পুনৰ উত্তাল দেশৰ ৰাজনীতি: ই ডিৰ জালত ইজনৰ পাছত সিজন ৰাজনীতিবিদ...

পুনৰ উত্তাল দেশৰ ৰাজনীতি: ই ডিৰ জালত ইজনৰ পাছত সিজন ৰাজনীতিবিদ...

ডিজিটেল ডেস্ক : দেশত অব্যাহত আছে দুৰ্নীতিৰ বিৰুদ্ধে ই ডি অভিযান। ইজনৰ পাছত সিজন ৰাজনীতিবিদ ই ডিৰ জেৰা লৈ অহাৰ সমান্তৰাল ভাবে বিগত সময়ত গ্ৰেপ্তাৰ হৈছে ৰাজনীতিবিদ। যাৰ বাবে দুৰ্নীতিৰ ক্ষেত্ৰত দেশৰ ৰাজনীতিবিদসকলে প্ৰশ্নৰ সন্মুখীন হোৱাৰ লগতে সমালোচনাৰো সন্মুখীন হৈ আহিছে। আৰু এইবাৰ ই ডিৰ জালত পৰিল তামিলনাডুৰ মন্ত্রী ছেন্থিল বালাজী। আৰ্থিক দুৰ্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় মন্ত্রীজনক।

ই ডিয়ে চলোৱা ১৮ ঘণ্টা জেৰাৰ অন্তত মঙলবাৰে নিশা গ্রেপ্তাৰ কৰা হয় মন্ত্ৰীজনক। গ্রেপ্তাৰৰ পিছতে তেওঁৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হয়। মঙলবাৰে মন্ত্রীগৰাকীৰ বাসভৱনত দিনজুৰি চলা তালাচী অভিযানৰ পাছতে গ্রেপ্তাৰ কৰা হয় মন্ত্ৰীজনক। তেওঁক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাবে ই ডিয়ে জব্দ কৰে বিভিন্ন নথি-পত্র।

তামিলনাডুৰ মন্ত্রীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলাৰ পৰিলক্ষিত হৈছে। ৰাজনীতিবিদৰ দুৰ্নীতিয়ে যে সমগ্ৰ দেশতে বিৰূপ প্ৰভাৱ পেলাইছে সেই কথা পুনৰ প্ৰমাণ কৰিছে এই ঘটনাই। উল্লেখ্য ছেন্থিল বালাজী তামিলনাডুৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰী তথা ডি এম কে পাৰ্টীৰ প্ৰাৰ্থী।

পুনৰ উত্তাল দেশৰ ৰাজনীতি: ই ডিৰ জালত ইজনৰ পাছত সিজন ৰাজনীতিবিদ...
ৰাজ্যৰ ১১ গৰাকী এ চি এছ বিষয়াক আই এ এছ বিষয়ালৈ পদোন্নতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in