লখিমপুৰৰ বিজয় সংকল্প সভাত উপস্থিত থাকিব গৃহ মন্ত্ৰী অমিত শ্বাহ

তিনিচুকীয়াত আয়োজিত বিজয় সংকল্প যাত্ৰাতো অংশ ল'ব অমিত শ্বাহে

author-image
Asomiya Pratidin
New Update
বিজেপিৰ বিজয় সংকল্প সমাৰোহত উপস্থিত অমিত শ্বাহ…

ডিজিটেল ডেস্ক : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। লখিমপুৰত বিজেপিৰ বিজয় সংকল্প সভা আৰু তিনিচুকীয়াৰ বিজয় সংকল্প যাত্ৰা নামৰে আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Advertisment

মঙলবাৰে দুুপৰীয়া ১-০০ বজাত লখিমপুৰত আয়োজিত বিজয় সংকল্প নিৰ্বাচনী সভাত উপস্থিত থাকিব শ্বাহ। লখিমপুৰৰ কাৰ্য্যসূচী সামৰিয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাওনা হ'ব তিনিচুকীয়ালৈ। জিলাখনত বিজয় সংকল্প যাত্ৰা নামেৰে আয়োজন কৰা বিশাল ৰোড শ্ব'ত ভাগ ল'ব অমিত শ্বাহে

চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ হ'ব এই বিজয় সংকল্প যাত্ৰা নামৰ ৰোড শ্ব'। অমিত শ্বাহ অহাৰ প্ৰাকক্ষণত ইতিমধ্যে দুয়োখন সভাস্থলীয়ে সাজু হৈ উঠা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি অমিত শ্বাহক আদৰাৰ বাবে দলীয় নেতা-কৰ্মীসকল উঠি-পৰি লগা পৰিলক্ষিত হৈছে।

Also Read: কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে চেন্নাইৰ সহজ জয়লাভ : মেচৰ শ্ৰেষ্ঠ ৰবীন্দ্ৰ জাডেজা

amit shah bjp election2024 LOKSABHA 2024 himanta biswa sarma