হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সুপ্ৰিয়া ছোলেয়েঃ ক'লে তেওঁৰ ডি এন এ কংগ্ৰেছৰ...

হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সুপ্ৰিয়া ছোলেয়েঃ ক'লে তেওঁৰ ডি এন এ কংগ্ৰেছৰ...
হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সুপ্ৰিয়া ছোলেয়েঃ ক'লে তেওঁৰ ডি এন এ কংগ্ৰেছৰ...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এন চি পি নেতা শাৰদ পাৱাৰে তেওঁৰ জীয়ৰী সুপ্ৰিয়া ছোলেক হামাছৰ হৈ যুঁজ দিবলৈ গাজালৈ প্ৰেৰণ কৰিব বুলি কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এন চি পি নেত্ৰী সুপ্ৰীয়া ছোলেয়ে। তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাই শাৰদ পাৱাৰৰ বিৰুদ্ধে মন্তব্য কৰাত আচৰিত হৈ পৰিছে। কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ ডি এন এ শাৰদ পাৱাৰৰ দৰেই। ড০ শৰ্মা মূলতঃ কংগ্ৰেছৰ পৰাই আহিছে।

সুপ্ৰিয়াই মুম্বাইত সাংবাদিকৰ আগত কয়, বিজেপিৰ লোকে মহিলাৰ প্ৰতি অপমানজনক মন্তব্য কৰাত আচৰিত হ’বলগীয়া একো নাই। হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ যোৱাৰ পাছত নিশ্চয় কিছু সমস্যাৰ সন্মুখীন হৈছে সেয়ে তেওঁ সলনি হৈছে।

তেওঁ কয়, হিমন্ত বিশ্বৰ বাবে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি মুখ্যমন্ত্ৰী হোৱাটো অতি ডাঙৰ কথা। ইয়াৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি চমুকৈ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক কটাক্ষ কৰি কৈছিল যে, এনেকুৱা লাগিছে শাৰদ পাৱাৰে নিজৰ কন্যা সুপ্ৰিয় ছোলেক সন্ত্ৰাসবাদী সংগঠন হামাছৰ হৈ গাজালৈ যুঁজ দিবলৈ পঠিয়াব।

হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সুপ্ৰিয়া ছোলেয়েঃ ক'লে তেওঁৰ ডি এন এ কংগ্ৰেছৰ...
ছত্তিশগড়ত ক্ষমতা উদ্ধাৰৰ বাবে অমিত শ্বাহৰ চেষ্টাঃ আজি সম্বোধন কৰিব দুখনকৈ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in