ধোনীৰ হ'ব পাৰে অন্তিম মেচঃ প্লে' অফ খেলিবলৈ RCB ৰ সন্মুখত জটিল অংক...

আই পি এলত আজি আৰ চি বি বনাম চি এছ কেৰ গুৰুত্বপূৰ্ণ মেচ

author-image
Asomiya Pratidin
New Update
ধোনীৰ হ'ব পাৰে অন্তিম মেচঃ প্লে' অফ খেলিবলৈ RCB ৰ সন্মুখত জটিল অংক...

ধোনীৰ হ'ব পাৰে অন্তিম মেচঃ প্লে' অফ খেলিবলৈ RCB ৰ সন্মুখত জটিল অংক...

ডিজিটেল ডেস্কঃ আজি চিন্নাস্বামী ষ্টেডিয়ামত আই পি এলৰ চলিত ছিজনৰ সৰ্বাধিক চৰ্চিত মেচখন অনুষ্ঠিত হ’ব। বিগত বছৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ। আজিৰ এই মেচখনৰ ফলাফলেই নিৰ্ভৰ কৰিব দুয়োটা দলৰ প্লে’ অফৰ যাত্ৰাৰ স্বপ্ন। যদিহে চেন্নাই পৰাস্ত হয় তেন্তে হয়তো আজিৰ এই মেচখনেই হ’ব পাৰে মহেন্দ্ৰ সিং ধোনীৰ অন্তিম আই পি এলৰ মেচ।

Advertisment

আই পি এলৰ প্লে’ অফৰ দৌৰত আছে চেন্নাই চুপাৰ কিংছ আৰু আৰ চি বি। এই মেচখন দুয়োটা দলৰ বাবে সমানেই গুৰুত্বপূৰ্ণ যদিও কিছু আগবাঢ়ি আছে চেন্নাই চুপাৰ কিংছ। পইণ্ট টেবুললৈ লক্ষ্য কৰিল দেখা যায় চেন্নাই চুপাৰ কিংছে ১৩ খন মেচ খেলি ১৪ পইণ্ট লাভ কৰিছে। আনহাতে সম সংখ্যক মেচ খেলি আৰ চি বিয়ে লাভ কৰিছে ১২ পইণ্ট।

আজিৰ মেচখনত অৱশ্যে বৰষুণেও বিধি পথালি দিয়াৰ সম্ভাৱনা নথকা নহয়। বৰষুণৰ বাবে যদি মেচ পৰিত্যক্ত হয় তেন্তে পইণ্ট ভাগ কৰিব লাগিব দুয়োটা দলে। তেনে পৰিস্থিতিৰ সৃষ্টি হ’লে চেন্নাই চুপাৰ কিংছ সহজতে প্লে' অফত প্ৰৱেশ কৰিব। আৰ চি বিৰ যাত্ৰা ইমানতেই অন্ত পৰিব।

অংক অনুসৰি যদিহে আজিৰ মেচত আৰ চি বিয়ে প্ৰথমে বেটিং কৰে আৰু ২০০ ৰাণ সংগ্ৰহ কৰে তেন্তে চেন্নাইক ১৮২ ৰাণ ভিতৰত পৰাস্ত কৰিব লাগিব। যদিহে আৰ চি বিয়ে দ্বিতীয় ইনিংছত বেটিং কৰে তেন্তে ১১ বল বাকী থকা অৱস্থাত মেচ জয় কৰিব লাগিব।

যিহেতু বৰষুণ অহাৰ সম্ভাৱণা প্ৰৱল সেয়ে বৰষুণৰ পৰৱৰ্তী সময়ত মেচ অনুষ্ঠিত হ’লে অভাৰৰ সংখ্যাও সীমিত কৰাৰ সম্ভাৱনা আছে। তেনে হ'লেও আৰ চি বিৰ বাবে অংক জটিল হৈ পৰিব। যদিহে মেচ সীমিত অভাৰৰ হয় তেন্তে এই অংক অধিক জটিল হ'ব।

৫ অভাৰৰ মেচ হ'লে প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৮০ ৰাণ কৰিব লাগিব আৰু চেন্নাই চুপাৰ কিংছক ৬২ ৰাণৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লাগিব। যদিহে প্ৰথমে বেটিং কৰি চি এছ কেয়ে ৮০ ৰাণ কৰে তেন্তে আৰ চি বিয়ে ৩.১ অভাৰতে সেই ৰাণ সংগ্ৰহ কৰিব লাগিব।

এনে পৰিস্থিতিত কেৱল মেচ জয় কৰিলেই নহ’ব এই সকলো অংক মনত ৰাখি খেলিব লাগিব আৰ চি বিয়ে। ইয়াৰোপৰি কেৱল বেটিং বা বলিং কোনো নিৰ্দিষ্ট এটা বিভাগত শক্তিশালী হ’লেই নহব, আৰ চি বিৰ আজি বলিং আৰু বেটিং দুয়োটা বিভাগেই সৰ্বস্ব উজাৰি দিব পাৰিব লাগিব।

ইফালে যদিহে এই সকলো অংক মিলি যায় আৰু আৰ চি বি জয়ী হৈ যায় তেন্তে হয়তো চেন্নাই চুপাৰ কিংছৰ এই বছৰৰ যাত্ৰা ইমানতেই অন্ত পৰিব। এনে হ'লে চেন্নাই চুপাৰ কিংছৰ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজিৰ এই মেচখনেই হ'ব পাৰে অন্তিমখন মেচ।

ধোনিয়ে চলিত আই পি এলত যেতিয়াই সুযোগ পাইছে তেতিয়াই অনুৰাগীক সন্তুষ্ট কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছে। যি কেইটা বল খেলিছে বাউণ্ডেৰী, অভাৰ বাউণ্ডেৰী কোবাই অনুৰাগীক উন্মাদ কৰি তুলিছে।

তেওঁ এইবাৰ অনুৰাগীৰ বাবেই নিজৰ চেহেৰা সলনি কৰিছে। দীঘল কৰিছে চুলি। আঘাতমুক্ত নোহোৱাকৈয়ে খেলিছে খেল পথাৰত। ‘গাইড’ কৰিছে অধিনায়ক ঋতুৰাজক। ধোনীৰ বাবেই ষ্টেডিয়ামত ভিৰ কৰিছে 'য়েল্ল’ আৰ্মী'য়ে। বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰেও এই ইংগিতেই দিছে। সেয়ে আজিৰ এই মেচখন বহুতৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কাৰণ।   

Also Read: কাজিৰঙা, মিছা প’লো ক্লাব, ৱাইল্ড মাছিৰৰ লগতে গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ ছাফাৰি ৰাজস্থান ৰয়েলছৰ...

আই পি এল মহেন্দ্ৰ সিং ধোনি বিৰাট কোহলি চেন্নাই চুপাৰ কিংছ