স্বাতী মালিৱালৰ ঘটনাক লৈ কেজৰিৱালৰ নাই অনুসূচনা !

স্বাতী মালিৱালক লৈ সমুখ সমৰত আপ-বিজেপি
স্বাতী মালিৱালৰ ঘটনাক লৈ কেজৰিৱালৰ নাই অনুসূচনা !
স্বাতী মালিৱালৰ ঘটনাক লৈ কেজৰিৱালৰ নাই অনুসূচনা !

ডিজিটেল ডেস্কঃ আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অপদস্থ কৰা ঘটনাৰ সন্দৰ্ভত আপ আৰু বিজেপি দুয়োটা দলেই অভিযোগ, প্ৰতি অভিযোগেৰে ৰাজনৈতিক পৰিবেশ উত্তাল কৰি তুলিছে। উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদগৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ পিএ বিভৱ কুমাৰে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।

বৃহস্পতিবাৰে আপৰ ৰাষ্ট্ৰীয় সভাপতি অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱৰ সৈতে লক্ষ্ণৌত এক সংবাদ মেল সম্বোধন কৰাৰ সময়তে এই বিষয়টো সাংবাদিকে উত্থাপন কৰে। ইয়াৰ পাছতে সাংসদ সঞ্জয় সিঙে স্বাতী মালিৱালৰ বিষয়টোক লৈ বিজেপিয়ে ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰে।

মণিপুৰত যেতিয়া কাৰ্গিল যুদ্ধাৰ পত্নীক বিবস্ত্ৰ কৰা হৈছিল প্ৰধানমন্ত্ৰী মৌন হৈ আছিল

স্বাতী মালিৱালৰ সৈতে সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত বিজেপিয়ে কৰা ৰাজনীতিৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সঞ্জয় সিঙে বিজেপিক মণিপুৰৰ কথা উল্লেখ কৰি উভতি ধৰিছে। তেওঁ কয় মণিপুৰত যেতিয়া কাৰ্গিল যুদ্ধাৰ পত্নীক বিবস্ত্ৰ কৰি সমদল কৰা হৈছিল, শ শ মহিলাৰ ওপৰত অত্যাচাৰ কৰা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী মো়ডী মৌন হৈ আছিল।

তেওঁ পুনৰ কয়, হাজাৰ মহিলাৰ সৈতে প্ৰজ্জ্বল ৰেৱান্নাই বলাৎকাৰ কৰিলে। প্ৰধানমন্ত্ৰী মোডীয়ে কয় তেওঁ (প্ৰজ্জ্বল ৰেৱান্না) ভাৰতক শক্তিশালী কৰিব ভোট দিয়ক। তেওঁক পলোৱাই পঠিওৱা হ’ল।

সঞ্জয় সিঙে কয়, মহিলা মল্লযুঁজাৰুৱে যেতিয়া যন্তৰ মন্তৰত ন্যায় বিচাৰি যুঁজ দি আছিল তেতিয়া এই স্বাতী মালিৱালেই তেওঁলোকৰ সমৰ্থনত বহিছিল। আৰক্ষীয়ে তেওঁক টানি আজুৰি প্ৰহাৰ কৰিছিল। ইতিমধ্যে আমাৰ দলীয় স্থিতি স্পষ্ট কৰা হৈছে। বাকী যিবোৰ বিষয় এতিয়া উত্থাপন হৈছে সেইবোৰত বিজেপিয়ে উত্তৰ দিব লাগে।

অৰবিন্দ কেজৰিৱালৰ নাই অনুসূচনা ! এতিয়াও কাষত আছে বিভৱ কুমাৰ

স্বাতী মালিৱালৰ বিষয়ত বিজেপিয়ে আপক নানান ধৰণে সমালোচনা কৰিছে। বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই অৰবিন্দ কেজৰিৱালক সমালোচনা কৰি তেওঁৰ কোনো অনুসূচনা নাই বুলিও কটাক্ষ কৰিছে।

ভাটিয়াই কয়, মহিলাৰ সন্মানৰ বিষয়টোক লৈ বিজেপিয়ে সদায়েই মাত মাতি আহিছে আৰু মহিলাৰ সশক্তিকৰণৰ ওপৰত কাম কৰিছে। আপৰ সাংসদ স্বাতী মালিৱালৰ সৈতে যিদৰে ব্যৱহাৰ  কৰা হ'ল সঞ্জয় সিঙে নিজেই মানি লৈছে সেয়া নিন্দনীয় ঘটনা বুলি।

তেওঁ কয়, এই ঘটনাৰ তিনিদিন অতিক্ৰম হ'ল। সকলোৱে আশা কৰিছিলি নাৰী সন্মানৰ সৈতে অৰবিন্দ কেজৰিৱালে বুজাপৰা নকৰিব। বিভৱ কুমাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আজি যি বিষয় পোহৰলৈ আহিছে সেয়া সকলোকে আচৰিত কৰিব।

অৰবিন্দ কেজৰিৱালৰ ঘটনাক লৈ কোনো অনুসূচনা নাই। বিভৱ কুমাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু তেওঁ অৰবিন্দ কেজৰিৱালৰ সৈতে ঘূৰি আছে। অথচ আপৰ নেতা সঞ্জয় সিঙে দুদিন পূৰ্বে দাবী কৰিছিল স্বাতী মালিৱালৰ সৈতে হোৱা কাণ্ডৰ সন্দৰ্ভত বিভৱ কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কেজৰিৱালে।

ৰাষ্ট্ৰীয় মহিলা আয়োগে লৈছে নিজা ব্যৱস্থা

স্বাতী মালিৱালৰ বিষয়টোক লৈ তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগো। ৰাজ্য সভাৰ সাংসদ হোৱাৰ উপৰিও স্বাতী মালিৱাল ৰাষ্ট্ৰীয় মহিলা আয়োগৰো পূৰ্বৰ অধ্যক্ষ। সেয়ে তেওঁৰ বিৰুদ্ধে সংঘটিত হোৱা এই কাণ্ডত তৎপৰতা দেখুৱাইছে ৰাষ্ট্ৰীয় মহিলা আয়োগে।

আয়োগে অৰবিন্দ কেজৰিৱালৰ পি এ তথা অভিযুক্ত বিভৱক কুমাৰলৈ ঘটনাৰ সন্দৰ্ভত জাননী জাৰি কৰিছে। ১৭ মে', শুকুৰবাৰে পুৱা ১১ বজাৰ ভিতৰত বিভৱ কুমাৰক দিল্লীস্থিত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছে।

স্বাতী মালিৱালৰ ঘটনাক লৈ কেজৰিৱালৰ নাই অনুসূচনা !
আন্তৰ্জাতিক ফুটবলক বিদায় দিলে তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in