ভাল খবৰ! এতিয়াৰ পৰা ট্ৰেইন যাত্ৰাৰ সময়তে কৰিব পাৰিব চুইগীত অৰ্ডাৰ

ভাল খবৰ! এতিয়াৰ পৰা ট্ৰেইন যাত্ৰাৰ সময়তে কৰিব পাৰিব চুইগীত অৰ্ডাৰ

author-image
Asomiya Pratidin
New Update
ভাল খবৰ! এতিয়াৰ পৰা ট্ৰেইন যাত্ৰাৰ সময়তে কৰিব পাৰিব চুইগীত অৰ্ডাৰ

ডিজিটেল ডেস্কঃ প্ৰতিদিনেই লাখ লাখ মানুহ ট্ৰেইনেৰে যাত্ৰা কৰে। বহুলোকে ট্ৰেইনত যাত্ৰা কৰি ভাল পাই কিন্তু যেতিয়া খাদ্যৰ কথা আহে তেতিয়া মানুহে চিন্তাত পৰে। কিয়নো সুবিধা অনুসৰি আৰু ভাল খাদ্য ট্ৰেইনত কম পোৱা যায়।

Advertisment

কিন্তু এতিয়া এই সমস্যাও প্ৰায় দূৰ হ'ব। অনলাইন এপ চুইগীৰ লগত এক চুক্তি কৰিছে আইআৰচিটিচি(IRCTC)য়ে। ইয়াৰ অধীনত এতিয়াৰে পৰা ট্ৰেইনত যাত্ৰা কৰা লোকসকলে অনলাইন অৰ্ডাৰ কৰিব পাৰিব। অৰ্থাৎ ট্ৰেইনতে উপলব্ধ হ'ব চুইগীয়ে যোগান ধৰা খাদ্য়।

এই মুহূৰ্তত সুবিধাটো কেৱল ৪ টা পথত উপলব্ধ হ'ব, লাহে লাহে পথৰ সংখ্যা বৃদ্ধি কৰা হ'ব। গ্ৰাহকে যি খাদ্য অৰ্ডাৰ কৰে, তাত ৰেষ্টুৰেণ্টে নিৰূপন কৰা মূল্য দিব লাগিব। খাদ্য ডেলিভাৰ কৰা মাচুল সামান্যতকৈ অলপ বেছি হ'ব। এই সুবিধাটো কেৱল ৰেলৱেৰ এ১ আৰু এ২ শ্ৰেণীৰ ষ্টেচনত আৰম্ভ হৈছে। সমগ্ৰ দেশতে সেই শ্ৰেণীত ৩৫০ তকৈও অধিক ষ্টেচন আছে। আগন্তুক সময়ত ইয়াৰ সুবিধা ৬০ টা ষ্টেচনলৈ বৃদ্ধি কৰা হ'ব। বাংগালুৰু, বিজয়বাড়া, বিচখাপট্টানাম আৰু ভুৱনেশ্বৰত এই সুবিধা আৰম্ভ হ'ব।

Also Read: চিৰাঙৰ কাজলগাঁৱত "বিকাশ যাত্ৰা" অনুষ্ঠান

swiggy Indian Railway Catering and Tourism Corporation