বিজেপি দলত মহিলা কৰ্মী সুৰক্ষিত নহয় নেকি বুলি প্ৰশ্ন অখিল গগৈৰ

বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননকলৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল

author-image
Asomiya Pratidin
New Update
বিধায়ক হিচাপে মই একেবাৰে সুখী নহয়, আগৰ দিনবোৰ ভাল আছিলঃ অখিল গগৈ

বিজেপি দলত মহিলা কৰ্মী সুৰক্ষিত নহয় নেকি বুলি প্ৰশ্ন অখিল গগৈৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননকলৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। বিজেপি দলত মহিলা কৰ্মী সুৰক্ষিত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে, মহিলাজনিত সকলো ঘটনা কেৱল বিজেপি দলতে হয়। সেয়েহে সমগ্র ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰে বিধায়ক গৰাকীয়ে।

Advertisment

আনহাতে, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কেলেংকাৰীৰ অভিযুক্ত সকলক ন্যায়ালয়ে নিৰ্দোষী বুলি ঘোষণা কৰাকলৈ প্ৰতিক্ৰিয়া বিধায়ক গৰাকীৰ ৷কেলেংকাৰীটোত বিয়াগোম নেতা জড়িত থকাৰ বাবে আৰক্ষীয়ে দুৰ্বল চাৰ্জশ্বীট দাখিল কৰাত অভিযুক্ত সকল নিৰ্দোষী ঘোষণা হ'ল বুলি মন্তব্য অখিল গগৈৰ।

ইয়াৰোপৰি পাম খেতি কৰিবলৈ অনুমতি দিয়াটোৱেই অসমৰ ৰাইজৰ বাবে ডাঙৰ বিশ্বাসঘাতকতা বুলি উল্লেখ কৰে গগৈয়ে ৷ হিমন্ত বিশ্ব শৰ্মাই ৰামদেৱ আৰু RSS ক সন্তুষ্টি কৰিবৰ কাৰণে এনে ধৰণৰ ভয়ানক খেতি কৰাৰ অনুমতি দিছে ৷এই খেতিয়ে অসমক মৰুভুমিত পৰিণত কৰিব ৷

akhil gogoi