ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ

ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ,ধেমাজি : জিলা নিবাৰ্চনী বিভাগে বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ দুটাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে ৷ এই সম্পৰ্কে অনুষ্ঠিত হোৱা সভাত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে নিবাৰ্চনী বিভাগ আৰু সমষ্টিৰ দুটাৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

সমষ্টি দুটাৰ ভোটাৰ তালিকা প্ৰকাশ কৰি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে কয় যে, ৭৮ নম্বৰ ধেমাজি জনজাতি সমষ্টিত আগতে মঠ ভোটাৰ সংখ্যা আছিল ১৭০৩৬৪ গৰাকী ৷ এতিয়া সংশোধনীৰ পিছত হয়গৈ ১৯২ টা ভোট কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা ১৭১১১৯ গৰাকী ৷

ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৮৫৩৮৯ আৰু মহিলা ভোটা হৈছে ৮৫৭৩০ গৰাকী ৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নতুনকৈ গঠন হোৱা ৭৯ নম্বৰ চিচিবৰগাঁও সমষ্টিত আগতে ভোটাৰ সংখ্যা আছিল ১৭২৫৫০ গৰাকী।

এতিয়া সংশোধনীৰ পিছত হয়গৈ ২০১টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা ১৭৪৬২৩ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৮৮৪৮৪ আৰু মহিলা ভোটাৰ হৈছে ৮৬১৩৯ গৰাকী ৷ অৱশ্যে আয়ুক্তগৰাকীয়ে উল্লেখ কৰামতে চূড়ান্ত তালিকা প্ৰকাশ কৰিলেও নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনলৈকে এই সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷

ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান অনুসন্ধানমূলক প্ৰতিযোগিতা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in