বৰষুণত বিধ্বস্ত তেলেংগানাঃ মৃত ১৪ জন

বৰষুণত বিধ্বস্ত তেলেংগানাঃ মৃত ১৪ জন

author-image
Asomiya Pratidin
New Update
বৰষুণত বিধ্বস্ত তেলেংগানাঃ মৃত ১৪ জন

ডিজিটেল ডেস্কঃ বৰষুণৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছে তেলেংগানা। মঙলবাৰে নিশা অহা বৰষুণৰ ফলত হায়দৰাবাদৰ বাচুপল্লী অঞ্চলৰ ৰেনুকা এলাম্মা কলনীত দেৱাল ভাঙি ৭ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

Advertisment

স্থানীয় ৰাইজে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু বিষয়াসকলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এতিয়ালৈকে পোৱা খবৰ অনুসৰি গভীৰ নিশাৰ পৰা চলি থকা উদ্ধাৰৰ কাম বুধবাৰে পুৱালৈকে অব্যাহত আছে।

উদ্ধাৰ কৰ্মীয়ে জনোৱা মতে, ধ্বংসাৱশেষৰ পৰা ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মহানগৰীৰ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একে সময়তে নিহত লোককেইজন ওড়িশা আৰু ছত্তীশগড়ৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজনৰ ভিতৰত আছে তিৰুপতী ৰাও মাজী (২০), শংকৰ (২২), ৰাজু (২৫), খুশী, ৰাম যাদৱ (৩৪), গীতা (৩২) আৰু হিমাংশু (১৪)। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে,উক্ত ঘটনাৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন স্থানত অন্য ৭ জনকৈ লোকৰ মৃত্যু হয় ৷

একে সময়তে বতৰ বিজ্ঞান বিভাগে জনাই যে ৮ মে’ বুধবাৰে বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ছত্তীশগড়, ওড়িশা, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ কিছু অংশকে ধৰি দেশৰ বহু ৰাজ্যত প্ৰচণ্ড বতাহৰ সৈতে বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ঝাৰখণ্ডতো শিলাবৃষ্টিৰ সম্ভৱনা আছে।

Also Read: অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ কুজি সত্ৰ নিৰিক্ষণ..

hyderabad news hyderabad rainfall telengana