ফাঁচি নহয়, ভাৰতত সলনি হ'ব মৃত্যুদণ্ডৰ পদ্ধতি !

ফাঁচি নহয়, ভাৰতত সলনি হ'ব মৃত্যুদণ্ডৰ পদ্ধতি !
ফাঁচি নহয়, ভাৰতত সলনি হ'ব মৃত্যুদণ্ডৰ পদ্ধতি !

ডিজিটেল ডেস্কঃ কোনো অপৰাধীক ভাৰতীয় আইনী বিচাৰ প্ৰক্ৰিয়াই মৃত্যুৰ ৰায় প্ৰদান কৰিলে অপৰাধীজনক ফাঁচি দি মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’য় ৷ যি অতিকৈ বেদনাদায়ক ৷ এই লৈ মঙলবাৰৰ দিনটোত উচ্চতম ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰে ৷

শুনানিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক বিষয়টোৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীক কম কষ্টৰে মৃত্যুদণ্ড বিহিব পৰা যাই নেকি এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ কেন্দ্ৰক চিন্তা- চৰ্চা কৰিবলৈ আদেশ দিছে ৷

আদালতে বিষয়টোৰ সন্দৰ্ভত অধিক আলোচনা কৰিবলৈ বিশেষজ্ঞৰ পেনেল গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ অধিবক্তা ঋষি মালহোত্ৰাই কয় যে, এইদৰে মৃত্যু বিহা প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিষ্ঠুৰ ৷ মালহোত্ৰাই এনেদৰে আদালতত মন্তব্য কৰা লগে লগেই মুখ্য নায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, এয়া বিবেচনা কৰা হ’ব ৷

ইয়াৰ বাবে গঠন কৰা হ’ব এখন কমিটি ৷ আৰু এই সন্দৰ্ভত বৈজ্ঞানিক তথ্য যুগুত কৰা হ’ব ৷ এই লৈ ২ মে’ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব ৷ পৰৱৰ্তীৰ শুনানিৰ পিছতেই বিচাৰকে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

ন্যায়াধীশ পি এছ নৰসিংহই কয় যে, কম বেদনাৰ জৰিয়তে মৃত্যুৰ দিয়াৰ যি বিকল্পৰ কথা আলোচনা কৰা হৈছে সেইসমূহ প্ৰায় একেই বেদনাদায়ক বুলি বিবেচিত হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা গৈছিল যে মাৰাত্মক বেজীৰ দ্বাৰা দিয়া মৃত্যুও কষ্টকৰ ৷

লগতে মুখ্য ন্যায়াধীশে কয় যে, মাৰাত্মক বেজীও মৃত্যুৰ বাবে বেদনাদায়ক। গুলিয়াই মৃত্যু বিহা কথা ক'বলৈ গ'লে, ইয়ে মানৱ অধিকাৰৰ উলংঘন কৰে ৷ তদুপৰি বিচাৰকসকলে মাৰাত্মক বেজীত কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হ'ব তাৰ ওপৰত গৱেষণাৰ বাবেও আহ্বান জনাইছে ৷

তেওঁ কয় যে, যদিহে ফাঁচিতকৈ কম কষ্টৰ মৃত্যুৰ পন্থা অৱলম্বন কৰা হয় তেনেহ’লে ফাঁচি দি মৃত্যু বিহাটোও অসাংবিধানিক হৈ পৰিব ৷

ফাঁচি নহয়, ভাৰতত সলনি হ'ব মৃত্যুদণ্ডৰ পদ্ধতি !
বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ গ্ৰহণঃ বিৰোধিৰ সদন ত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in