মোডীৰ শপত গ্ৰহণৰ পাছতে মোহন ভগৱতৰ মুখত মণিপুৰৰ প্ৰসংগঃতেজস্বীয়ে দিলে প্ৰতিক্ৰিয়া...

নাগপুৰৰ আৰ এছ এছৰ সভাত মণিপুৰৰ প্ৰসংগ উত্থাপন
মোডীৰ শপত গ্ৰহণৰ পাছতে মোহন ভগৱতৰ মুখত মণিপুৰৰ প্ৰসংগঃতেজস্বীয়ে দিলে প্ৰতিক্ৰিয়া...
মোডীৰ শপত গ্ৰহণৰ পাছতে মোহন ভগৱতৰ মুখত মণিপুৰৰ প্ৰসংগঃতেজস্বীয়ে দিলে প্ৰতিক্ৰিয়া...

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰাৰ পাছতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘ সঞ্চালক মোহন ভগৱতে মণিপুৰৰ প্ৰসংগ উত্থাপন কৰা বিষয়টোৱে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। প্ৰায় এবছৰৰো অধিক সময় ধৰি গোষ্ঠীগত সংঘৰ্ষত অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰত এতিয়াও নাগৰিকৰ ঘৰ জ্বলিয়েই আছে।

প্ৰাণৰ মমতাত হাজাৰ হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰি আছে শিবিৰত। তাৰ মাজতে শেহতীয়াকৈ পুনৰ এখন গাঁৱত অগ্নি সংযোগ কৰাত মণিপুৰ এৰি পলায়ন কৰিছে বহু লোকে। এনে পৰিস্থিতিত মহোন ভগৱতে সোমবাৰে নাগপুৰত মণিপুৰৰ প্ৰসংগ উত্থাপন কৰে।

নাগপুৰত অনুষ্ঠিত হোৱা আৰ এছ এছৰ এক কাৰ্যসূচীত মোহন ভগৱতে কয়, মণিপুৰে এবছৰ ধৰি শান্তিলৈ অপেক্ষা কৰি আছে। ইয়াৰ আগতে ১০ বছৰ মণিপুৰত শান্তি আছিল। এনেকুৱা লাগিছিল পুৰণি বন্দুকৰ সংস্কৃতিৰ অন্ত পৰিছিল। কিন্তু আচৰিত কৰি হঠাৎ ই পুনৰ সক্ৰিয় হৈ পৰিল বা সক্ৰিয় কৰি তোলা হ'ল। তাৰ জুই এতিয়াও জ্বলি আছে। কোনে ইয়াৰ ওপৰত গুৰুত্ব দিব? মণিপুৰক অগ্ৰাধিকাৰ দি তাৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰা উচিত। এয়া এক কৰ্তব্য।

উল্লেখ্য যে, যোৱা এটা বছৰৰো অধিক সময় মণিপুৰ প্ৰসংগত শাসকীয় দলটোক বিৰোধীয়ে সমালোচনা কৰি আহিছে। মণিপুৰ প্ৰসংগতে যোৱা সময়ছোৱাত সংসদত বিৰোধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল আস্থাভোট।

ফলত মণিপুৰ প্ৰসংগত এটা শব্দও নোকোৱা প্ৰধানমন্ত্ৰী বাধ্য হৈছিল সংসদত ভাষণ ৰাখিবলৈ। সেই সময়ছোৱাত অৱশ্যে আৰ এছ এছৰ ফালৰ পৰা এনেধৰণৰ কোনো মন্তব্য অহা নাছিল।

তৃতীয়বাৰৰ বাবে মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে মোহন ভগৱতে এই বিষয়টো উত্থাপন কৰাত এতিয়া ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰ জে ডিৰ নেতা তেজস্বী যাদৱে কয়, মণিপুৰ প্ৰসংগত মোহন ভগৱতে বহু পলমকৈ মুখ খুলিছে।

সংবাদ মাধ্যমৰ আগত তেওঁ পুনৰ কয়, প্ৰধানমন্ত্ৰী সদায়েই মৌন হৈ আহিছে। কেৱল মণিপুৰৰ ঘটনাতে নহয়, কৃষকৰ ওপৰত হোৱা আক্ৰমণ, মল্লযুঁজাৰুৰ সৈতে হোৱা শোষণ আদি সকলো ক্ষেত্ৰতে মৌন হৈ আছিল প্ৰধানমন্ত্ৰী। মোহন ভগৱতে পলমকৈ হ’লেও যে এই বিষয়ে মাত মাতিছে।

মোডীৰ শপত গ্ৰহণৰ পাছতে মোহন ভগৱতৰ মুখত মণিপুৰৰ প্ৰসংগঃতেজস্বীয়ে দিলে প্ৰতিক্ৰিয়া...
NEET-UG ৰ খেলিমেলিক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু NTA লৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in