'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

ডিজিটেল সংবাদ, গৌৰীপুৰঃ অবৈধ গৰু সৰবৰহাবকাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী চকীৰ আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত চলা এই অভিযানত জব্দ হয় ৪টাকৈ চোৰাং গৰু। এই অভিযানত এজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষী।

জানিব পৰা মতে, আৰক্ষী বিষয়া দেৱজিত কলিতাই লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান। পশ্চিমবঙ্গৰ পৰা ৰতিয়াদহ হৈ গোলকগঞ্জ অভিমুখি তীব্ৰ বেগী এএচ-০১-বিজে৮৪৬২ আৰু এএচ-১৭-এম-৩৬১১ নম্বৰৰ চাৰিচকীয়া ২খন বিলাসী বাহনসহ চোৰাং গৰু জব্দ কৰে অভিযানকাৰী দলটোৱে৷

ঘটনাৰ বিৱৰণ অনুসৰি গাড়ী ২খন গোলকগঞ্জ বেৰিকেট পোৱাৰ লগে লগে চাৰিওফালৰ পৰা আৰক্ষীয়ে ঘেৰী ধৰে আৰু গাড়ী ২খনত তালাচী চলোৱাত এএচ-০১-বিজে৮৪৬২ নম্বৰৰ হুন্ডাই বাহনৰ পৰা ৪টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে চালক জনক আটক কৰে। লগতে এএচ-১৭-এম-৩৬১১ নম্বাৰৰ বেলেনো বাহন খনৰ পৰা ৪ জনক লিংক মেনৰ সন্দেহত আটক কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in