/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8d67e33d-73f1-4fb5-b2eb-24e239aa982b/fdff.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ লক্ষ্যৰে চৌদিশে আৰম্ভ হৈছে আধাৰশিলা স্থাপন কৰাৰ ৰাজনীতি । তাৰ মাজতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আৰু বিকাশৰ আচঁনি সন্দৰ্ভত সাধাৰণ ৰাইজক অৱগত কৰাৰ লক্ষ্যৰে প্ৰশাসনৰ উদ্যোগত জিলাই জিলাই আয়োজন কৰিছে "বিকাশ যাত্ৰা" ৰ বিশেষ কাৰ্য্যসূচী ।
মঙলবাৰে কাজলগাঁও সাপ্তাহিক বজাৰ সামূহিক কেন্দ্ৰত চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ "বিকাশ যাত্ৰা' ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ অবিৰত প্ৰয়াস শীৰ্ষক বাৰ্তাৰে এখন সভা অনুষ্ঠিত কৰা হয় । কাজলগাঁৱৰ এই "বিকাশ যাত্ৰা" অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। তেওঁ ভাৰ্চুৱেলি শিক্ষা, গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আদি কৰি মুঠ ১৩ জনকল্যাণমূলক আঁচনিৰ শিলান্যাস কৰে ।
আজি পুৱা ভাগৰে পৰা অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আৰু চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কাজলগাঁও মহকুমাৰ অন্তৰ্গত এলেকাত শিক্ষাখণ্ড, গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদি কৰি মুঠ ১৩ টা বিভিন্ন ধৰণৰ জনকল্যাণমূলক নতুন আঁচনিৰ উদ্বোধন । লগতে ১৭ টাকৈ আচঁনিৰ আধাৰশিলা স্থাপন কৰাৰ ধাৰাবাহিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ।
Also Read: সত্ৰাধিকাৰে লিখা এখন ৰাজনৈতিক চিঠি...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us