অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...
অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...

ডিজিটেল সংবাদ নুমলীগড় : নুমলীগড়ৰ চৰকাৰী অসমীয়া বিদ্যালয়ত ব্যতিক্ৰমী দৃশ্য। ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে তিনি শতাধিকৰ ভিৰ। যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্রতি মানুহৰ অনিহা তথা আধুনিকতাৰ ধামখুমীয়াত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে এক অঘোষিত প্রতিযোগিতা, চলিছে; তেনে সময়তে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এক ব্যতিক্রমী দৃশ্য।

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত নিজৰ সন্তানটিক নামভর্তি কৰিবৰ বাবে অভিভাৱক তথা ছাত্র-ছাত্রীয়ে বিদ্যালয়খনত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়খনত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আবেদন কৰি আজি এটা বিশেষ পৰীক্ষাত অৱতীৰ্ণ হয়।

১৯৬৩ত স্থাপন হোৱা বিদ্যালয়খনত বিগত বৰ্ষত ১০৪২ জন ছাত্র-ছাত্রী আছিল আৰু এইবৰ্ষৰ সকলো আবেদনকাৰী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিলে প্ৰতিটো শাখাতে শতাধিক ছাত্র- ছাত্ৰী থাকিব। ইয়াৰ ফলশ্ৰুতিত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ'ব লাগিব।

বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক লৈ শ্ৰেণীকোঠাৰ কোনো অসুবিধা নাই যদিও পর্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। বিদ্যালয়খনক শেহতীয়াকৈ চৰকাৰী ভাবে ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

ইফালে বিদ্যালয়খনে আসাম টিংকাৰীং লেবো লাভ কৰিছে। বিদ্যালয়খনৰ সেউজ পৰিৱেশৰ লগতে জৈৱিক পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক কৃষি জ্ঞান দিয়া হয়। বৃত্তিমূলক শিক্ষা দিয়া হয়।

উল্লেখ্য যে বিদ্যালয়খনৰ সাম্প্রতিক পৰিবেশ হয়তু ৰাজ্যখনৰ ভিতৰতে বিৰল। শিক্ষক- শিক্ষয়িত্রী, পৰিচালনা সমিতি তথা অভিভাৱকবর্গৰ একত্রিত প্রয়াসে বিদ্যালয়খনক চৰকাৰী বিদ্যালয় হ'লেও এক উচ্চ শিখৰত উপনীত কৰাইছে বুলি চৌদিশে চর্চা চলিছে।

বিদ্যালয়খনত শিক্ষাৰ লগতে ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰ দিশটোকো গুৰুত্ব দিয়া হৈছে। বিদ্যালয়খনৰ প্ৰাৰ্থনাৰ সময়ছোৱাতো প্রতিদিনে বিভিন্ন ব্যতিক্রমী অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ জন্মদিনত গছপুলি ৰোপনকে আদি কৰি অত্যাধুনিক ডিজিটেল লেব, কলা-কৃষ্টিৰ কুটীৰ নামৰ এটি সংগ্রহালয় বিদ্যালয়ত সংযোজিত হৈ আছে ।

তদুপৰি, বিদ্যালয়খনৰ পৰিৱেশ সুস্থ হোৱাৰ উপৰিও সেউজ সুন্দৰ হোৱাৰ বাবে ২০১৯ বৰ্ষৰ গ্ৰাছ গ্রীণ এৱাৰ্ড লাভ কবিবলৈ সক্ষম হয়। ইপিনে, বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'নুমলী' বিগত ২০০২ চনৰ পৰা অবিৰতভাৱে প্রকাশ পাই আহিছে আৰু এই সময়ছোৱাত আলোচনীখনে কেইবা ঠাইতো বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজে নিজা সন্তানক নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি দি এজন মানুহ হিচাবে গঢ় দিয়াৰ সপোন ৰচিছে। কিন্তু, প্ৰ-পত্ৰ পূৰণ কৰিও নিজ সন্তানে বিদ্যালয়খনত পঢ়িবলৈ পাব নে নাই, ইয়াকে লৈ চৰম অনিশ্চয়তাত ভুগিব লগাত পৰিছে।

বিদ্যালয়খনত 'ক' শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। এই ক্ষেত্ৰত, অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰেই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী বৃদ্ধি কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে।

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...
যোৰহাটত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদৰাকী শাখাৰ অভিযানঃ এজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in