সাংসদ, বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূল গোচৰ দ্ৰুত নিষ্পত্তিৰ নিৰ্দেশ....

সাংসদ, বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূল গোচৰ দ্ৰুত নিষ্পত্তিৰ নিৰ্দেশ....
সাংসদ, বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূল গোচৰ দ্ৰুত নিষ্পত্তিৰ নিৰ্দেশ....

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত সাংসদ, বিধায়কসকলৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু গোচৰ। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে সংশ্লিষ্ট উচ্চ ন্যায়ালয়সমূহক অতি সোনকালে এই গোচৰসমূহ নিষ্পত্তিৰ কৰাৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বহা বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক এই গোচৰসমূহৰ নিষ্পত্তিৰ ওপৰত চকু দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে, দেশৰ সাংসদ, বিধায়কসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ শীঘ্ৰে নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল এখন ৰাজহুৱা স্বাৰ্থ জনিত আৱেদন।

এই আৱেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰিছে। আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত উপস্থিত থকা অধিবক্তা অশ্বিনী উপাধ্যায়ে ৰাজহুৱা কৰ্মচাৰী, জনপ্ৰতিনিধি আৰু ন্যায়পালিকাৰ সদস্যসকলৰ বিৰুদ্ধ থকা অপৰাধমূলক গোচৰৰ দ্ৰুত বিচাৰ নিশ্চিত কৰিবলৈ এখন বিশেষ আদালত গঠন কৰাৰ পোষকতা কৰিছিল।

তেওঁ ন্যায়ালয়ত এনে গোচৰ এটা বছৰৰ ভিতৰত নিষ্পত্তি কৰাৰ লগতে এনে গোচৰত দোষী চিনাক্তসকলক আজীৱন আইনসভা, চৰকাৰ বা ন্যায়পালিকাৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰাৰো পোষকতা কৰিছিল। উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশত বৰ্তমান সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে ৫,১৭৫ টা অপৰাধমূলক গোচৰ আছে। ইয়াৰ ভিতৰত ২১১৬ টা গোচৰ ৫ বছৰৰো অধিক সময় ধৰি চলি আছে।

সেয়েহে এই আৱেদনৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গোচৰটোৰ সন্দৰ্ভত কয়, এই বিষয়ত অভিন্ন নিৰ্দেশনা প্ৰস্তুত কৰা কঠিন। সেয়ে যিসমূহ ৰাজ্যত এই গোচৰসমূহ ৰুজু হৈ আছে সেই ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ক এই সন্দৰ্ভত তৎপৰ হ'বলৈ কৈছে।

সংবিধানৰ ২২৭ নং অনুচ্ছেদ অনুসৰি এখন বিশেষ বিচাৰপীঠো গঠন কৰাৰ কথা কোৱা হৈছে। অৱশ্যে আৱেদনৰ দ্বিতীয় অংশ য'ত দোষীক নিৰ্বাচনত প্ৰাৰ্থী হোৱাত আজীৱন নিষেধাজ্ঞ আৰোপ কৰাৰ বিষয়টোত শুনানি পুনৰ হ'ব।

এই ৰাজহুৱা স্বাৰ্থ জনিত আৱেদনত আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ ২০১৫ চনৰ এটা ৰায়ক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। এই ৰায়ত কোৱা হৈছিল যে যিবোৰ গোচৰত বিধায়ক বা সাংসদসকল জড়িত আছে সেই গোচৰবোৰ এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

এই ৰায়ৰ কথা উল্লেখ কৰি আবেদনকাৰীসকলে কয় যে, শীৰ্ষ ন্যায়ালয়ে নিশ্চিত কৰিব লাগে যে, অতি ব্যতিক্ৰমী পৰিস্থিতিৰ বাহিৰে এনে গোচৰৰ শুনানি যাতে স্থগিত ৰখা নহয়।

দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ দ্বাৰা ডিচেম্বৰ ২০১৮ ৰ পৰা নৱেম্বৰ ২০২২ লৈ শীৰ্ষ আদালতত দাখিল কৰা তথ্য অনুসৰি উত্তৰ প্ৰদেশত এনে ধৰণৰ অমীমাংসিত গোচৰৰ সংখ্যা সৰ্বাধিক। ৰাজ্যখনত এনে ধৰণৰ ঘটনাৰ সংখ্যা ২০১৮ চনত ৯৯২ ৰ পৰা ২০২২ ত ১,৩৭৭ লৈ বৃদ্ধি পাইছে।

ইয়াৰে ৭১৯ টা এনে ঘটনা পাঁচ বছৰতকৈও অধিক পুৰণি। বিহাৰত এনে গোচৰ ৫৪৬ টা বিচাৰাধীন অৱস্থাত আছে যাৰ ভিতৰত ৩৮১ টা গোচৰ পাঁচ বছৰতকৈ অধিক পুৰণি।

সাংসদ, বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূল গোচৰ দ্ৰুত নিষ্পত্তিৰ নিৰ্দেশ....
বাবৰ বাহিনীয়ে কৰিছে অংকঃ ভাৰতৰে খেলিব ছেমি ফাইনেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in