মহাৰাষ্ট্ৰৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য বিহাৰ! সংঘাতৰ উকমুকনি বিৰোধী দলত

মহাৰাষ্ট্ৰৰ পাছতে বিহাৰৰ ৰাজনীতিত সলনি হ'ব পাৰে নেতৃত্ব। বিহাৰত নতুন ৰাজনৈতিক সমীকৰণে সৃষ্টি কৰিব পাৰে উত্তপ্ত পৰিস্থিতিৰ।

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য বিহাৰ! সংঘাতৰ উকমুকনি বিৰোধী দলত

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পাছতে বিহাৰৰ ৰাজনীতিত সলনি হ'ব পাৰে নেতৃত্ব। বিহাৰত নতুন ৰাজনৈতিক সমীকৰণে সৃষ্টি কৰিব পাৰে উত্তপ্ত পৰিস্থিতিৰ। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰিৱৰ্তনৰ পাছতেই একাংশৰ মতে বিজেপিৰ পৰৱৰ্তী লক্ষ্য হ'ব বিহাৰ।

Advertisment

এন চি পি নেতা শাৰদ পাৱাৰৰ দলত হোৱা ভাঙোনৰ পাছত বিজেপি নেতা সুশীল মোডীয়ে দাবী কৰিছে যে বিহাৰৰ বিৰোধী দলতো এনে ধৰণৰ ভাঙোন হ'ব পাৰে।

ৰাজ্যসভাৰ সাংসদ সুশীল মোডীয়ে কয় যে পাটনাত হোৱা বিৰোধীৰ বৈঠকৰ পৰিণামেই হ'ল শাৰদ পাৱাৰৰ দলৰ ভাঙোন। বিহাৰতো মহাৰাষ্ট্ৰৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব পাৰে। তেওঁ কয় যে জনতা দল ইউনাইটেডৰ বিধায়ক-সাংসদে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ,কাকোৱে স্বীকাৰ নকৰে। দলত সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱণা আছে।

তেওঁ কয় যে, যদি জেডেইউ বিৰোধীৰ সৈতে একলগ হয় তেন্তে বহু নেতাই টিকট লাভ নকৰিব। কিয়নো আসনৰ ভাগ হ'লে লোকসভাত ১০ খনতকৈ কম আসন লাভ কৰিব জেডেইউ। যাৰ বাবে সংঘাত হ'ব পাৰে।

নীতিশ কুমাৰক কটাক্ষ কৰি তেওঁ কয় যে, কোনো বিধেয়কৰ মতামত নোলোৱাকৈ নীতিশ কুমাৰে বিজেপিৰ সংগ এৰি লালু প্ৰসাদৰ লগ দিছে। ইয়াৰ ফলত বিহাৰৰ বিকাশত বাধা আহি পৰিছে। যাৰ বাবে দলটোৰ একাংশ নেতাই অসন্তুষ্টি প্ৰকাশ কৰিছে। এইবোৰ কাৰণতেই বিহাৰত হ'ব পাৰে আন এক ৰাজনৈতিক সমীকৰণ।

উল্লেখ্য যে, এন চি পি নেতা অজিত পাৱাৰে আজি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। প্ৰায় ৪০ গৰাকী বিধায়কক লৈ তেওঁ সিন্দে গোটত যোগ দিছে।

Also Read: নিৰাপত্তাহীন বিজেপি নেত্ৰী! অশ্লীল ইংগিত দিয়া ৰাজ্যিক বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা নল'লে আত্মহত্যাৰ হুংকাৰ

sharad pawar nitish kumar bihar