অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ কুজি সত্ৰ নিৰিক্ষণ..

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ কুজি সত্ৰ নিৰিক্ষণ..

author-image
Asomiya Pratidin
New Update
অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ কুজি সত্ৰ নিৰিক্ষণ..

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ কালৰ সোঁতত বিলিন হৈ যোৱা ঐতিহাসিক সত্ৰৰ ভূমি বিচাৰি অসমৰ বিভিন্ন ঠাইত উপস্থিত হৈছে অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দল। এইবাৰ আয়োগৰ দল উপস্থিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত মৰিগাঁও জিলাৰ কুজি সত্ৰত।

Advertisment

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত আৰু বৰদোৱা থান পুনৰ উদ্ধাৰৰ লগত জড়িত কুজি সত্ৰ পূৰ্বে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি,কুজি বিল,জলাশয় আদি পৰিপূৰ্ণ এখনি আৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশৰে চহকী সত্ৰ হিচাপে জনাজাত আছিল। কিন্তু ১৯৬৯ চনৰ ৬ মাৰ্চত শিলপুখৰী মৌজাৰ কুজিসত্ৰৰ সত্ৰাধিকাৰ নামে থকা সত্ৰৰ প্ৰায় ৫০০ বিঘা মাটি চৰকাৰে অধিগ্ৰহণ কৰিছিল।

সত্ৰৰ ভূমি অধিগ্ৰহণ কৰাৰ লগে লগে সত্ৰখনৰ পৰিচালনাৰ অৰ্থে আইনমতে বাৰ্ষিক ভাট্টা প্ৰদান কৰাৰ ব্যৱস্থা আছিল যদিও বৰ্তমানেও কুজিসত্ৰই কোনো ভাট্টা লাভ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত উক্ত অধিগ্ৰহন কৰা ভূমি সমূহ পুনৰ সত্ৰক ঘুৰাই দিবলৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব আৰু অসম সত্ৰ আয়োগক আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত উপস্থিত হয় অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দল।

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ সচিব অশোক কুমাৰ বৰ্মন, বিশেষ কৰ্তব্যৰত বিষয়া মাধৱ প্ৰসাদ শৰ্মা,বিষয়া অতুল দাস,নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত(ৰাজহ বিভাগ) মনোৰমা মৰাং,মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত (ৰাজহ বিভাগ) বিমান দাস, মৰিগাঁও জিলাৰ মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপা তালুকদাৰকে আদি কৰি চৰকাৰী বিষয়া কৰ্মচাৰীৰ দলে সত্ৰৰ ভূমি পৰিদৰ্শন কৰে। লগতে সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

সত্ৰৰ ঐতিহ্য ৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণৰ বাবে ব্যবস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইফালে সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে বৰ্তমানলৈকে চৰকাৰে সত্ৰ ভাট্টা বা সত্ৰৰ অধিগ্ৰহণ কৰা ভূমি ঘূৰাই নিদিয়াৰ পৰিপ্ৰেক্ষিতত সত্ৰৰ নামেৰে নামাংকৃত তথা সত্ৰৰ গাতে লাগি থকা ৫০ হেক্টৰ মাটি কালিৰ কুজি বিল সত্ৰৰ নামত আবন্টন দিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজহ বিভাগক দাবী কৰে।

Batadrawa assam satras batadrawa than Assam Satra Land Problem satra