যুদ্ধৰ হতাশাৰ মাজত ইউক্ৰেইনত আশাৰ সঞ্চাৰ কৰি আৰম্ভ হ'ল থিয়েটাৰ

যুদ্ধৰ হতাশাৰ মাজত ইউক্ৰেইনত আশাৰ সঞ্চাৰ কৰি আৰম্ভ হ'ল থিয়েটাৰ

ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাষ্ট্ৰৰ শক্তিশালী আগ্ৰাসনত হতাশগ্ৰস্ত এখন দেশ । এবছৰীয়া যুদ্ধই এফালৰ পৰা নি:শেষ কৰি নিছে দেশখনক । তথাপিও সঞ্চিত সাহস আৰু মনোবলেৰে পৰম পৰাক্ৰমেৰে যুঁজিছে দেশখনে । নীলা আকাশৰ তলত সোণবৰণীয়া ধানৰ দলিছা খনেৰে দেশখনৰ জাতীয় পতাকাখনৰ সৃষ্টি, উজ্জ্বল নীলা আৰু হালধীয়া ।

এই দেশখন হৈছে ইউক্ৰেইন । ৰাছিয়াৰ আগ্ৰাসনে দেশবাসীৰ সকলো সপোন ভাঙি চূৰমাৰ কৰাৰ পাছতো কিন্তু অদম্য মনোবলৰ পৰিচয় দিছে দেশখনে । কেৱল যুদ্ধক্ষেত্ৰতেই নহয় বৰং সকলো দিশতেই যে দেশখনক দমন কৰি ৰখা কোনো পধ্যেই সম্ভৱ নহয় সেই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে দেশখনে । দেশখনৰ সংস্কৃতিৰ আধাৰস্বৰূপ লিউভ চহৰৰ ৰাষ্ট্ৰীয় থিয়েটাৰ গৃহত বুধবাৰে নিশা অনুষ্ঠিত কৰা হয় এখন অ'পেৰাৰ । যি অ'পেৰাই নিৰ্মমভাৱে দোহাৰি গ'ল ইউক্ৰেইনৰ দুৰ্দশাৰ কথা ।

যি অ'পেৰাক এতিয়া সমগ্ৰ বিশ্বই নাম দিছে "Soldiers, sirens and a ‘sign of hope" । কিয়নো অ'পেৰাৰ আৰম্ভণিৰে পৰাই প্ৰথম শাৰী কেইটাত দৰ্শকৰ আসনত দেখা গৈছিল বহু কেইজন ইউনিফৰ্ম পৰিহিত ইউক্ৰেইনিয়ান সেনাক । অ'পেৰাৰ আৰম্ভণি হৈছিল চাইৰেণৰ জৰিয়তে আৰু সমগ্ৰ অ'পেৰাখনে আনি দিছিল এক আশাৰ কিৰণ ।

ৰাছিয়াৰেই বিখ্যাত নাট্যকাৰ গ'গলৰ চুটি গল্প "The Terrible Revenge" ৰ আধাৰত প্ৰস্তুত কৰি উলিওৱা অ'পেৰাখনৰ নাট্যকাৰ আছিল ইউক্ৰেইনৰ বৰ্ষীয়ান নাট্যকাৰ ৱেভেন ষ্টেংকোভিছ । ৮০ৰ উৰ্ধৰ নাট্যকাৰ গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, অ'পেৰাখনৰ বাবে অনুশীলন চলোৱা হৈছিল আকাশী বোমাৰ পৰা বাচিবলৈ বনোৱা আশ্ৰয়গৃহ সমূহত । তেনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজতো ইউক্ৰেইনৰ শিল্পী সমাজে খামুচি ধৰি থাকিল এমুঠিমান আশা । যি আশাই হয়তো ভৱিষ্যতে পুনৰ এবাৰ ইউক্ৰেইনক নিৰ্মাণ কৰি তোলাত সহায় কৰিব দেশবাসীক ।

আনহাতে, অ'পেৰাখনৰ আৰম্ভণি চাইৰেনেৰে কৰাৰ সন্দৰ্ভত নাট্যকাৰ গৰাকীয়ে কয় যে, অ'পেৰাখনৰ অনুশীলনৰ সময়ত নিতৌ অন্তত চাৰিবাৰকৈ চাইৰেনৰ শব্দ শুনিছিল তেওঁলোকে । যি সময়ৰ সৈতে তেওঁলোকৰ বাবে স্বাভাৱিক হৈ পৰে । যাৰ বাবেই অ'পেৰাখনৰ আৰম্ভণি চাইৰেনৰ সহায়ত আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

যেতিয়া সকলো শেষ হৈ যায়, তেতিয়াই বিশ্বত আশাৰ সঞ্চাৰ কৰে সাহিত্য আৰু শিল্পই । সেই আশাৰ ক্ষীণ ৰেঙনিৰ সহায়তেই প্ৰত্যেকবাৰেই ৰক্ষা পৰে একোটা জাতি অথবা একোখন দেশ । ইউক্ৰেইনৰ সৈতেই তেনে হওক ।

যুদ্ধৰ হতাশাৰ মাজত ইউক্ৰেইনত আশাৰ সঞ্চাৰ কৰি আৰম্ভ হ'ল থিয়েটাৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এক কোটি টকাৰ মানহানিৰ গোচৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in