সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দুই সন্ত্ৰাসবাদী নিহত...
সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দুই সন্ত্ৰাসবাদী নিহত...

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দুই সন্ত্ৰাসবাদী নিহত...

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত আজি পুৱাই সেনা-সন্ত্ৰাসবাদীৰ মাজত এক সংঘৰ্ষ হয়। এই সংঘৰ্ষত নিহত হৈছে দুই সন্ত্ৰাসবাদী।

ঘটনাৰ বিৱৰণ অনুসৰি আজি পুৱাই বাৰামূলা জিলাত সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পাছতে সন্ত্ৰাসবাদী বিৰোধী অভিযান আৰম্ভ কৰে নিৰাপত্তাৰক্ষীৰ দলটোৱে।

এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰাত নিৰাপত্তাৰক্ষীয়েও গুলী চলাবলৈ আৰম্ভ কৰে। দুয়ো পক্ষৰ এনে সংঘাতৰ ফলতে দুই সন্ত্ৰাসবাদী নিহত হয়।

এই অভিযান চলাইছিল জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাই যুটীয়া ভাৱে। নিহত সন্ত্ৰাসবাদী দুটাৰ পৰা এটা একে ৪৭, এটা পিষ্টল আৰু কিছু গুলী-বাৰুদ উদ্ধাৰ কৰিছে।

এই ঘটনা সন্দৰ্ভত কাশ্মীৰৰ এডিজিপি বিজয় কুমাৰে কয়, নিহত উগ্ৰপন্থী দুটা স্থানীয়। তেওঁলোকৰ ঘৰ শ্বপিয়ান জিলাত। দুয়োকে শাকিৰ মজিদ নাজাৰ আৰু হানান আহমেদ চেহ বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোক দুয়োৱে সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল। যোৱা মাৰ্চ মাহত এই সংগঠনৰ সৈতে জড়িত হৈছিল।

উল্লেখ্য এদিন পূৰ্বে বুধবাৰেও জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ এক যুটীয়া অভিযানৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হৈছিল। এই দুই সন্ত্ৰাসবাদীয়ে এল অ’ চিৰ মাজেৰে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দুই সন্ত্ৰাসবাদী নিহত...
NCP ৰ অধ্যক্ষ হ'ব কোন? কোনে দেখিছে সেই দিবাস্বপ্ন....

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in