ভোটগণনাৰ ২ ঘণ্টা অতিক্ৰমঃ ৩ ৰাজ্যত বিজেপি, এখনত কংগ্ৰেছ !

ভোটগণনাৰ ২ ঘণ্টা অতিক্ৰমঃ ৩ ৰাজ্যত বিজেপি, এখনত কংগ্ৰেছ !
ভোটগণনাৰ ২ ঘণ্টা অতিক্ৰমঃ ৩ ৰাজ্যত বিজেপি, এখনত কংগ্ৰেছ !

ডিজিটেল ডেস্কঃ ভোটগণনাৰ প্ৰথম দুই ঘণ্টী অতিক্ৰম কৰিছে। এই দুই ঘণ্টাত মধ্যপ্ৰদেশক বাদ দি বাকী তিনিখন ৰাজ্য ক্ৰমে ছত্তিশগড়, ৰাজস্থান, তেলেংগানাত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

মধ্যপ্ৰদেশত বুলেট ট্ৰেইনৰ গতিৰে আগবাঢ়িছে শাসকীয় বিজেপি। সেই অনুসৰি ৰাজ্যখনত পুনৰ বিজেপিৰ চৰকাৰ হোৱাৰ দিশে আগবাঢ়িছে। দলটোৰ কাৰ্যালয়ত দেখা গৈছে আনন্দ, উল্লাস।

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপিয়ে ১৫০ খন আসনতে আগবাঢ়ি আছে। ৰাজ্যখনত ক্ষমতা দখলৰ বাবে মেজিক নম্বৰ ১১৬। যদি এই ট্ৰেণ্ডেই অব্যাহত থাকে তেন্তে মধ্যপ্ৰদেশত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। ৰাজ্যখনত একক সংখ্যা গৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব।

সেইদৰে ৰাজস্থানত ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১২৫ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়ি আছে ৬২ খন আসনত। অৱশ্যে দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে। মুহূৰ্তৰ ভিতৰতে সলনি হৈছে দৃশ্যপট। ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিক বাদ দি অন্যান্য ১২ খন আসনত আগবাঢ়ি আছে।

তেলেংগানাত আগবাঢ়ি আছে কংগ্ৰেছ। ৰাজ্যখনত দুঘণ্টাত কংগ্ৰেছে ৫৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বি আৰ এছ ৪৯ খন আসনত আগবাঢ়ি আছে। বিজেপি ৬ খন আৰু অন্যান্য ৫ খন আসনত আগবাঢ়িছে।

ছত্তিশগড়তো বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি আছে প্ৰতিদ্বন্দিতা। এই পৰ্যন্ত বিজেপিয়ে ৪৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগহগ্ৰেছে ৪৪ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ২ খন আসনত।

অৱশ্যে এতিয়ালৈকে ৪খন ৰাজ্যৰ এখনতো এজনো প্ৰাৰ্থীৰ চূড়ান্ত ফলাফল প্ৰকাশ হোৱা নাই।

ভোটগণনাৰ ২ ঘণ্টা অতিক্ৰমঃ ৩ ৰাজ্যত বিজেপি, এখনত কংগ্ৰেছ !
খেল পথাৰত নহয়, নিৰ্বাচনী পথাৰত মহম্মদ আজাহাৰুদ্দিনে দেখুৱাইছে চমক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in