/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/tnevxtfm/sutradhar-21.jpg)
অযোধ্যাত 'সূত্ৰধাৰ'ৰ দ্বিতীয় দিনত শৈক্ষিক সন্মিলন সম্পন্ন, অংকীয়া ভাওনা প্ৰদৰ্শন...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অযোধ্যাত অনুষ্ঠিত হৈ আছে "সূত্ৰধাৰ" শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠান। মহাপুৰুষৰ জনাৰ অনন্য সৃষ্টি ৰাজিক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে অযোধ্যাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ এই অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/5rfgiwxb/41a77ef8-1202-42f7-bba1-0af47ba83641.jpg)
শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণিৰ পিছত আজি পুৱাৰ পৰা মহিলাসকলৰ নাম প্ৰসংগৰে আৰম্ভ হয় দ্বিতীয় দিনৰ কাৰ্য্যসূচী। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচলিত কৰি যোৱা কৃষ্ণ বন্দনা নাম প্ৰসংগৰ জৰিয়তে উপস্থাপন কৰাৰ উপৰিও ১৫০ গৰাকী মহিলাই দ্বিতীয় দিনৰ অন্যতম কাৰ্য্যসূচী হিচাপে পৰিবেশন কৰে থিয় নাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/b519s0qz/94c1bf3b-983d-4553-af6c-d6748031aee9.jpg)
১৫০ গৰাকী মহিলাই পৰিবেশন কৰা এই নাম আৰু খোল-তাল-বাঁহীৰ সুললিত সুৰে মুখৰিত হৈ পৰে ৰামনগৰী। দেশৰ কেইবাগৰাকী পণ্ডিত প্ৰৱৰ ব্যক্তিৰ সম্মুখত পৰিবেশন কৰা এই ব্যতিক্ৰমী থিয় নাম প্ৰত্যক্ষ কৰি ভূয়সী প্ৰশংসা লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/qw40qrma/ae42ffc9-b397-4e11-947d-1e07d074945a.jpg)
"সূত্ৰধাৰ" অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলন উপলক্ষে আজি অনুষ্ঠিত হয় পাঁচখন শৈক্ষিক সত্ৰ। এই সত্ৰত দীনদয়াল উপাধ্যায় বিশ্ববিদ্যালয় (DDU) গুৰখপুৰৰ অংকিত গৌতম, আৰাধনা পাণ্ডে, ৰাম কৃষ্ণ, প্ৰজ্ঞা ত্ৰিপাঠী, প্ৰেম লতা, অৰ্চনা পাণ্ডে, প্ৰিয়ংকা যাদৱ, যজৱন্ত কুমাৰ, ৰতন পাঠক, কুমাৰী প্ৰিয়ংকা, অনুস্কা যাদৱ, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ ধ্ৰুৱজ্যোতি মহন্ত, ৰাজস্থান বিশ্ববিদ্যালয়ৰ সুভাষ চন্দ্ৰ শৰ্মা, ডিব্ৰু কলেজৰ ড০ সমীৰ কুমাৰ ঝা, ডিব্ৰুগড় কেন্দ্ৰীয় বিদ্যালয়ৰ বিনীতা ঝা, দিল্লী বিশ্ববিদ্যালয়ৰ স্বাতী তিৱাৰী, আলোক সিং যাদৱ, নতুন দিল্লীৰ LBSNSUৰ বন্দনা শুক্লাকে আদি দেশৰ কেবাখন আগশাৰীৰ বিশ্ববিদ্যালয় তথা উচ্চ শিক্ষানুষ্ঠানৰ বহু কেইগৰাকী বিদগ্ধ পণ্ডিত, গৱেষক, ছাত্ৰ-ছাত্ৰীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৃষ্টি, সংস্কৃতি, সাহিত্যৰাজি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰি তত্বগধূৰ ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/8ihcrj53/f3487438-ec30-48f3-9ab9-c7a280e04b61.jpg)
নিশা প্ৰদৰ্শন কৰা হয় শংকৰদেৱ বিৰচিত "ৰুক্মিণী হৰণ" অংকীয়া ভাওনা।
Also Read: কামৰূপ জিলাৰ নতুন জিলা আয়ুক্ত ৰূপে দায়িত্বগ্ৰহণ দেৱ কুমাৰ মিশ্ৰৰ...