/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e69e2175-6062-4dcd-a8dc-ab0ecaa14823/bibhav18.jpg)
স্বাতী মালিৱাল কাণ্ডঃ গ্ৰেপ্তাৰ অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ বিভৱ কুমাৰ...
ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰ। আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক ১৩ মে'ৰ পুৱা কেজৰিৱালৰ চৰকাৰী আৱাসত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল বিভৱ কুমাৰৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাত কৰিবলৈ যোৱাৰ সময়তে তেওঁক বিভৱ কুমাৰে প্ৰথমে অপদস্থ কৰি পৰৱৰ্তী সময়ত প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি দিল্লী আৰক্ষীক সেই দিনাই অৱগত কৰিছিল।
এই ঘটনাই পৰৱৰ্তী সময়ত বিতৰ্কৰ সূচনা কৰে। প্ৰথমে স্বাতীয়ে এই সন্দৰ্ভত কেৱল আৰক্ষীক অৱগত কৰিয়েই আৰক্ষী থানাৰ পৰা আঁতৰি গৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপিয়ে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী অকৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰিছিল। সেইদৰেই ৰাষ্ট্ৰীয় মহিলা আয়োগেও নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছিল।
Delhi Police arrests Bibhav Kumar, former PS of Delhi CM Arvind Kejriwal, in connection with the AAP MP Swati Maliwal assault case pic.twitter.com/nVHFwT8MIf
— ANI (@ANI) May 18, 2024
আপে প্ৰথমে স্বাতী মালিৱালৰ সপক্ষে থিয় দি এই ঘটনাক নিন্দা কৰি অৰবিন্দ কেজৰিৱালে নিজেই সমগ্ৰ ঘটনাত হস্তক্ষেপ কৰা বুলি সাংসদ সঞ্জয় সিঙে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছিল। কিন্তু শুকুৰবাৰে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনাই এই ঘটনাৰ সৈতে বিভৱ কুমাৰ জড়িত নহয় বুলি কৈ এয়া বিজেপিৰ চক্ৰান্ত বুলিহে দাবী কৰিছিল। তেওঁ লগতে কৈছিল স্বাতীয়ে বিজেপিৰ চক্ৰান্তত অৰবিন্দ কেজৰিৱালক টাৰ্গেত কৰি আহিছিল যদিও তেওঁক নোপোৱাত বিভৱ কুমাৰকে এই ভুৱা অভিযোগত অভিযুক্ত কৰিছে।
১৩ মে' ত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে স্বাতীয়ে গোচৰ দিয়ে আৰু সেই গোচৰৰ ভিত্তিতে আজি বিভৱ কুমাৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ পৰা প্ৰথমে আটক কৰে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে। ইফালে এই ঘটনা সন্দৰ্ভত শুকুৰবাৰেই বিভৱ কুমাৰেও স্বাতীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল। অৱশ্য তেওঁৰ গোচৰ পঞ্জীয়ন হোৱা নাই।
অন্যহাতে বিভৱ কুমাৰৰ অধিবক্তা কৰণ শৰ্মাই জানিবলৈ দিয়া মতে আৰক্ষীৰ পৰা তেওঁক গ্ৰেপ্তাৰৰ সন্দৰ্ভত কোনে তথ্য এতিয়ালৈকে তেওঁলোকে লাভ কৰা নাই। আৰক্ষীক তেওঁলোকে ইমেইল কৰি গোচৰটোৰ তদন্তত সকলোধৰণ সহযোগিতা কৰিম বুলিও জনাইছে বুলি তেওঁ কয়।
#WATCH | Delhi: Advocate Karan Sharma representing Bibhav Kumar says, "We've not received any information from the police yet. We've sent them an e-mail that we will cooperate in the investigation."
Delhi Police arrested Bibhav Kumar, former PS of Delhi CM Arvind Kejriwal, in… pic.twitter.com/1Rv24FFyaV— ANI (@ANI) May 18, 2024
Also Read: ধোনীৰ হ'ব পাৰে অন্তিম মেচঃ প্লে' অফ খেলিবলৈ RCB ৰ সন্মুখত জটিল অংক...