/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/8lh4axzw/kamrup-21.jpg)
কামৰূপ জিলাৰ নতুন জিলা আয়ুক্ত ৰূপে দায়িত্বগ্ৰহণ দেৱ কুমাৰ মিশ্ৰৰ...
ডিজিটেল সংবাদ ৰঙিয়াঃ আজি কামৰূপ জিলাৰ জিলা আয়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে দেৱ কুমাৰ মিশ্ৰই। কামৰূপ জিলাত যোগদানৰ পূৰ্বে তেওঁ শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ দায়িত্বত আছিল।
আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁ বিদায়ী জিলা আয়ুক্ত কীৰ্তি জল্লীৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণৰ পিছত কামৰূপ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল আৰু সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নৱনিযুক্ত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক আদৰণি জনোৱা হয় আৰু বিদায়ী জিলা আয়ুক্ত কীৰ্তি জল্লীক বিদায় সম্ভাষণ জনোৱা হয়।
সভাত নৱনিযুক্ত জিলা আয়ুক্তগৰাকীয়ে কামৰূপ জিলাৰ সকলো বিষয়া-কৰ্মচাৰীৰ সহযোগিতাৰে প্ৰশাসন ব্যৱস্থাক ৰাইজৰ অধিক কাষলৈ লৈ যোৱাৰ বাবে সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।
সভাত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে প্ৰণৱ দত্ত গোস্বামী, কমল বৰুৱা, প্ৰাণজিত দেৱ, মুনমী কলিতা, সুজাতা গগৈ, বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু সহকাৰী আয়ুক্তসকল উপস্থিত থাকে।