শিৱ মন্দিৰ খহি ৯ জনৰ মৃত্যু, আৱদ্ধ হৈ আছে কেইবাজনো...

বেয়া বতৰৰ বাবে হিমাচল প্ৰদেশত বিগত ২৪ ঘন্টাত প্ৰাণ গ'ল প্ৰায় ১৬ জনকৈ লোকৰ।

author-image
Asomiya Pratidin
New Update
শিৱ মন্দিৰ খহি ৯ জনৰ মৃত্যু, আৱদ্ধ হৈ আছে কেইবাজনো...

ডিজিটেল ডেস্কঃ বেয়া বতৰৰ বাবে হিমাচল প্ৰদেশত বিগত ২৪ ঘন্টাত প্ৰাণ গ'ল প্ৰায় ১৬ জনকৈ লোকৰ।সোমবাৰে হিমাচল প্ৰদেশৰ চিমলাত ধাৰাসাৰ বৰষুণৰ ফলত এটা শিৱ মন্দিৰ খহি পৰাৰ ফলত ৯ জন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

Advertisment

চামাৰ পাহাৰ অঞ্চলৰ মন্দিৰত ভূমিস্খলনত ১২ জনতকৈ অধিকলোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ইয়াৰোপৰি চোলান জিলাৰ জাদন গাঁৱত ডাৱৰ বিস্ফোৰণত এটা পৰিয়ালৰ সাতজনকৈ লোক নিহত হয়। দেওবাৰে নিশা ডাৱৰ বিস্ফোৰণৰ ফলত দুটাকৈ ঘৰ ধ্বংস হৈ যায়। দুৰ্ঘটনাটোত ৬ জন লোকক উদ্ধাৰো কৰা হৈছে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং শিখুৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ৰাজ্যখনত বিগত কেইটামান দিনত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা সকলৰ প্ৰতি সমবেদনা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৰষুণ আৰু ভূমিস্খলনৰ বাবেই সোমবাৰে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। প্ৰায় ৪৮ ঘন্টা ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে ৰাজ্যখনত। যাৰফলত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আদিৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে।

Also Read: বিজেপি দলত মহিলা কৰ্মী সুৰক্ষিত নহয় নেকি বুলি প্ৰশ্ন অখিল গগৈৰ

himachal pradesh