সাংবাদিক অনিল বৰুৱাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

সাংবাদিক অনিল বৰুৱাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
সাংবাদিক অনিল বৰুৱাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

ডিজিটেল সংবাদ, গুৱাহাটী: প্ৰবীণ সাংবাদিক, "দৈনিক অসম"ৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট লেখক, চিন্তাবিদ অনিল বৰুৱাৰ বিয়োগত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰি এজন নিষ্ঠাবান সাংবাদিকৰ বিয়োগে ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মতপোষণ কৰে।

Advertisment

এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় "ন-লেখক সৃষ্টিত অনিল বৰুৱাৰ ভূমিকা আছিল অন্যন্য । এজন জাতীয়তাবাদী চিন্তাৰ প্ৰকৃত অসমপ্ৰেমী সাংবাদিক আছিল অনিল বৰুৱা । সততা, নিষ্ঠা, একাগ্ৰতাৰে সকলোকে আকোঁৱালি ল'ব জানিছিল ।"

বিশিষ্ট সাংবাদিক, সম্পাদক অনিল বৰুৱাৰ বিয়োগত প্ৰসিদ্ধ চিকিৎসক ডা: যাদৱ কুমাৰ, সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ শচীন দাস, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, নিখিল ৰাভা আদিয়ে শোক প্ৰকাশ কৰে।

লগতে লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, "আসাম লুতাদ" ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি ভিন-ভিন দল-সংগঠন গভীৰ শোক প্ৰকাশ কৰি এজন সঁচা সাংবাদিক হেৰুৱাৰ বাবে দুখ প্ৰকাশ কৰে ।

Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

অনিল বৰুৱা