ভূত! মৃতদেহ নাই, তথাপিও জিএমচিএইচত পোষ্টমৰ্টেম হৈ যায়...

হেল্ল' আপুনি কোনে ক'লে- সিমূৰৰ পৰা এজন ছাত্ৰ নেতাই সুধিলে। তেওঁৰ পৰিচয় সোধাত ক'লে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মকৰ্তা।
ভূত! মৃতদেহ নাই, তথাপিও জিএমচিএইচত পোষ্টমৰ্টেম হৈ যায়...

মৃদুল কুমাৰ সন্দিকৈ

হেল্ল' আপুনি কোনে ক'লে- সিমূৰৰ পৰা এজন ছাত্ৰ নেতাই সুধিলে। তেওঁৰ পৰিচয় সোধাত ক'লে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মকৰ্তা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ নামত সংঘটিত এক অনিয়মৰ অনুসন্ধান কৰি কেইজনমান আৰক্ষী বিষয়া আৰু চিকিৎসা মহাবিদ্যালয় খনৰ কেইবাজনো কৰ্মচাৰীৰ সৈতে কথা পতাৰ পাছত হঠাৎ ছাত্ৰ নেতা জনৰ ফোনে কিছু আচৰিত কৰি তুলিছিল।

অভিযোগৰ সত্যতা তদন্তৰ পাছত নিশ্চয় প্ৰমাণ হ'ব। কিন্তু ছাত্ৰ নেতা জনৰ এনে অনাকাংক্ষিত অনুৰোধে বিষয়টোক আৰু বেছি সন্দেহৰ মাজলৈ ঠেলি দিলে। ১৩ ডিচেম্বৰ ২০২২ৰ কথা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত এজন লোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল।

নথি পত্ৰত এই কথাই উল্লেখ আছিল যদিও প্ৰাপ্ত অভিযোগ মতে সেইদিনা কৰ্তব্যৰত চিকিৎসক জনে তেনে লোকৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰা নাছিল। আনকি বিষয়টো ফৰেঞ্চিক মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীকো জনোৱা হৈছিল।

আজাৰা থানাৰ এজন কনিষ্টবলে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা বুলি কোৱা হৈছিল। মৃত লোকজনৰ নাম ইজাৰ আলী বুলি উল্লেখ আছে মৰণোত্তৰ পৰীক্ষাৰ পঞ্জীয়ন বহীত। তেওঁৰ পিতৃৰ নাম মহম্মদ আব্দুল খালেক আৰু তেওঁৰ ঘৰ কয়াকুচি থানাৰ অন্তৰ্গত চিকনি নামৰ গাঁও বুলি উল্লেখ কৰিছে।

৩৫৭৫/২২ নম্বৰত এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল বুলি উল্লেখ আছে পঞ্জীয়ন বহীত। আজাৰা থানাৰ কেচ নম্বৰ ১৭৯ তাং ১৩/১২/২০২২ৰ অধীনত এই মৰণোত্তৰ পৰীক্ষা সন্ধিয়া ৬.০০ বজাৰ পৰা ৭ বজাৰ ভিতৰত কৰা হৈছে বুলি উল্লেখ আছে জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষাৰ পঞ্জীয়ন বহীত।

ডাঃ পিংকু নামৰ এজন চিকিৎসকে এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল যদিও লক্ষণীয় ভাৱে সেইদিনা তেওঁ কৰ্তব্যত নাছিল। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়ত মৃতদেহটোৰ প্ৰয়োজনীয় কটা মেলা কৰ্তব্যত থকা চাফাই কৰ্মী সকলে কৰে যদিও এই মৰণোত্তৰ পৰীক্ষাত হেনো কটা মেলা এজন ফৰেঞ্চিক মেডিচিন বিভাগত কৰ্মৰত চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে কৰিছিল।

সেই সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে দায়িত্বত থকা চিকিৎসক, চিকিৎসা কৰ্মী সকলে মৃতদেহ অনা কোনো এম্বুলেঞ্চৰ উপস্থিতি গম নাপালে। তেতিয়াই প্ৰশ্ন হ'ল আচলতে মৰণোত্তৰ পৰীক্ষা সঁচাকৈয়ে কৰা হৈছিলনে?

যি ঠিকনাৰ ব্যক্তিজন পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কোৱা হৈছিল সেই গাঁওখনৰ গাঁওবুঢ়া জনৰ সৈতে যোগোযোগ কৰা হ'ল। তেওঁক জনালে একেই নামৰ ব্যক্তি এজনৰ প্ৰায় ২ বছৰৰ পূৰ্বে মৃত্যু হৈছে।

পুনৰ তেওঁ ক'লে আন এজন লোকৰো মৃত্যু কিছুদিন পূৰ্বে হৈছে। সেই লোকজনৰ নামো ইজাৰ আলী আৰু তেওঁৰ পিতৃৰ নামো একেই। এই সমগ্ৰ কাণ্ডই বহু ৰহস্য আৰু সন্দেহ সৃষ্টি কৰে এই কাৰণেই যে জীৱন বীমা আৰু পথ দুৰ্ঘটনাৰ বীমা ধন হস্তগত কৰিবলৈ এক চক্ৰই দীৰ্ঘদিন ধৰি এনে কিছু অনিয়ন মৰণোত্তৰ পৰীক্ষাৰ নামত সংঘটিত কৰি আহিছে।

মৰ্গত কৰ্তব্য সম্পাদন কৰিবলৈ নিৰ্দিষ্ট চাফাই কৰ্মী(চুইপাৰ) থকাৰ পাছতো কিহৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মৃতদেহ কাটিব লগা হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন। আনহাতে নিৰ্দিষ্ট কৰ্তব্যৰত চিকিৎসক উপস্থিত থকাৰ পাছত আন এজন চিকিৎসকে এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাতো নিসন্দেহে সন্দেহ কৰিবলগীয়া বিষয়।

ৰাজ্যত জীৱন বীমাৰ টকা ভুৱা মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ তথ্য দাখিলেৰে এক চক্ৰই উলিয়াই কেলেংকাৰী সংঘটিত কৰি আহিছে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এনে এক নেক্সাস পোহৰলৈ আহিছিল। আটক হৈছিল চিকিৎসক আৰু এই চক্ৰৰ সৈতে মিলি থকা একাংশ লোক।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৩ ডিচেম্বৰ ২০২২ ত সংঘটিত এই সন্দেহজনক মৰণোত্তৰ পৰীক্ষাক লৈ এতিয়া তেনে প্ৰশ্নই অৱতাৰণা হৈছে। যদি সঁচাকৈয়ে উল্লেখিত লোকজনৰ মৰণোত্তৰ পৰীক্ষা নীতি নিয়ম অনুসৰি সম্পন্ন হৈছিল তেনেহ'লে যোৱা ২০ টা দিনে সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কিয় জমা দিয়া হোৱা নাই।

ধুলা কাণ্ডৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ নামত কি ধৰণৰ বেমেজালি আৰু অৱহেলা চিকিৎসক আৰু আৰক্ষী মিলি সম্পন্ন কৰে সেয়া পোহৰলৈ আহিছিল। মুখ্যমন্ত্ৰীয়ে লোৱা কঠোৰ পদক্ষেপৰ পাছত আৰক্ষী অধীক্ষক, চিকিৎসক, আৰক্ষী তদন্তকাৰী বিষয়া জেললৈ যাব লগা হৈছিল।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে এসপ্তাহৰ ভিতৰত ভুক্তভোগীৰ ঘৰত গৈ দি আহিব। কিন্তু ১৩ ডিচেম্বৰ ২০২২ত সংঘটিত এই কাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজিলৈকে দাখিল কৰা হোৱা নাই।

সংশ্লিষ্ট চিকিৎসক জনক ফৰেঞ্চিক মেডিচিন বিভাগৰ মুৰব্বীৰ দায়িত্বত থকা অধ্যাপক গৰাকীয়ে বাৰে বাৰে কোৱাৰ পাছতো প্ৰতিবেদনৰ চূড়ান্ত তথ্য দাখিল কৰা নাই। আৰক্ষীৰ উপযুক্ত অনুসন্ধানতহে এই সমগ্ৰ কাণ্ডৰ আচল ৰহস্য পোহৰলৈ আহিব।

মহানগৰ আৰক্ষীয়ে প্ৰকৃত সত্য় নিৰূপনৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে এই অনিয়মেৰে জড়িত সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থ গ্ৰহণ নকৰি তেওঁলোকক এনেদৰেই এইবোৰ কাণ্ড চলাই যোৱাৰ বাবে উৎসাহিত কৰি যাব।

অপৰাধ অনুসন্ধান শাখাই বিষয়টো উপযুক্ত তদন্ত কৰিলে এক বৃহৎ চক্ৰৰ উৎখাত হোৱাৰ সম্ভাৱণা আছে।যদি সঁচাকৈয়ে এই লোকজনৰ মৃত্যু হৈছিল পথ দুৰ্ঘটনাত তেনে লোকজনক ক'ত কবৰ দিয়া হৈছে তাৰো অনুসন্ধন হ'ব লাগে।

প্ৰয়োজনত সেই মৃতদেহ খান্দি উলিয়াই ডি এন এ পৰীক্ষা কৰিলে সকলো কথা পোহৰলৈ আহিব। মৃত্যুৰ নামতো এতিয়া কোটি কোটি টকাৰ ব্যৱসায় চলিছে। জীৱন বীমা আৰু পথ দুৰ্ঘটনাত লাভ কৰা টকাৰ বাবে এটা চক্ৰই সকলো নথি পত্ৰ জাল কৰি বছৰি ৫০০ কোটিৰো অধিক টকা সৰকাই আছে উত্তৰ-পূৰ্বাঞ্চলত। এয়া অতিকৈ চিন্তনীয় বিষয়।

আৰু পঢ়ক: বিধায়ক ৰূপক শৰ্মাৰ বাহনত ট্ৰাকৰ খুন্দা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in