সঁচা হ'ল এটা ভৱিষ্যতবাণী! এইবাৰ দিল্লীৰ ৰাজনীতিত হ'ব ধুমুহা...

সঁচা হ'ল এটা ভৱিষ্যতবাণী! এইবাৰ দিল্লীৰ ৰাজনীতিত হ'ব ধুমুহা...

ডিজিটেল ডেস্কঃ অহা ১৫ দিনৰ ভিতৰত ভাৰতৰ ৰাজনীতিক দুটাকৈ ভূমিকম্প হ'ব। এটা দিল্লীত আৰু আনটো মহাৰাষ্ট্ৰত। এন চি পিৰ নেতা সুপ্ৰিয়া চুলে ১৯ এপ্ৰিলত ভৱিষ্যতবাণী কৰিছিল। ইয়াৰে আমি এটা ভৱিষ্যতবাণী সঁচা হোৱা দেখা পাইছো। এন চি পিৰ সভাপতি পদৰ পৰা অৱসৰ ঘোষণা কৰিছে শাৰদ পাৱাৰে।

সুপ্ৰিয়া চুলে শাৰদ পাৱাৰৰ কন্যা। তেওঁ শাৰদ পাৱাৰৰ পূৰ্বৰ সমষ্টি বাৰামতীৰ লোকসভাৰ সাংসদ। তেওঁ কৈছিল যে, অহা ১৫ দিনত দুটা ৰাজনৈতিক ভূমিকম্প হ'ব, এটা নতুন দিল্লীত আৰু আনটো মহাৰাষ্ট্ৰত।

তেওঁৰ এই মন্তব্য গুৰুত্বপূৰ্ণ আছিল। কিয়নো এই সময়ত সকলোৰে দৃষ্টি শাৰদ পাৱাৰ ভতিজা অজিত পাৱাৰৰ ওপৰত আছে। একাংশৰ মতে অজিত পাৱাৰে বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনা কৰি আছে।

৫৩ জন বিৰোধী বিধায়কৰ ভিতৰত প্ৰায় ৩৪ জনে অজিত পাৱাৰৰ এই অভিপ্ৰায়ক সমৰ্থন কৰিছিল। সূত্ৰ অনুসৰি প্ৰফুল পেটেল, সুনীল তৎকাৰে, ছগন ভুজবল আৰু ধনঞ্জয় মুণ্ডেকে ধৰি বিশিষ্ট নেতাসকলে অজিত পাৱাৰক সমৰ্থন জনাইছিল। এই মন্তব্যত প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছিল অজিত পাৱাৰে।

উল্লেখ্য যে, অজিত পাৱাৰৰ লগতে অন্য বিশিষ্ট নেতা সকলে ইডিৰ কবলত পৰিছে। গতিকে বিজেপি অথবা মহাৰাষ্ট্ৰৰ একনাথ সিন্দেৰ লগত হাত মিলালে তাৰ পৰা তেওঁ সকাহ পাব পাৰে।

ইয়াৰ মাজতে শাৰদ পাৱাৰৰ দলৰ সভাপতি পদ ত্যাগ চৰ্চাৰ বিন্দু হৈ পৰিছে। কিয়নো কেইদিন মান পূৰ্বে শাৰদ পাৱাৰে যুৱ শাখাক সম্বোধন কৰি কৈছিল যে,"কোনোবাই মোক কৈছিল যে ৰুটি সঠিক সময়ত ঘূৰাই দিব লাগিব। যদি ঘূৰাই দিয়া নহয়, তেন্তে ই তিতা হৈ পৰে।" বহুতে ভাবিছিল শাৰদ পাৱাৰৰ এই মন্তব্য অজিত পাৱাৰৰ প্ৰতি।

কিন্তু একনাথ সিন্দে শিৱসেনা ভংগ কৰাৰ দৰে হয়তো অজিত পাৱাৰে এন চি পি ভংগ কৰিব নোৱাৰিলে। তদুপৰি একাংশ বিধায়কে শাৰদ পাৱৰৰ আশীৰ্বাদ অবিহনে কোনো সিদ্ধান্ত ফলপ্ৰসূ হটব বুলি নাভাবিলে। যাৰ পাছত শাৰদ পাৱাৰে 'ৰুটী ঘূৰোৱা' কামটো কৰিলে।

চুলেৰ মন্তব্যৰ কেইদিনমান পাছতে শাৰদ পাৱাৰে এই ঘোষণা কৰিছিল। গতিকে আগন্তুক ২ দিনৰ ভিতৰত দিল্লীৰ ৰাজনীতিত কি ধুমুহা আহিব সেয়া হ'ব লক্ষণীয়।

সঁচা হ'ল এটা ভৱিষ্যতবাণী! এইবাৰ দিল্লীৰ ৰাজনীতিত হ'ব ধুমুহা...
ফাঁচী নহয়, কষ্ট কমাবলৈ কি আন পদ্ধতিৰে দেশত বিহা হ'ব দোষীক মৃত্যুদণ্ড? কেন্দ্ৰই ক'লে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in