Advertisment

গণতন্ত্ৰক কলুষিত কৰিছে কোনে? তেলেংগানাত হৰ্ছ ট্ৰেডিঙৰ আশংকা !

গণতন্ত্ৰক কলুষিত কৰিছে কোনে? তেলেংগানাত হৰ্ছ ট্ৰেডিঙৰ আশংকা !

author-image
Asomiya Pratidin
New Update
গণতন্ত্ৰক কলুষিত কৰিছে কোনে? তেলেংগানাত হৰ্ছ ট্ৰেডিঙৰ আশংকা !

গণতন্ত্ৰক কলুষিত কৰিছে কোনে? তেলেংগানাত হৰ্ছ ট্ৰেডিঙৰ আশংকা !

ডিজিটেল ডেস্কঃ ক্ষমতা দখলৰ বাবে বিধায়ক ক্ৰয়ৰ অভিযোগ ভাৰতত নতুন নহয়। কোনোবাই মন্ত্ৰীত্বৰ লোভত, কোনোবাই টকাৰ লোভত নিৰ্বাচিত হোৱাৰ পাছত দল সলনি কৰা বিষয়টো ভাৰতীয় ৰাজনীতিৰ এক এৰাব নোৱাৰা অংশ হৈ পৰিছে।

Advertisment

২০১৮ ত জনতাৰ জনাদেশ অনুসৰি কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পাছতো মধ্যপ্ৰদেশত এতিয়া বিজেপিৰ চৰকাৰ। কংগ্ৰেছৰ বিধায়ক বিজেপিত চামিল কৰি অপাৰেচন লটাছৰ আধাৰত কংগ্ৰেছৰ পৰা মধ্যপ্ৰদেশ কাঢ়ি লৈছিল বিজেপিয়ে।

এইবাৰ তেলেংগানাতো হ'ব নেকি অনুৰূপ ঘটনা? এই প্ৰশ্ন ৰাইজৰ মনলৈ নাহিলেও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মনলৈ কিন্তু ঠিকেই আহিছে। সেয়ে বিজেপিয়ে কোনো কাৰণতে যাতে কংগ্ৰেছৰ বিধায়কৰ সৈতে যোগাযোগ কৰিব নোৱাৰে, কোনো কংগ্ৰেছী বিধায়ক যাতে বিজেপিৰ পাকচক্ৰত পৰি দল ত্যাগ কৰিব নোৱাৰে তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

এতিয়ালৈকে ৰাজ্যখনত এজনো প্ৰাৰ্থী বিজয় হোৱা নাই যদিও ৬৬ খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। আনহাতে বি আৰ এছ আগবাঢ়ি আছে ৪২ খন আসনত। বিজেপি আগবাঢ়ি আছে ৭ খন আসনত।

বি আৰ এছৰ সৈতে আছে বিজেপিৰ সুসম্পৰ্ক। এনে পৰিস্থিতিত কংগ্ৰেছী বিধায়কক নিজৰ লগত চামিল কৰি বিজেপিয়ে বি আৰ এছৰ সৈতে চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰাৰ উমান পাইছে কংগ্ৰেছে।

সেয়ে তেলেংগানাত বিজয়ী হোৱা কংগ্ৰেছী বিধায়কসকলক মুহূৰ্ততে লৈ যোৱা হ'ব কোনো অজ্ঞাত স্থানলৈ। তাৰ বাবে সাজু কৰি ৰখা হৈছে এখন বিশেষ বাছ।

হৰ্ছ ট্ৰেডিঙৰ পৰা ৰক্ষা পাবলৈকে কংগ্ৰেছৰ এই ব্যৱস্থা। যদি সঁচাকৈয়ে এয়াই হৈছে, হৰ্ছ ট্ৰেডিঙৰ বাবে বিজেপি সাজু হৈছে তেন্তে গণতন্ত্ৰৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে।

গণতন্ত্ৰত ৰাইজেই ৰজা। ৫ বছৰৰ মূৰত প্ৰতিনিধি নিৰ্বাচনৰ এক সুযোগ লাভ কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ নেতা নিৰ্বাচন কৰে। তাৰ পাছত অৰ্থৰ বিনিময়ত সেই প্ৰতিনিধিক নিজৰ দললৈ আনি জনতাৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা এই ব্যৱস্থা গণতন্ত্ৰৰ বাবে যে কোনো কাৰণতে শুভ কাৰক নহয় সেয়া ১০০ শতাংশ নিশ্চিত।

Also Read: এয়াই ৰাজনীতি ! খুৰাকৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ভতিজাই...

তেলেংগানা বিধানসভা নিৰ্বাচন