ছত্তিশগড়ত ক্ষমতা উদ্ধাৰৰ বাবে অমিত শ্বাহৰ চেষ্টাঃ আজি সম্বোধন কৰিব দুখনকৈ সভা...

ছত্তিশগড়ত ক্ষমতা উদ্ধাৰৰ বাবে অমিত শ্বাহৰ চেষ্টাঃ আজি সম্বোধন কৰিব দুখনকৈ সভা...
ছত্তিশগড়ত ক্ষমতা উদ্ধাৰৰ বাবে অমিত শ্বাহৰ চেষ্টাঃ আজি সম্বোধন কৰিব দুখনকৈ সভা...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ছত্তিশগড়ত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বস্তাৰ সম্ভাগত এই দুই নিৰ্বাচনী জনসভাত অংশ ল’ব। উল্লেখ্যে যে, এই সমষ্টিত প্ৰথম পৰ্যায়ত ৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

ছত্তিশগড় বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া অমিত শ্বাহৰ কংগ্ৰেছ শাসিত ৰাজ্যখনত দ্বিতীয়টো ভ্ৰমণ।বিজেপিৰ পূৰ্বৰ অধ্যক্ষ আৰু দলটোৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতকাৰী অমিত শ্বাহে ইয়াৰ পূৰ্বে ১৬ অক্টোবৰত এক নিৰ্বাচনী জনসভা সম্বোধন কৰিছিল।

ৰাজ্যখনত মুঠ দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়াত ৭ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়াত ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। বিজেপি নেতাসকলৰ মতে অমিত শ্বাহে বৃহস্পতিবাৰে দুপৰীয়া দিল্লীৰ পৰা জগদলপুৰৰ দন্তশ্বেৰী এয়াৰপ’ৰ্টত উপস্থিত হ'বগৈ।

তাত তেওঁ এক জনসভা সম্বোধন কৰিব। ইয়াৰ পাছত তেওঁ কোন্দাগাওঁলৈ ৰাওনা হ'ব। য'ত তেওঁ পুলিচ গ্ৰাউণ্ডত আন এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব। জগদলপুৰ আৰু কোন্দাগাওঁ দুয়োখন ঠাই নক্সাল অধ্যুষিত অঞ্চলৰ অংশ।

ৰাজ্যখনৰ মুঠ ৯০ খন বিধানসভা আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ২০ খন আসনত আৰু দ্বিতীয় পৰ্যায়াত ৭০ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে সকলো ৰাজনৈতিক দলে প্ৰাৰ্থী ঘোষণা কৰিছে।

শাসকীয় কংগ্ৰেছে এই পৰ্যন্ত ৮৩ খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে মুঠ ৮৬ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

২০১৮ ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছে মুঠ ৬৮ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল যদিও বৰ্তমান দলটোৰ বিধায়কৰ সংখ্যা ৭১ জনলৈ বৃদ্ধি হৈছে। ১৫ বছৰ ধৰি ছত্তিশগড়ত শাসন কৰা বিজেপিয়ে ২০১৮ ত লাভ কৰিছিল মাত্ৰ ৫ খন আসন। আনহাতে জে চি চি চিয়ে ৫ খন, বি এছ পিয়ে ২ খন আসন লাভ কৰিছিল।

ছত্তিশগড়ত ক্ষমতা উদ্ধাৰৰ বাবে অমিত শ্বাহৰ চেষ্টাঃ আজি সম্বোধন কৰিব দুখনকৈ সভা...
সকলোৰে প্ৰিয় ‘গংগুবাই’য়ে গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in