সমলিংগ বিবাহক লৈ আজি চূড়ন্ত ৰায়দান দিব উচ্চতম ন্যায়ালয়ে

সমলিংগ বিবাহক লৈ আজি চূড়ন্ত ৰায়দান দিব উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্কঃ সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ দাবীত উচ্চতম ন্যায়ালয়ে মঙলবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰিব। ৫জনীয়া সাংবিধানিক বিচাৰপীঠে দিব এই ৰায়দান।

মঙলবাৰৰ উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠৰ নেতৃত্বত আছে ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুড় আৰু তেওঁক সহযোগ কৰিছে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, এছ ৰবীন্দ্ৰ ভাট, হিমা কোহলী আৰু পি এছ নৰসিংহ।

উল্লেখ্য যে, বিগত মাৰ্চ আৰু এপ্ৰিল মাহত হোৱা ১০ দিনীয়া মাৰাথন শুনানিৰ পিছত ১১ মে’ত ৫জনীয়া বিচাৰপীঠে ২০খনতকৈও অধিক আবেদনৰ এটা গোটত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল। এই আবেদনৰ বিষয় সমূহ আছিল কাৰ্যবাহীয়ে নেতৃত্ব ল’ব নোৱাৰা আৰু সমলিংগ দম্পতীক বিষমযৌন দম্পতীৰ সৈতে সমতা প্ৰদান কৰাত ব্যৰ্থ হোৱা আৰু বিবাহৰ বিষয়ত, দত্তক লোৱা, উত্তৰাধিকাৰ, উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আদি।

সমলিংগ বিবাহক লৈ আজি চূড়ন্ত ৰায়দান দিব উচ্চতম ন্যায়ালয়ে
'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in