চাকৰিৰ বিনিময়ত মাটি! এজনৰ পাছত আনজন নেতা চিবিআইৰ জালত...

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াৰ পাছত এইবাৰ চিবিআইৰ চকু পৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ ওপৰত।

author-image
Asomiya Pratidin
New Update
চাকৰিৰ বিনিময়ত মাটি! এজনৰ পাছত আনজন নেতা চিবিআইৰ জালত...

ডিজিটেল ডেস্কঃ এজনৰ পাছত আন এজন আগশাৰীৰ নেতাৰ নাম সন্নিবিষ্ট হৈছে বিভিন্ন কেলেংকাৰীৰ নামত। দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াৰ পাছত এইবাৰ চিবিআইৰ চকু পৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ ওপৰত।

Advertisment

শনিবাৰে চিবিআইয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক চাকৰি সংক্ৰান্ত কেলেংকাৰীৰ সন্দৰ্ভত সোধ-পোচৰ বাবে কাৰ্যালয়ত হাজিৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

যাদৱক ইয়াৰ পূৰ্বে ৪ মাৰ্চত সোধা-পোছাৰ বাবে মাতি পঠিওৱা হৈছিল কিন্তু তেওঁ চিবিআইৰ সন্মুখত হাজিৰ হোৱা নাছিল। যাৰ বাবে পৰৱৰ্তী সয়য়ত নতুন তাৰিখ দিছিল।

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতাজনক আজি হাজিৰ হবলৈ কোৱা হৈছিল যদিও এই পৰ্যন্ত হাজিৰ হোৱা নাই তেওঁ। চিবিআইয়ে একেই গোচৰ সংক্ৰান্তত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পত্নী ৰাৱড়ী দেৱীকো সোধা পোছা কৰিছিল।

উল্লেখ্য যে, বিহাৰত ৰেলৱেৰ নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী পোহৰলৈ আহিছে। চাকৰিৰ বিনিময়ত মাটি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে চিবিআইয়ে তদন্ত চলাই আছে।

Also Read: অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...

cbi tejaswai yadav