ আৰু ৭ জানুৱাৰীত ধেমাজি ৰাজহুৱা প্ৰক্ষাগৃত ধেমাজি সাহিত্য সমাৰোহ-২০২৩ অনুষ্ঠিত কৰিব ৷ উক্ত সমাৰোহতেই এই বঁটা প্ৰদান কৰা হ'ব।

ধেমাজি ৰত্ন বঁটা প্ৰদান কৰা হ'ব ৬০ বছৰ উৰ্ধৰ দুজন বিশিষ্ট ব্যক্তিক। তেওঁলোক ক্ৰমে সাহিত্যিক পেঞ্চনাৰ, প্ৰবীন সাংবাদিক উমেশ চেতিয়া আৰু সাহিত্যিক চুচেন ভিতৰুৱাল কোঁৱৰ।

আনহাতে ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰিব ৪০ বছৰ উৰ্ধৰ তিনি বিশিষ্ট ব্যক্তি ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱাল , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু ধেমাজিৰ বিশিষ্ট কবি, সাহিত্যিক তথা প্ৰশাসনিক বিষয়া নবীন কামানক ৷ দুয়োটা বঁটা নিৰ্বাচনী সমিতিৰ সদস্য-সদস্যা সকলে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা জনায়।

Also Read: কাইলৈ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৪