বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ গ্ৰহণঃ বিৰোধিৰ সদন ত্যাগ

বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ গ্ৰহণঃ বিৰোধিৰ সদন ত্যাগ
বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ গ্ৰহণঃ বিৰোধিৰ সদন ত্যাগ

ডিজিটেল ডেস্কঃ অসম বিধানসভাত বি বি চিৰ বহু বিতৰ্কিত প্ৰধানমন্ত্ৰী মোডীৰে সম্পৰ্কৃত তথ্যচিত্ৰৰ বিৰুদ্ধে সংকল্প প্ৰস্তাৱ গ্ৰহণ। বিৰোধিৰ বিৰোধিতা স্বত্বেও বিধানসভাত গৃহীত হয় এই সংকল্প প্ৰস্তাৱ।

ফলত সদন ত্যাগ কৰে বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফে। ইফালে বহু বিতৰ্কিত এই তথ্যচিত্ৰখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, যিখন খণ্ডপীঠত ন্যায়াধীশ এ এন খান আছিল, ন্যায়াধীশ দীনেশ মহেশ্বৰী আছিল,ন্যায়াধীশ চি টি ৰবিকুমাৰ আছিল তেখেতসকলৰ অকল ৪৫০ পৃষ্ঠাৰ যি ৰায় আছিল, সেই ৰায়ত নৰেন্দ্ৰ মোডী ডাঙৰীয়াক ক্লিনছিট দিয়াই নহয়, তেওঁলোকে এখোজ আগুৱাই গৈ কৈছিল ইয়াত কোনো ধৰণে নৰেন্দ্ৰ মোডী বা সেই সময়ৰ গুজৰাটৰ ৰাজ্য চৰকাৰৰ লগত জড়িত থকা যিবোৰ অভিযোগ আছিল সকলো মিছা। বৰঞ্চ এই ৰায়ে কেইবাটও এন জি অ' আৰু বিৰোধী ৰাজনৈতিক দলক সমালচনা কৰিছিল।

তেওঁ পুনৰ কয়, উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া খণ্ডপীঠে গোটেই বিষয়টো সামৰণি মৰাৰ পিছত এই তথ্যচিত্ৰখন বি বি চিয়ে প্ৰচাৰ কৰে। আৰু এই তথ্যচিত্ৰখনৰ প্ৰচাৰৰ সময় আছিল যেতিয়া ভাৰতে জি-২০ ৰ অধ্যক্ষতা কৰিবলৈ আগবাঢ়ি আহিছিল। জি-২০ৰ লগত অসমো ক'ৰবাত নহয় ক'ৰবাত জড়িত। কিয়নো জি-২০ ৰ ৫ খনকৈ বৈঠক অসমত অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল।

তেওঁ কয়, ভাৰতে আজি পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি লাভ কৰিছে। এয়া নৰেন্দ্ৰ মোডীৰ নহয়, ভাৰতৰে গৌৰৱৰ কথা। উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোত ৰায় দিয়াৰ পাছত বি বি চিয়ে কিয় এই তথ্যচিত্ৰখন প্ৰচাৰ কৰিলে?

এনেবোৰ বিষয় উত্থাপনেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত বি বি চিৰ তথ্যচিত্ৰখনৰ বিৰুদ্ধে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। ইফালে এই প্ৰস্তাৱৰ বিৰোধিতাৰে অসম বিধানসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই কয়, ২০১৩ চনত নৰেন্দ্ৰ মোডীয়ে বি বি চিক আটাইতকৈ বিশ্বাসযোগ্য সংবাদ মাধ্যম হিচাপে প্ৰতিষ্ঠিত কৰিছিল।

তেওঁ কয়, ২০১০ চনত এই বি বি চিয়ে ১৯৮৪ চনত 'এ শিখ ষ্টৰী' নামৰ তথ্যচিত্ৰ প্ৰচাৰ কৰিছিল। তথ্যচিত্ৰখনত ১৯৮৪ ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত কেনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰ তথ্যখিনি দাঙি ধৰিছিল।

আৰু এইখিনি কৰিছিল সেই ঘটনাৰ ২৬ বছৰ পিছত। ১৯৮৪ চনৰ ঘটনালৈ ২৬ বছৰ পিছত ২০১০ ত তথ্যচিত্ৰ প্ৰচাৰ কৰিলে আৰু ২০১৩ চনত সেই সময়ৰ চৰকাৰে এই তথ্যচিত্ৰখনত বেয়া কথা আছে বা ভুল তথ্য আছে বুলি বন্ধ কৰা নাছিল। যদিও সেই সময়ত কংগ্ৰেছৰেই চৰকাৰ আছিল।

সেই সময়ত মোডী ডাঙৰীয়াই বি বি চিক প্ৰশংসা কৰিছিল। আৰু এয়া সম্ভৱ হোৱাৰ কাৰণ আছিল সেই সময়ৰ চৰকাৰে সত্যৰ সন্মুখীন হ'বলৈ সাহস কৰিছিল। এতিয়া সংবাদ প্ৰতিষ্ঠানে চৰকাৰ বিৰোধী বাতৰি পৰিৱেশন কৰিলে কিয় এনে বাতৰি প্ৰকাশ কৰিছে বুলি ই ডি, চি বি আই এইবোৰ লগাবলৈ যত্ন কৰাৰ দৰে সেই সময়ৰ চৰকাৰে চেষ্টা কৰা নাছিল।

তেওঁ কয়, ১৯৮৪ ৰ ঘটনাৰ পিছত কংগ্ৰেছে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু এজন শিখক দেশৰ প্ৰধানমন্ত্ৰী পাতিছে। কিন্তু এতিয়াৰ চৰকাৰে বিশেষ সম্প্ৰদায়ৰ এজন সাংসদো নিৰ্বাচন কৰা নাই।যদিও সকলো সম্প্ৰদায়ৰ লোক ভাৰতত আছে।

বিধায়ক শইকীয়াই প্ৰসংগক্ৰমে বিশ্বৰ প্ৰেছ ইনডেক্সত ভাৰতৰ স্থান অৱনমিত হোৱাৰ কথা উল্লেখ কৰি ভাৰতে বিশ্বগুৰু হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত এখন তথ্যচিত্ৰক লৈ কিয় হস্তক্ষেপ কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ আন আন প্ৰসংগৰে বিষয়টো বিধানসভাত আলোচনাৰ অনুমতি দিব নালাগে বুলি মন্তব্য কৰে।

বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ গ্ৰহণঃ বিৰোধিৰ সদন ত্যাগ
ভাগ্য ফুলিলঃ অসমৰ যুৱকে কেৰালাত লাভ কৰিলে ১০ কোটি টকাৰ লটাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in