Telangana assembly elections: ৬৪.৪২ শতাংশ ভোটাৰে দিলে জনাদেশ, অন্ত পৰিল ভোটগ্ৰহণ

Telangana assembly elections: ৬৪.৪২ শতাংশ ভোটাৰে দিলে জনাদেশ, অন্ত পৰিল ভোটগ্ৰহণ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
Telangana assembly elections: ৬৪.৪২ শতাংশ ভোটাৰে দিলে জনাদেশ, অন্ত পৰিল ভোটগ্ৰহণ

  • Nov 30, 2023 21:30 IST

    অন্ত পৰিল ভোটগ্ৰহণ 

    নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া ৫-০০বজালৈকে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৬৪.৪২ শতাংশ ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰে।



  • Nov 30, 2023 17:03 IST

    বিয়লি ৩ বজালৈ ৫১.৮৯ শতাংশ ভোটদান

    ৰাজ্যখনৰ মুঠ ১১৯টা সমষ্টিত বিয়লি ৩ বজালৈ ৫১.৮৯ শতাংশ ভোটদান কৰা হৈছে। নিৰ্বাচন আয়োগে জনোৱা অনুসৰি শান্তিপূৰ্ণভাৱেই চলি আছে ভোটদান প্ৰক্ৰিয়া।



  • Advertisment
  • Nov 30, 2023 15:35 IST

    নিৰ্বাচনী আয়োগলৈ বি আৰ এছৰ পত্ৰ

    AI ব্যৱহাৰ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে। তেলেংগানাৰ বি আৰ এছে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বি আৰ এছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাও আৰু অন্যান্য বিশিষ্ট দলৰ নেতা আৰু প্ৰাৰ্থীক লক্ষ্য কৰি “ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি কংগ্ৰেছৰ বিৰুদ্ধে ৰচনামূলক বিষয়বস্তু সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগক এজাহাৰ দাখিল কৰিছে।



  • Nov 30, 2023 14:56 IST

    BRSৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ জি কিষাণ ৰেড্ডীৰ

    বিআৰএছৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ বিজেপিৰ জি কিষাণ ৰেড্ডীৰ। এই সন্দৰ্ভত তেলেংগনাৰ বিজেপিৰ সভাপতি গৰাকীয়ে নিৰ্বাচনী আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। লগতে ঘটনা সন্দৰ্ভত তদন্তৰ দাবী কৰিছে।



  • Nov 30, 2023 14:56 IST

    দিনৰ ১ বজালৈ ৩৬.৬৮ শতাংশ ভোটদান

    দিনৰ ১ বজালৈকে ৩৬.৬৮ শতাংশ লোকে ভোটদান কৰে। নিৰ্বাচনী আয়োগে জনাই এই কথা। তেলেংগনাত ভোটদানৰ পৰিমাণ অন্য ৰাজ্যৰ তুলনাত কিছু কম দেখা হৈছে।



  • Nov 30, 2023 13:10 IST

    হায়দৰাবাদত ভোটদান কৰিলে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই

    হায়দৰাবাদৰ জুবলী হিলছৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে অভিনেতা বিজয় দেৱাৰকোণ্ডাই। ইয়াৰোপৰি জগপতি বাবু, মনোজ মাঞ্চু, ৰাম পোথিনেনি,, জুনিয়ৰ এনটিআৰ, ৰাণা দগ্গুবাটি, চিৰঞ্জীৱী, নাগা চৈতন্য আদিয়ে ভোট দান কৰে।



  • Nov 30, 2023 12:35 IST

    কামাৰেড্ডী বিধানসভা সমষ্টিত ৪৫ মিনিটৰ বাবে ভোটদান স্থগিত

    কামাৰেড্ডী বিধানসভা সমষ্টিত ৪৫ মিনিটৰ বাবে ভোটদান প্ৰক্ৰিয়া স্থগিত ৰখা হয়। ইভিএম বিকল হোৱাৰ বাবে ভোটদান স্থগিত ৰখা বুলি জানিব পৰা গৈছে। পুৱা ৮ মান বজাত ভোটদান স্থগিত ৰখা হৈছিল।



  • Nov 30, 2023 12:35 IST

    জংগাওঁ বিধানসভা সমষ্টিত হাতাহাতি

    ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে জংগাঁও বিধানসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতি, কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত এই হাতাহাতি হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।



  • Nov 30, 2023 12:31 IST

    তেলেংগনাৰ মুখ্যমন্ত্ৰীয়ে সাব্যস্ত কৰিলে ভোটদান

    তেলেংগনাৰ মুখ্যমন্ত্ৰী কেচি ৰাওয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।



  • Nov 30, 2023 11:45 IST

    দিনৰ ১১ বজালৈ ২০.৬৪ শতাংশ ভোটদান

    দিনৰ ১১ বজালৈ তেলেংগনাত ২০.৬৪ শতাংশ ভোটদান হৈছে। নিৰ্বাচন আয়োগে জনাইছে এই তথ্য।



  • Nov 30, 2023 11:36 IST

    ৫২১ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

    তেলেংগনা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৫২১ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। ইয়াৰ ভিতৰত- কংগ্ৰেছৰ ৮৫, বিজেপিৰ ৭৯, বিআৰএছৰ ৫৭, এআইএমআইএমৰ ৫জন, বিএছপিৰ ৭৯, চিপিএম ১২, আইএনডিক ১৩৮ আৰু অন্যান্যৰ ৬৩ জনৰ সৈতে মুঠ ৫২১ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।



  • Nov 30, 2023 10:13 IST

    পুৱা ৯.০০ বজালৈকে ৭.৯৫% ৰ ভোটদান 

    তেলেংগানাত পুৱা ৯.০০ বজালৈকে ৭.৯৫% ভোটদান। নিৰ্বাচনী আয়োগে জনাই এই তথ্য।



  • Nov 30, 2023 10:13 IST

    AIMIM ৰ অধ্যক্ষ আছাদুদ্দিন ওৱেচিৰ ভোটদান

    হায়দৰাবাদত নিজৰ বহুমূলীয়া ভোটদান কৰিলে AIMIM ৰ অধ্যক্ষ আছাদুদ্দিন ওৱেচিয়ে। নেতাগৰাকীয়ে সকলোকে ভোট দিবলৈ আহ্বান জনায়। আজিৰ দিনটো বন্ধৰ দিন হিচাপে গন্য নকৰি বাহিৰলৈ আহি জনতাক ভোটদান কৰিবলৈ কয় ওৱেচিয়ে।



  • Nov 30, 2023 08:54 IST

    অভিনেতা চিৰঞ্জিৱীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ 

    হায়দৰাবাদৰ জুবিলি হিলছৰ এটা ভোটকেন্দ্ৰত ভোটদান অভিনেতা চিৰঞ্জিৱীৰ। তেওঁ লগতে পৰিয়ালৰ লোকে উপস্থিত হৈ ভোটদান কৰে।



  • Nov 30, 2023 08:54 IST

    প্ৰাক্তন ক্ৰিকেটাৰৰ ভোটদান

    প্ৰাক্তন ক্ৰিকেটাৰ তথা জুবিলি হিলছৰ কংগ্ৰেছৰ বিধায়ক প্ৰাৰ্থী মহম্মদ আজহাৰুদ্দিনে হায়দৰাবাদত ভোটদান কৰে। ভোটদান কৰি তেওঁ কয় যে- ভোট দিয়াটো গুৰুত্বপূৰ্ণ। যদি আপুনি ভোট নিদিয়ে, তেন্তে আপোনাৰ প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই।



  • Nov 30, 2023 08:54 IST

    বিআৰএছ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ

    বিআৰএছৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছে এই দাবী উত্থাপন কৰি তদন্তৰ দাবী কৰিছে।



  • Nov 30, 2023 08:54 IST

    ৰাজ্যৰ বিভিন্ন স্থানত EVM বিকল হোৱাৰ খবৰ

    ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে। ইতিমধ্যে এই সমূহ ঠিক কৰাৰ চেষ্টা কৰি আছে বিভাগীয় কৰ্তৃপক্ষই।



  • Nov 30, 2023 08:54 IST

    কিছু সময়ৰ বাবে ভোটদান স্থগিত

    কামাৰেড্ডী বিধানসভা সমষ্টিৰ আৰ এণ্ড বি ভৱনৰ ২৫৩ নং বুথত ৩০ মিনিটৰ বাবে ভোটদান স্থগিত ৰখা হয়। ইভিএমৰ বিসংগতিৰ বাবে ভোটদান স্থগিত।



  • Nov 30, 2023 08:54 IST

    কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীৰ ভোটদান 

    কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীৰ ভোটদান। হায়দৰাবাদৰ বৰকতপুৰাৰ এটা ভোটকেন্দ্ৰত নেতাগৰাকীয়ে ভোট দিয়ে।



  • Nov 30, 2023 08:09 IST

    অভিনেতা আলু অৰ্জুনে সাব্যস্ত কৰিলে ভোটাধিকাৰ

    হায়দৰাবাদৰ জুবিলি হিলছৰ এটা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে অভিনেতা আলু অৰ্জুনে। ইয়াৰ লগতে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাই অভিনেতাগৰাকীয়ে।



  • Nov 30, 2023 08:09 IST

    জনতাক ভোট দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান

    ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো ভোটাৰক বহুমূলীয়া ভোটদান কৰিবলৈ আহ্বান জনাইছে। ছ'চিয়েল মিডিয়াত মোডীয়ে লিখে যে- মই তেলেংগানাৰ ভগ্নী আৰু ভাতৃসকলক অভিলেখ সংখ্যাত ভোট দি গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ যুৱ প্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছো।




  • Nov 30, 2023 07:59 IST

    বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ তেলেংগনা বিধানসভা নিৰ্বাচন। ১১৯ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। এইবাৰ তেলেংগনা নিৰ্বাচনী যুঁজত ২,২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।প্ৰতিদ্বন্দ্বিসকলৰ ভিতৰত ২২১ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ লোক আছে।



bjp BRS telengana election congress