৩ ঘণ্টাত সলনি ৪ ৰাজ্যৰ ভোটগণনাৰ সকলো দৃশ্য়পটঃ সঠিক তথ্যৰ বাবে চাওঁক এই খবৰ...

৩ ঘণ্টাত সলনি ৪ ৰাজ্যৰ ভোটগণনাৰ সকলো দৃশ্য়পটঃ সঠিক তথ্যৰ বাবে চাওঁক এই খবৰ...
৩ ঘণ্টাত সলনি ৪ ৰাজ্যৰ ভোটগণনাৰ সকলো দৃশ্য়পটঃ সঠিক তথ্যৰ বাবে চাওঁক এই খবৰ...

ডিজিটেল ডেস্কঃ ৩ ঘণ্টা অতিক্ৰম। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ছত্তিশড়, তেলংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ বিধানসভাৰ ভোটগণনা অব্যাহত আছে। এই পৰ্যন্ত এখন ৰাজ্যতো এজন প্ৰাৰ্থী বিজয়ী হোৱা নাই যদিও প্ৰায় প্ৰতিখন ৰাজ্যতে বিজেপিৰ প্ৰাৰ্থী অধিক আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ছত্তিশগডড়ত এই পৰ্যন্ত বিজেপি ৪৩ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৩৯ খন আসনত আগবাঢ়ি আছে। আনহাতে চি পি আই এখন আসনত আগবাঢ়ি আছে।

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৫০ খন আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছ আগবাঢ়ি আছে ৬৯ খন আসনত। ইয়াৰোপৰি অন্যান্য আগবাঢ়ি আছে ৩ খন আসনত।

ৰাজস্থানত ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১০৩ খন, কংগ্ৰেছ ৭৪ খন আসনত আগবাঢ়ি আছে। ইয়াৰোপৰি অন্যান্য আগবাঢ়ি আছে ১৬ খন আসনত। সেইদৰে তেলেংগানাত ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছ ৫৮ খন আসনত, বি আৰ এছ ৩৩ খন আসনত আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে।

অৱশ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে মধ্যপ্ৰদেশত বিজেপি ১৩৯ খন আসনত, কংগ্ৰেছ ৯০ খন আসনত, ৰাজস্থানত বিজেপি ১১৩ খন আসন কংগ্ৰেছ ৭০ খন আসনত, ছত্তিশগড়ত বিজেপি ৪৯ খন আসনত, কংগ্ৰেছ ৩৯ খন আসনত আৰু তেলেংগানাত কংগ্ৰেছ ৬৬ খন আসনত, বি আৰ এছ ৪০ খন আসনত, বিজেপি ৯ খন আসনত আৰু অন্যান্য ৪ খন আসনত আগবাঢ়ি আছে। এই পৰ্যন্ত এজনো প্ৰাৰ্থী বিজয়ী হোৱা নাই।

৩ ঘণ্টাত সলনি ৪ ৰাজ্যৰ ভোটগণনাৰ সকলো দৃশ্য়পটঃ সঠিক তথ্যৰ বাবে চাওঁক এই খবৰ...
গণতন্ত্ৰক কলুষিত কৰিছে কোনে? তেলেংগানাত হৰ্ছ ট্ৰেডিঙৰ আশংকা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in