/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b7916519-023c-495c-a87a-05bfe1380029/bjpp.jpg)
bjp
ডিজিটেল ডেস্কঃ কোনো নথকাৰ সুযোগত বিজেপিৰ এগৰাকী নেত্ৰীক এজন বিজেপি নেতাই অশুভ ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত নেত্ৰীগৰাকীয়ে ৰাজ্যিক সম্পাদকৰ পদবীত থকা বিজেপি নেতাজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে।
সেই অভিযোগ পত্ৰত দীৰ্ঘদিন ধৰি কাৰ্যালয়ৰ ভিতৰত তেওঁক অশ্লীল ইংগিত দিয়াৰ লগতে নিৰ্যাতন চলোৱাৰ কথা সৱিস্তাৰে উল্লেখ কৰিছে। উল্লেখ্য যে, অভিযোগ দাখিল কৰা বিজেপি নেত্ৰীগৰাকী বিজেপি কাৰ্যালয়ৰ সম্পাদিক পদত কাৰ্যনিৰ্বাহ কৰি আছে।
আনহাতে নিৰ্যাতন চলোৱাৰ অভিযোগৰ আঙুলি উঠা বিজেপি নেতাজন এটা মৰ্চাৰ ৰাজ্যিত সম্পাদক। অভিযোগ পত্ৰত এই নেতাজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ নকৰিলে আত্মহত্যাৰ ভাবুকি দিছে ভুক্তভোগী বিজেপি নেত্ৰীগৰাকীয়ে।
Also Read: ক'ত হেৰাল কিশোৰীক উলংগ কৰি ফটো লোৱা বিমান ৰয়? গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী