কাৰ দখললৈ যাব দিল্লীৰ লোকসেৱাৰ নিয়ন্ত্ৰণ ক্ষমতা ? কেন্দ্ৰ নে আম আদমী পাৰ্টী ?

author-image
Asomiya Pratidin
New Update
কাৰ দখললৈ যাব দিল্লীৰ লোকসেৱাৰ নিয়ন্ত্ৰণ ক্ষমতা ? কেন্দ্ৰ নে আম আদমী পাৰ্টী ?

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষত সৰ্বমুঠ ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, যাৰ ভিতৰত অন্যতম দিল্লী । কিন্তু একে সময়তেই দিল্লীৰ ৰাজ্য চৰকাৰৰ অস্তিত্বই বহু ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰি আহিছে ৰাজ্যখনত । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হয়তো এটা দলৰেই হ'লে সৃষ্টি নহ'ল হয় ইয়াৰে বহু সমস্যা কিন্তু দুয়োখন চৰকাৰ পৰস্পৰ বিৰোধী দলৰ হোৱা বাবেই দিল্লীৰ লোকসেৱা দিশসমূহত কিছু ক্ষেত্ৰত সহযোগিতা লাভ নকৰে কোনেও, ফলত হাৰাশাস্তি ভুগিবলগীয়া হয় সাধাৰণ নাগৰিকে ।

Advertisment

উদাহৰণস্বৰূপে দিল্লীৰ আৰক্ষী বিভাগৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ, কিন্তু শিক্ষা বিভাগৰ দায়িত্ব ৰাজ্য চৰকাৰৰ । তেনেদৰেই এক দীৰ্ঘদিনীয়া অৰিয়াঅৰি চলি আছিল দিল্লীৰ লোকসেৱা ব্যৱস্থাক লৈ । আজি উচ্চতম ন্যায়ালত অন্ত পৰিব এই দীৰ্ঘদিনীয়া বিতৰ্কৰ ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া এক চিাৰপীঠে ল'ব এই সিদ্ধান্ত । যাৰ ফলত দিল্লীৰ লোকসেৱা ৰাজ্য চৰকাৰৰ দখলত নে কেন্দ্ৰীয় চৰকাৰৰ দখলত সেই কথা স্পষ্ট হৈ পৰিব আগন্তুক সময়ত । কিন্তু একে সময়তেই এনে গুৰুত্বপূৰ্ণ বিভাগসমূহ ৰাজ্য চৰকাৰৰ হাতৰ পৰা ওলাই যোৱাটোও এক তাৎপৰ্যপূৰ্ণ কথা হৈ পৰিব ।

Also Read: যুদ্ধৰ হতাশাৰ মাজত ইউক্ৰেইনত আশাৰ সঞ্চাৰ কৰি আৰম্ভ হ'ল থিয়েটাৰ

delhi arvind kejriwal