/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b58dd63b-a689-4d99-bb11-d40016ec4357/212.jpg)
ডিজিটেল ডেস্কঃ ভাৰত শক্তি সপ্তাহ-২০২৪ ৰ তৃতীয় দিনটোত আজি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰদৰ্শিত বিভিন্ন প্ৰযুক্তি, উদ্ভাৱনৰ প্ৰশংসা কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰৰ বাবে নিৰ্মাণ কৰা কিউআৰ কোড আৰু ডিজেল ইঞ্জিনৰ সৈতে টেম্পাৰ প্ৰুফ' ৰন্ধন গেছ চিলিণ্ডাৰকে ধৰি প্ৰদৰ্শন হোৱা কেতবোৰ উদ্ভাৱনৰ ওপৰত আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d367aa83-fcca-4def-9e86-b375f6cdcdf1/6c2f74c8_11d6_4216_b8b2_6752f87c0d8e.jpg)
তেওঁ শক্তি খণ্ডত ভাৰতৰ অগ্ৰগতি সন্দৰ্ভত উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ইয়াত প্ৰদৰ্শিত প্ৰদৰ্শনীসমূহত জৈৱ ইন্ধনৰ দিশটো অতি শক্তিশালীভাৱে উত্থাপন কৰা হৈছে। মই অতি আকৰ্ষিত হোৱা এটা প্ৰকল্প হ'ল ৰন্ধন তেল আৰু বনস্পতি তেলৰ পৰা বহনক্ষম বিমান ইন্ধন প্ৰস্তুত কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2f1438cf-2702-4bce-beb9-042d15a1c6d5/d7af1f4d_c0a1_40ba_ad85_b3dbf7e8dd44.jpg)
তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে আনুমানিক লক্ষ্যতকৈ ৫মাহ আগতে পেট্ৰ'লৰ সৈতে ১২ শতাংশ ইথানল মিশ্ৰণ কৰিছে আৰু ইয়াৰ ফলত চৰকাৰে ২০২৫ ৰ ভিতৰত ইথানল মিশ্ৰণৰ লক্ষ্য ২০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য লৈছে। তেওঁ কয়- পৰৱৰ্তী প্ৰজন্ম বৈদ্যুতিক আৰু ইথানল হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/aa10c3ac-3941-4dc7-bace-d399dbd857a3/512975c6_5e05_4505_a784_578b2b50aaa7.jpg)
কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে লগতে ঘোষণা কৰে যে, গোৱা এখন কেৰাচিন মুক্ত ৰাজ্য হৈ পৰিছে। সেয়ে তেওঁ গোৱা চৰকাৰক অভিনন্দন জনায়।
Also Read: ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ