উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি

আদালতে অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ শুনানি পৃথকে পৃথকে গ্ৰহণ কৰিব

ডিজিটেল ডেস্ক : বিভিন্ন পক্ষৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইন (কা) সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰিব আদালতে। বিভিন্ন পক্ষৰ শুনানি গ্ৰহণ কৰিব যদিও আদালতে অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ শুনানি পৃথকে পৃথকে গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ নেতৃত্বত ৩জনীয়া বিচাৰপীঠে 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰিব। এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৯ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত শুনানি গ্রহণ কৰা হৈছিল।  

অসমত কা-ৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, এজেৱাইচিপি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ লগতে অসম তথা উত্তৰ-পূবৰ কেইবাটাও দল-সংগঠনে। 

উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় গোচৰৰ শুনানি
লখিমপুৰৰ বিজয় সংকল্প সভাত উপস্থিত থাকিব গৃহ মন্ত্ৰী অমিত শ্বাহ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in