/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/cinema-hall-anika-insta.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: চিনেমা হললৈ খাদ্য লৈ যাব পাৰিব নে নাই সেই সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি প্ৰদান কৰে। এই শুনানিত কয় যে চিনেমা হল মনৰোঞ্জনৰ স্থান। জিম নহয় যে তাত পুষ্টিকৰ খাদ্য লৈ যাব লাগিব।
জম্মু উচ্চ ন্যায়ালয়ে চিনেমা হলত বাহিৰৰ পৰা খাদ্য সামগ্ৰী লোৱাৰ অনুমতি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ে হলত বাহিৰৰ খাদ্য খোৱাৰ অনুমতি দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে সেই আদেশ উচিত নহয় বুলি মন্তব্য কৰে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে।
ন্যায়ালত কোৱা হয় যে "চিনেমা হলটো এটা জিম নহয় যাক আপোনাক স্বাস্থ্যকৰ খাদ্যৰ প্ৰয়োজন। এয়া মনোৰঞ্জনৰ স্থান। চিনেমা হ'ল হৈছে ব্যক্তিগত সম্পত্তি। আইনী নিয়ম সাপেক্ষে মালিকে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু উচ্চ ন্যায়ালয়ে কেনেকৈ ক'ব পাৰে যে তেওঁলোকে চিনেমা হলৰ ভিতৰত যিকোনো খাদ্য আনিব পাৰে?"
লগতে কয় যে চিনেমা চাব নে নাচাব সেয়া দৰ্শকৰ পছন্দ । কিন্তু তেওঁলোকে চিনেমা হলত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে মেনেজমেণ্টৰ নিয়ম মানি চলিব লাগিব।
আৰু পঢ়ক: ভূত! মৃতদেহ নাই, তথাপিও জিএমচিএইচত পোষ্টমৰ্টেম হৈ যায়...