ফাঁচী নহয়, কষ্ট কমাবলৈ কি আন পদ্ধতিৰে দেশত বিহা হ'ব দোষীক মৃত্যুদণ্ড? কেন্দ্ৰই ক'লে...

ফাঁচী নহয়, কষ্ট কমাবলৈ কি আন পদ্ধতিৰে দেশত বিহা হ'ব দোষীক মৃত্যুদণ্ড? কেন্দ্ৰই ক'লে...

ডিজিটেল ডেস্কঃ সলনি হোৱাৰ দিশে ভাৰতত মৃত্যুদণ্ডৰ পদ্ধতি! ভাৰতীয় আইন মতে কোনো ব্যক্তিক মৃত্যুদণ্ড বিহিলে ফাঁচী দিয়া হয়। কিন্তু এই মৃত্যুদণ্ডৰ পদ্ধতি এতিয়া সলনি হোৱাৰ সম্ভাৱণা আছে।

ফাঁচী এক অতি বেদনাদায়ক পদ্ধতি। মৃত্যুদণ্ডৰে দণ্ডিত হোৱা দোষীৰ কষ্ট যাতে কমাব পাৰি এই সন্দৰ্ভত বিচাৰ-বিবেচনা কৰিবলৈ ২১ মাৰ্চত এক শুনানিৰ জৰিয়তে কেন্দ্ৰক আহ্বান জনাইছিল উচ্চতম ন্যায়ালয়ে। ২ মে'ত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছিল ন্যায়ালয়ে।

তাৰ পাছতে মঙলবাৰে (২ মে') কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কয় যে দেশত দোষীৰ মৃত্যুদণ্ডৰ সময়ত কষ্টৰ পদ্ধতি উলিয়াবলৈ বিশেষজ্ঞৰ এখন সমিতি গঠন কৰাৰ কথা বিবেচনা কৰি আছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্ডিৱালাৰ বিচাৰপীঠে কেন্দ্ৰৰ হৈ হাজিৰ হোৱা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীৰ দাখিলৰ হৈ কয় যে চৰকাৰে বিশেষজ্ঞ সমিতি গঠনৰ বাবে বিবেচনা কৰি আছে । এই বিষয়টোৰ ওপৰত পৰৱৰ্তী শুনানি জুলাই মাহত হ'ব।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত মৃত্যুদণ্ডৰ পদ্ধতি সলনি কৰা এক আবেদনৰ শুনানি হৈ আছে। আইন অনুসৰি মৃত্যুদণ্ডৰে দণ্ডিত দোষীক তেতিয়ালৈকে ফাঁচীকাঠত ওলোমাই ৰাখিব লাগে যেতিয়ালৈকে তেওঁৰ মৃত্যু নহয়।

এই পদ্ধতিটোকেই অধিবক্তা ঋষি মলহোত্ৰাই অমানবীয় আৰু নিষ্ঠুৰ বুলি উল্লেখ কৰি ৰাজহুৱা স্বাৰ্থত আবেদন দাখিল কৰিছিল। তেওঁ কৈছিল যে ফাঁচীৰ প্ৰক্ৰিয়া দীঘলীয়া। মৃত্যু নিশ্চিত কৰিবলৈ আধা ঘন্টা সময় দণ্ডিত ব্যক্তি জনক ওলোমাই ৰখা হয়। গতিকে এই পদ্ধতি সলনি কৰিব লাগে।

ফাঁচী নহয়, কষ্ট কমাবলৈ কি আন পদ্ধতিৰে দেশত বিহা হ'ব দোষীক মৃত্যুদণ্ড? কেন্দ্ৰই ক'লে...
শাৰদ পাৱাৰৰ সিদ্ধান্তই সলনি কৰি দিব নেকি দেশৰ ৰাজনীতি? বিচাৰিছে ২-৩ দিন সময়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in